প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে আহমেদাবাদ শ্ব’পিং ফেষ্টিভেল ২০১৯

Posted On: 17 JAN 2019 9:20PM by PIB Guwahati

দেশত ব্যৱসায় কৰাৰ বাবে এক সুচল পৰিৱেশ সৃষ্টি কৰাৰ বাবে চৰকাৰে অহৰহ চেষ্টা অব্যাহত ৰাখিছে, এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত আয়োজন কৰা আহমেদাবাদ শ্বপিং ফেষ্টিভেল ২০১৯ আনুষ্ঠানিকভাৱে মুকলি কৰে সমগ্ৰ গুজৰাটৰ পদপথৰ পোহাৰীৰ পৰা আৰম্ভ কৰি শ্বপিং মললৈ, শিল্প-কলাৰ পৰা আৰম্ভ কৰি হোটেল-ৰেষ্টুৰেণ্ট সংযোগী ব্যৱসায়, সকলো আহিছে এই ফেষ্টিভেললৈ, উদ্দেশ্য একেটাই, তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ উপস্থাপন, প্ৰদৰ্শন আৰু প্ৰসাৰ ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হেতুকেই এই ফেষ্টিভেলে বিশেষ গুৰুত্ব বহন কৰিছে।

 

এই সন্দৰ্ভতে আয়োজন কৰা এক ৰাজহুৱা সভাতো প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোৰ ভূয়সী প্ৰসংশা কৰি তেওঁ কয়, “সাধাৰণতে এনেধৰণৰ বিশাল সন্মিলন আমি বিদেশতহে দেখিবলৈ পাওঁ। এতিয়া ভাইব্ৰেণ্ট গুজৰাটৰ লগতে আহমেদাবাদ শ্ব’পিং ফেষ্টিভেল এইক্ষেত্ৰত প্ৰসংশনীয় পদক্ষেপ।”

 

প্ৰধামন্ত্ৰীয়ে লগতে কয়, “দেশত ব্যৱসায় কৰাৰ এক সুচল পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰখনে অহৰহ চেষ্টা কৰি আহিছে। বিগত ৪ টা বৰ্ষত ভালেমান পুৰণি নিয়ম কানুন সালসলনি কৰা হৈছে আৰু কেবাশ নতুন নিয়ম-নীতিৰে পৰিৱেশ সহজসাধ্য কৰি তোলা হৈছে। এনেবোৰ প্ৰয়াসৰ ফলতেই দেশত ব্যৱসায় কৰাৰ সুচলতাৰ দিশেৰে আমি ১৪২ নং ৰেংকিংৰ পৰা উত্তৰণ ঘটাই বৰ্তমান ৭৭ ত উপনীত হৈছো।” প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে প্ৰক্ৰিয়াসমূহ সৰল কৰি তোলাৰ ক্ষেত্ৰত আমি ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছো। জিএছটি আৰু অন্যান্য ৰিটাৰ্ণৰ ভিত্তিত ক্ষুদ্ৰ উদ্যোগীসকলে যাতে বেংকৰ ঋণ লাভ কৰিব পাৰে তেনে এক পৰিৱেশ গঢ়ি তোলাৰ বাবে আমি কাম কৰি আছো। ইয়াৰ বাবে আমি ইতিমধ্যেই মাত্ৰ ৫৯ মিনিটতেই এক কোটি টকা পৰ্যন্ত ঋণ মোকলাইয়ো দিছো।”

 

আজি এই অনুষ্ঠানৰ প্ৰাকক্ষণত, প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত অনুষ্ঠিত মহাত্মা মন্দিৰ প্ৰদৰ্শনী তথা সন্মিলন কেন্দ্ৰত ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল বাণিজ্য মেলাও মুকলি কৰে। ইয়াৰ লগতে, ১৮ জানুৱাৰীৰ পৰা অহা ২০ জানুৱাৰীলৈ গান্ধীনগৰতে আয়োজন কৰা হৈছে ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ ৯ম সংস্কৰণ। এই বিনিয়োগ সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ উদ্যোগসমূহৰ নেতৃবৃন্দই ভাগ ল’ব। এই ছামিটৰে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

*****

 

AKT/ VJ/SKS/RD



(Release ID: 1560919) Visitor Counter : 37