কেবিনেট
প্ৰধানমন্ত্ৰী-জন আৰোগ্য যোজনাৰ সুচাৰু প্ৰণয়নৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাক ‘‘ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ’’ হিচাপে পুনৰ গঠনত কেবিনেটৰ অনুমোদন প্ৰদান
পোষ্ট কৰা হৈছে:
02 JAN 2019 5:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী-জন আৰোগ্য যোজনা (পিএম-জেএৱাই)ৰ সফল প্ৰণয়নৰ বাবে বিদ্যমান ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাক ‘‘ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ’’ হিচাপে পুনৰ গঠন প্ৰক্ৰিয়াত অনুমোদন প্ৰদান কৰিছে৷
এই অনুমোদনৰ দ্বাৰা বিদ্যমান ছ’চাইটি ‘‘ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা’’ ভংগ কৰি স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সংলগ্ন ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ দ্বাৰা পুনঃ প্ৰতিষ্ঠাপন কৰা হ’ব৷
বিদ্যমান মাল্টি-টায়াৰ সিদ্ধান্ত নিৰ্মাণ গাঁথনি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত চৰকাৰী ব’ৰ্ডৰ সৈতে পুনঃ প্ৰতিষ্ঠাপিত হ’ব৷ ইয়াৰ দ্বাৰা এই আঁচনি সফল প্ৰণয়নৰ বাবে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া দ্ৰুত কৰি তুলিব৷ এই চৰকাৰী ব’ৰ্ডত চৰকাৰ, বিভাগীয় বিশেষজ্ঞ ইত্যাদি অন্তৰ্ভুক্ত থাকিব৷ তাৰোপৰি ৰাজ্যসমূহেও চক্ৰীয় পদ্ধতিত চৰকাৰী ব’ৰ্ডখনত প্ৰতিনিধিত্ব কৰিব৷
ইয়াৰ বাবে কোনো পুঁজিৰ আৱণ্টন দিয়া হোৱা নাই৷ বিদ্যমান বাজেট পূৰ্বতে ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ কেবিনেটৰ দ্বাৰা অনুমোদিত হৈছিল আৰু এই ব্যয়ৰ সৈতে সম্বন্ধীয় তথ্য প্ৰযুক্তি, মানৱ সংসাধন, আন্তঃগাঁথনি, কাৰ্য প্ৰণয়নৰ ব্যয় ইত্যাদি প্ৰস্তাৱিত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ দ্বাৰা ব্যৱহৃত হ’ব৷
ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণক পিএম-জেএৱাই কাৰ্যকৰী তথা স্বচ্ছ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰে প্ৰণয়ন কৰিবলৈ সম্পূৰ্ণ অধিকাৰ আৰু দায়িত্ব প্ৰদানৰ বাবে পৰিকল্পনা কৰা হৈছে৷
*****
AKT/SH/MANN
(ৰিলিজ আই ডি : 1559522)
অতিথি কক্ষ : 99