প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সুভাষ চন্দ্ৰ বসুক সোঁৱৰণ- লালকিল্লাত প্ৰধানমন্ত্ৰীৰ সুভাষ চন্দ্ৰ বসু সংগ্ৰহালয় মুকলি প্ৰধানমন্ত্ৰীৰ দিল্লীৰ য়াদ-এ-জালিয়ান সংগ্ৰহালয়, ১৮৫৭ চনৰ সংগ্ৰহালয় আৰু দৃশ্যকলা সংগ্ৰহালয় পৰিদৰ্শন চাৰিও সংগ্ৰহালয়ক ক্ৰান্তি মন্দিৰ হিচাপে নামাকৰণ

Posted On: 23 JAN 2019 1:46PM by PIB Guwahati

স্বাধীনতা যুদ্ধৰ নায়কসকলক সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুষ্পাঞ্জলি জ্ঞাপন কৰে আৰু লালকিল্লাত সুভাষ চন্দ্ৰ বসুৰ ১২২তম জন্ম বাৰ্ষিকী উপলক্ষে এটা সংগ্ৰহালয় মুকলি কৰে৷

তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় ৰাষ্ট্ৰীয় আৰ্মীৰ সংগ্ৰহালয় পৰিদৰ্শন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীত তেওঁৰ প্ৰতি শিৰ দোৱাইছো৷ তেওঁ আছিল এনে এক নিষ্ঠাৱান কৰ্মী যি ভাৰতক মুক্ত কৰি সন্মানীয় জীৱন প্ৰদানৰ দিশত অগ্ৰসৰ হৈছিল৷ আমি তেওঁৰ আদৰ্শ পূৰণ কৰাৰ বাবে তথা শক্তিশালী ভাৰত গঢ়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷’’ তেওঁ কয় যে সংগ্ৰহালয়ৰ দেৱালে দেৱালে ইতিহাস বিজড়িত হৈ আছে৷ এই ভৱনত ভাৰতৰ বীৰ সন্তান কৰ্ণেল প্ৰেম ছেহগল, কৰ্ণেল গুৰবক্স সিং ধিলিয়ন আৰু মেজৰ জেনেৰেল শ্বাহ নৱাজ খানক ঔপনিৱেশিক চক্ৰই বিচাৰৰ কাঠগড়াত থিয় কৰোৱাইছিল৷ তেওঁ সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় ৰাষ্ট্ৰীয় আৰ্মীৰ ইতিহাসৰ সৈতে জড়িত আলোকচিত্ৰসমূহ দৰ্শন কৰে৷ তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে নেতাজী আৰু আইএনএৰ সৈতে জড়িত শিল্পসমূহ যেনে কাঠৰ চকী, নেতাজীৰ তৰোৱাল, মেডেল, বেজ আৰু আইএনএৰ ইউনিফৰ্মো পৰিদৰ্শন কৰে৷

প্ৰধানমন্ত্ৰীয়ে য়াদ--জালিয়ান সংগ্ৰহালয়ত জালিয়ানাৱালাবাগ নৰসংহাৰৰ সৈতে জড়িত আলোকচিত্ৰ, চিত্ৰকলা আৰু বাতৰিকাকতৰ নমুনাসমূহ প্ৰত্যক্ষ কৰে৷ এই সংগ্ৰহালয়ত ১৯১৯ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত সংঘটিত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ সৈতে বিজড়িত ইতিহাস প্ৰদৰ্শিত কৰা হৈছে৷

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতাৰ প্ৰথমখন যুদ্ধ-১৮৫৭ চনৰ সংগ্ৰহালয় পৰিদৰ্শন কৰে৷ এই সংগ্ৰহালয়ত আমাৰ স্বাধীনতা সেনানীসকলৰ ত্যাগৰ নিদৰ্শন প্ৰদৰ্শিত কৰা হৈছে৷

সেই একেটা স্থানতে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় কলাৰ প্ৰদৰ্শনী দৃশ্যকলা- সংগ্ৰহালয় পৰিদৰ্শন কৰে৷ তেওঁ কয়, ‘‘গুৰুদেৱ ঠাকুৰৰ কৰ্মসমূহ দৃশ্যকলাত দৰ্শন কৰিবলৈ পোৱাটো কলা প্ৰেমীসকলৰ বাবে আনন্দৰ কথা৷ আমি গুৰুদেৱক লিখক হিচাপে জানিলেও তেওঁ চিত্ৰকলাতো সিদ্ধহস্ত আছিল৷ তেওঁ বিভিন্ন বিষয়ৰ চিত্ৰকলা প্ৰস্তুত কৰিছিল৷ গুৰুদেৱৰ কৰ্মসমূহ আন্তৰ্জাতিকভাৱেও প্ৰদৰ্শিত কৰা হৈছিল৷’’ তেওঁ এইবুলিও টুইট কৰে, ‘‘মই কলা প্ৰেমীসকলক দৃশ্যকলা পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছো যত আপোনালোকে ভাৰতীয় কলা আৰু সংস্কৃতিৰ সুন্দৰ সম্ভেদ পাব৷ বিভিন্ন প্ৰখ্যাত শিল্পী যেনে ৰাজা ৰবি বাৰ্মা, গুৰুদেৱ ঠাকুৰ, অমৃতা-শ্বেৰ-গিল, অৱনীন্দ্ৰনাথ ঠাকুৰ, নন্দলাল বসু, গগনেন্দ্ৰনাথ ঠাকুৰ, শৈলজা মুখাৰ্জী আৰু যামিনী ৰয়ৰ শিল্পসমূহো ইয়াত সন্নিৱিষ্ট কৰা হৈছে৷’’

এই সংগ্ৰহালয়সমূহ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সমৃদ্ধ ইতিহাসজড়িত এই চাৰিটা সংগ্ৰহালয় মুকলি কৰাটো অতিশয় সুখৰ ঘটনা৷ এই চাৰিওটা সংগ্ৰহালয়ক একেলগে ক্ৰান্তি মন্দিৰ নাম দিয়া হৈছে৷

ক্ৰান্তি মন্দিৰ আমাৰ স্বাধীনতা সেনানীসকলৰ সাহসৰ প্ৰতীকস্বৰূপ৷ স্বাধীনতা দিৱসৰ প্ৰাক্ মুহূৰ্তত ইয়াৰ জৰিয়তে আমি আমাৰ ইতিহাসৰ সৈতে জড়িত হব পাৰিম আৰু তৰুণ প্ৰজন্ম তথা নাগৰিকসকলৰ মাজত দেশপ্ৰেমৰ ভাৱনাও জাগ্ৰত হব৷    

 

***

AKT/AK/MANN



(Release ID: 1562224) Visitor Counter : 99