কেবিনেট

গো-মাতা আৰু ইয়াৰ পো-পোৱালিসমূহৰ সংৰক্ষণ, নিৰাপত্তা আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় কামধেনু আয়োগ স্থাপনত কেবিনেটৰ অনুমোদন

Posted On: 06 FEB 2019 9:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গো-মাতা আৰু ইয়াৰ পো-পোৱালিসমূহৰ সংৰক্ষণ, নিৰাপত্তা আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় কামধেনু আয়োগ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷

প্ৰভাৱঃ

ৰাষ্ট্ৰীয় কামধেনু আয়োগ স্থাপনে থলুৱা গৰুৰ উন্নয়ন আৰু সংৰক্ষণকে ধৰি দেশত গৰুৰ সংখ্যাৰ সংৰক্ষণ, নিৰাপত্তা আৰু উন্নয়নত সহায় কৰিব৷

ইয়াৰ ফলত পশুপালন খণ্ডই বিকাশ লাভ কৰাৰ লগতে মহিলা আৰু ক্ষুদ্ৰ তথা প্ৰান্তীয় কৃষকসকল উপকৃত হব৷

ৰাষ্ট্ৰীয় কামধেনু আয়োগে পশু চিকিৎসালয়, পশু বিজ্ঞান অথবা কৃষি বিশ্ববিদ্যালয় বা কেন্দ্ৰীয়/ৰাজ্য চৰকাৰৰ বিভাগ বা ইয়াৰ দ্বাৰা নিয়োজিত সংস্থাৰ সৈতে গো-মাতাৰ প্ৰজনন আৰু পালন, জৈৱিক সাৰ, জৈৱ গেছ ইত্যাদিৰ গৱেষণামূলক দিশত সহযোগিতাৰে কাম কৰিব৷

পটভূমিঃ

গো-মাতা আৰু ইয়াৰ পো-পোৱালিসমূহৰ সংৰক্ষণ, নিৰাপত্তা আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় কামধেনু আয়োগ স্থাপনৰ লক্ষ্য হৈছে দেশত গো-মাতাৰ প্ৰতি কল্যানৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত নীতিগত কাঠামো আৰু নিৰ্দেশনা আগবঢ়োৱা, যাতে এই আইনৰ উপযুক্ত বলবৎ হোৱাটো সুনিশ্চিত কৰে৷ উল্লেখ্য যে ২০১৯-২০২০ৰ কেন্দ্ৰীয় বাজেটতো এই আয়োগ গঠনৰ কথা ঘোষণা কৰা হৈছে৷

AKT/SNC/SH/DB



(Release ID: 1563245) Visitor Counter : 68