কেবিনেট

ভাৰত আৰু ডেনমাৰ্কৰ মাজত সামুদ্ৰিক বিষয়ত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 10 JAN 2019 8:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ডেনমাৰ্কৰ মাজত সামুদ্ৰিক বিষয়ত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ বুজাবুজিৰ চুক্তিখন ডেনমাৰ্কৰ ডব্লিউআইপিৰ আগন্তুক(জানুৱাৰী,২০১৯)ভাৰত ভ্ৰমণৰ সময়ছোৱাত স্বাক্ষৰিত হ’ব৷

উপযোগিতাঃ বুজাবুজিৰ চুক্তিখনে উভয় দেশৰ দ্বিপাক্ষিক সহযোগিতাৰ কেইবাটাও দিশ মুকলি কৰিব৷

ভাৰত আৰু ডেনমাৰ্কৰ সামুদ্ৰিক খণ্ডৰ মাজত ক্ৰ’ছ-ব’ৰ্ডাৰ সহযোগিতা আৰু বিনিয়োগৰ সুবিধা উপলব্ধ হ’ব৷

  • উভয় দেশে বিশেষজ্ঞ, তথ্য, পৰিসংখ্যাৰ আদান-প্ৰদানৰ জৰিয়তে পাৰস্পৰিক সক্ষমতা বৃদ্ধি কৰিব পাৰিব৷ সেউজ সামুদ্ৰিক প্ৰযুক্তি আৰু জাহা নিৰ্মাণৰ ক্ষেত্ৰত তথা সামুদ্ৰিক প্ৰশিক্ষণ আৰু শিক্ষাৰ ক্ষেত্ৰতো দুয়োখন দেশ উপকৃত হ’ব৷
  • মাৰ্চেণ্ট ছিপিং আৰু সামুদ্ৰিক পৰিবহণ সম্পৰ্কীয় বিষয়ত গৱেষণা আৰু সহযোগিতা অধিক উন্নত কৰা৷
  • ইয়ে  দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উভয় দেশৰ পাৰস্পৰিক লাভালাভৰ বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰিব৷

AKT/MS



(Release ID: 1559521) Visitor Counter : 70