কেবিনেট

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত তামিলনাডু আৰু তেলেংগনাত দুখন নতুন এইমছ স্থাপনত কেবিনেটৰ অনুমোদন

Posted On: 17 DEC 2018 8:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে তামিলনাডুৰ মাডুৰাইত ১,২৬৪কোটি আৰু তেলেংগনাৰ বিবিনগৰত ১,০২৮ কোটি টকা ব্যয় সাপেক্ষে দুখন নতুন এইমছ স্থাপনত অনুমোদন জনাইছে৷ প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত এইমছ দুখন স্থাপন কৰা হৈছে৷

কেন্দ্ৰীয় কেবিনেটে দুয়োখন এইমছৰ বাবে এগৰাকীকৈ অধ্যক্ষ নিযুক্তিতো অনুমোদন জনায়৷ তেওঁলোকৰ আৰম্ভণি দৰমহা হ’ব ২,২৫,০০০টকা৷  

উপকাৰঃ

প্ৰত্যেক নতুন এইমছত ১০০ এমবিবিএছ আৰু ৬০ বি.এছচি নাৰ্ছৰ আসন সন্নিবিষ্ট হ’ব৷

প্ৰত্যেক নতুন এইমছত ১৫-২০টা ছুপাৰ স্পেচিয়েলিটী বিভাগ থাকিব৷

প্ৰত্যেক নতুন এইমছত প্ৰায় ৭৫০ হস্পিটাল বিছনা উপলব্ধ হ’ব৷

বৰ্তমানৰ কাৰ্যক্ষম এইমছৰ পৰিসংখ্যা অনুসৰি, প্ৰত্যেকখন নতুন এইমছে দৈনিক প্ৰায় ১৫০০ আউটড’ৰ ৰোগী আৰু মাহেকত প্ৰায় ১০০০ ইনড’ৰ ৰোগীক চিকিৎসা সুবিধা আগবঢ়াব৷

প্ৰকল্পৰ সবিশেষঃ

নতুন এইমছৰ সৈতে হস্পিতাল, মেডিকেল আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে শিক্ষা ব্ল’ক, আৱাসিক চৌহদ স্থাপন আৰু আনুসংগিক সা-সুবিধা উপলব্ধ কৰোৱাৰ ব্যৱস্থা জড়িত হৈ আছে৷ নতুন এইমছ স্থাপনৰ লক্ষ্য হ’ল উন্নত মানৰ স্বাস্থ্যসেৱা, চিকিৎসা শিক্ষা, নাৰ্ছিং শিক্ষা আৰু গৱেষণাৰ সুবিধা আগবঢ়োৱা৷

প্ৰস্তাৱিত এইমছত জৰুৰীকালীন/ট্ৰাউমা বেড, আয়ুস বেড, প্ৰাইভেট বেড, আইচিইউ স্পেচিয়েলিটী আৰু ছুপাৰ স্পেচিয়েলিটী বেড সন্নিবিষ্ট এখন ৭৫০ আসনযুক্ত চিকিৎসালয় থাকিব লাগিব৷ তদুপৰি, এখন মেডিকেল কলেজ, আয়ুস ব্ল’ক, প্ৰেক্ষাগৃহ, নৈশ আশ্ৰয়গৃহ, অতিথিশালা, হোষ্টেল আৰু আৱাসিক সুবিধা থকা উচিত৷

তামিলনাডু আৰু তেলেংগনাত নতুন এইমছ স্থাপনৰ বাবে ৪৫ মাহ সময় ধাৰ্য কৰা হৈছে৷ নিৰ্মাণ আৰু পৰিচালনা ব্যয় কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত বহন  কৰিব৷

প্ৰভাৱ:

নতুন এইমছ স্থাপনে কেৱল স্বাস্থ্য শিক্ষা আৰু প্ৰশিক্ষণ ক্ষেত্ৰলৈ পৰিৱৰ্তন কঢ়িয়াই অনাই নহয় ৰাজ্য দুখনত স্বাস্থ্যসেৱা প্ৰ’ফেছনেলৰ অভাৱো দূৰ কৰিব৷ নতুন এইমছে জনসাধাৰণক ছুপাৰ স্পেচিয়েলিটী স্বাস্থ্যসেৱা আগবঢ়োৱাৰ সমান্তৰালকৈ এক বৃহৎ পৰিমাণৰ চিকিৎসক আৰু আন স্বাস্থ্য কৰ্মী সৃষ্টি কৰিব৷

নিয়োগ সৃষ্টিঃ

নতুন এইমছ স্থাপনে উক্ত অঞ্চলৰ প্ৰায় ৩০০০ লোকক ফেকাল্টী অথবা নন-ফেকাল্টী পদত সংস্থাপনৰ সুবিধা দিব৷ নতুন এইমছ স্থাপনৰ লগে লগে শ্ব’পিং চেণ্টাৰ, কেণ্টিন আদিৰ দৰে সেৱাত অপ্ৰত্যক্ষ সংস্থাপনো সৃষ্টি কৰিব৷

পটভূমিঃ

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত তামিলনাডু এইমছ ২০১৫-১৬ বাজেট ভাষণত আৰু বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল৷ একেদৰে ২০১৮ৰ এপ্ৰিলত তেলেংগনাত এইমছ স্থাপনৰ কথা ঘোষণা কৰা হৈছিল৷

****

AKT/SH/MS



(Release ID: 1557186) Visitor Counter : 91