কেবিনেট

জৈৱপ্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু ফিনলেণ্ডৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 06 FEB 2019 9:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ফিনলেণ্ডৰ মাজত হোৱা জৈৱপ্ৰযুক্তিৰ পাৰস্পৰিক আগ্ৰহৰ বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷ ইয়াৰ দ্বাৰা জৈৱপ্ৰযুক্তিৰ ক্ষেত্ৰখনত পুঁজি আৱণ্টন, অভিলাসী ঔদ্যোগিক উদ্ভাৱন আৰু বিকাশৰ ক্ষেত্ৰত সহায়ক হব৷

লাভঃ

এই বুজাবুজিৰ চুক্তিপত্ৰখনে ভাৰত আৰু ফিনলেণ্ডৰ সংস্থাসমূহৰ মাজত দীৰ্ঘদিনীয়া গৱেষণা, বিকাশ আৰু উদ্ভাৱনৰ সহযোগিতাৰ ক্ষেত্ৰখনক শক্তিশালী কৰিব৷ দুয়োখন দেশে বিশ্বমানৰ উদ্ভাৱনৰ দ্বাৰা নিজকে উপকৃত কৰিবলৈ সক্ষম হব৷ তাৰোপৰি ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত বৈজ্ঞানিক, গৱেষক আৰু উদ্যোগসমূহৰ মাজত জ্ঞানৰ বিনিময়তো সহায় হব৷

পৃষ্ঠভূমিঃ

এই বুজাবুজিৰ চুক্তিপত্ৰখন ফিনলেণ্ড গণৰাজ্য আৰু ভাৰতৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ২৫ মাৰ্চ ২০০৮ তাৰিখে হেলছিংকিত হোৱা স্বাক্ষৰিত সহযোগিতা অনুসৰি সম্পন্ন হৈছিল৷

 

 

AKT/SNC/SH/MANN



(Release ID: 1563501) Visitor Counter : 71