কেবিনেট

ভাৰত আৰু ফ্ৰান্সৰ মাজত নতুন আৰু নৱীকৰণযোগ্য শক্তি ক্ষেত্ৰত কাৰিকৰী দ্বিপাক্ষিক সহযোগিতাত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 10 JAN 2019 8:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ফ্ৰান্সৰ মাজত নতুন আৰু নৱীকৰণযোগ্য শক্তি ক্ষেত্ৰত কাৰিকৰী দ্বিপাক্ষিক সহযোগিতাত অনুমোদন জনাইছে৷ ২০১৮ৰ ৩ অক্টোবৰত বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হৈছিল৷

বৈশিষ্টঃ নতুন আৰু নৱীকৰণযোগ্য শক্তি ক্ষেত্ৰত কাৰিকৰী দ্বিপাক্ষিক সহযোগিতাক উৎসাহিত আৰু  সম্প্ৰসাৰিত কৰিবলৈ ভাৰত আৰু ফ্ৰান্সে এক সহযোগিতামূলক প্ৰতিষ্ঠানগত সম্পৰ্কৰ ভেটি গঢ়িব বিচাৰে৷ কাৰিকৰী সহযোগিতাই যুটীয়া গৱেষণা কৰ্ম গোট, পাইলট প্ৰজেক্ট, সক্ষমতা বৃদ্ধি কাৰ্যসূচী, শিক্ষামূলক ভ্ৰমণ, অভিজ্ঞতা/নিপুণতা বিনিময় আদি দিশ সাঙুৰি লয়৷

উপযোগিতাঃ 

বুজাবুজিৰ চুক্তিখনে ভাৰত আৰু ফ্ৰান্সৰ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিব৷

AKT/MS


(रिलीज़ आईडी: 1559518) आगंतुक पटल : 110
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada