প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব পাৰ্টনাৰ্ছ ফ’ৰাম ২০১৮

Posted On: 11 DEC 2018 12:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ডিচেম্বৰ তাৰিখে নতুন দিল্লীত চতুৰ্থতম পাৰ্টনাৰ্ছ ফৰাম মুকলি কৰিব৷ মাতৃত্ব, নৱজাত আৰু শিশু স্বাস্থ্যৰ বাবে সহযোগিতা (পিএমএনচিএইচ)ৰ সৈতে ভাৰত চৰকাৰে ১২ আৰু ১৩ ডিচেম্বৰ তাৰিখে দুদিনীয়াকৈ আন্তৰ্জাতিক সন্মিলনৰ আয়োজন কৰিছে যত ৮৫খন দেশৰ পৰা ১৫০০ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰি মহিলাৰ স্বাস্থ্য আৰু কল্যাণ, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বিকাশৰ বাবে আলোচনাত মিলিত হব৷ নিমন্ত্ৰিত দেশসমূহ সকলো অঞ্চল আৰু উপাৰ্জন পৰ্যায় তথা শেহতীয়াকৈ প্ৰধান বিশ্বজনীন আৰু আঞ্চলিক পৰ্যায়ত কাম কৰি থকা দেশসমূহৰ পৰা নিৰ্বাচন কৰা হৈছে৷ (যেনেঃ জি৭, জি২০, ব্ৰিকছ ইত্যাদি)

এয়া হল মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্যসম্বন্ধীয় সমস্যাসমূহৰ বহনক্ষম বিশ্বজনীন সমাধানৰ বাবে বহুদেশীয়, বহুধাভিত্তিক ষ্টেকহল্ডাৰৰ চতুৰ্থখন উচ্চ পৰ্যায়ৰ সন্মিলন৷ পাৰ্টনাৰ্ছ ফৰাম অনুষ্ঠিত কৰাৰ বাবে মাতৃত্ব, নৱজাত আৰু শিশু স্বাস্থ্যৰ বাবে সহযোগিতা (পিএমএনচিএইচ), কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জে. পি. নাড্ডা, চিলেৰ প্ৰাক্তন অধ্যক্ষ তথা পিএমএনচিএইচৰ প্ৰাক্তন বৰ্ডৰ মুৰব্বী, প্ৰখ্যাত অভিনেত্ৰী তথা ইউনিচেফৰ গুডউইল এম্বেচাদৰ শ্ৰীমতী প্ৰিয়ংকা চোপ্ৰাসহিতে এক প্ৰতিনিধিৰ দলে ১১ এপ্ৰিল ২০১৮ তাৰিখে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল আৰু প্ৰধানমন্ত্ৰীয়ে সন্তোষেৰে পিএমএনচিএইচ ফৰামৰ পৃষ্ঠপোষক হোৱাৰ বাবে সন্মতি প্ৰদান কৰিছিল৷

পাৰ্টনাৰ্ছ ফৰাম এক বিশ্বজনীন স্বাস্থ্য সহযোগিতা কাৰ্যসূচী যি ২০০৫ চনৰ ছেপ্টেম্বৰ মাহত মুকলি হৈছিল৷ ইয়াৰ জৰিয়তে শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা তথা কিশোৰ-কিশোৰী, শিশু, নৱজাত আৰু প্ৰসূতিৰ স্বাস্থ্য বিকাশ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ এই সহযোগিতাত ৯২খন দেশৰ ১০খন নিৰ্বাচনীয় ক্ষেত্ৰৰ ১,০০০তকৈও অধিক সদস্য; শৈক্ষিক, গৱেষণা আৰু শিক্ষণ প্ৰতিষ্ঠান; দাতব্য সংস্থা; স্বাস্থ্যসেৱাৰ পেছাদাৰী ব্যক্তি; বহুভিত্তিক এজেন্সী; বেচৰকাৰী সংস্থা; সহযোগী দেশ; বিশ্বজনীন বিত্তীয় প্ৰণালী আৰু ব্যক্তিগত সংস্থা অন্তৰ্ভুক্ত আছে৷

পূৰ্বৰ সন্মিলনসমূহ জোহান্সবাৰ্গ, দক্ষিণ আফ্ৰিকা (২০১৪), নতুন দিল্লী, ভাৰত (২০১০) আৰু ডাৰ এছ ছালাম, তানজানিয়া (২০০৭)ত অনুষ্ঠিত হৈছিল৷ এইবাৰৰ সৈতে দ্বিতীয়বাৰলৈ ভাৰতে পাৰ্টনাৰ্ছ ফৰামৰ আয়োজন কৰিছে৷

পিএমএনচিএইচৰ মূল লক্ষ্য হল বহনক্ষম বিকাশৰ লক্ষ্য (এছডিজি)ৰ প্ৰাপ্তিৰ বাবে বিশ্বজনীৰ স্বাস্থ্য সম্প্ৰদায়ক সফলতাৰে কাম কৰাত সমৰ্থন আগবঢ়োৱা, বিশেষকৈ প্ৰত্যেক মহিলা প্ৰত্যেক শিশু’ (ইডব্লিউইচি) আন্দোলনক সমৰ্থন জনোৱাৰ বাবে মহিলাৰ শিশুৰ আৰু কিশোৰ-কিশোৰীৰ কৌশলত বৰ্ণিত স্বাস্থ্য সম্বন্ধীয় এছডিজিত সহায় প্ৰদান কৰা৷

পাৰ্টনাৰ্ছ ফৰামৰ কাৰ্যসূচী ছাৰভাইভ-থ্ৰাইভ-ট্ৰেন্সফৰ্মশীৰ্ষক বিশ্বজনীন কৌশলৰ উদ্দেশ্যৰ ভিত্তিত সজোৱা হব৷ এই কাৰ্যসূচীত চাৰিটা উচ্চ পৰ্যায়ৰ বৈঠক অন্তৰ্ভুক্ত কৰা হব যি ৰাজনৈতিক নেতৃত্ব, বহুক্ষেত্ৰীয় কাৰ্য, গণনা-হিচাপ আৰু সহযোগিতাৰ শক্তিত গুৰুত্ব প্ৰদান কৰিব৷ প্ৰতিটো উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছতে ছয়টা সম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হব যি ফৰামৰ মূল বিষয় সন্দৰ্ভত অধিক বিশদভাৱে বৰ্ণনা কৰিব৷

এই ফৰামত ১২টা সফল ক্ষেত্ৰৰ সন্ধান সম্পৰ্কে প্ৰদৰ্শন কৰা হব যত দেশসমূহে মহিলা, শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্য বিকাশত কিদৰে সহযোগিতাৰে কাম কৰিছে সেই সন্দৰ্ভত প্ৰদৰ্শন কৰা হব৷ এই ক্ষেত্ৰভিত্তিক অধ্যয়নসমূহ বিএমজে (প্ৰকৃততে ইয়াক ব্ৰিটিছ মেডিকেল জাৰ্ণেল বুলি কোৱা হয়)ৰ বিশেষ পাৰ্টনাৰ্ছ ফৰাম সংস্কৰণত প্ৰকাশ হব আৰু ব্যাপক ৰূপত ইয়াৰ প্ৰচাৰ কৰা হব৷

এই পাৰ্টনাৰ্ছ ফৰামত আফ্ৰিকা, পূব ভূমধ্য সাগৰ, ইউৰোপ, আমেৰিকা, দক্ষিণ পূব এছিয়া আৰু পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চল সহিতে ছয়টা অঞ্চলৰ ছয়টা বিষয়ৰ শিক্ষণ প্ৰদৰ্শন কৰা হবঃ

. প্ৰাক্ শৈশৱ বিকাশ (জাৰ্মানী আৰু চিলি);

. কিশোৰ-কিশোৰীৰ স্বাস্থ্য আৰু কল্যাণ (আমেৰিকা যুক্তৰাষ্ট আৰু ইণ্ডোনেচিয়া);

. সেৱাত গুণগতমান, সমতা আৰু সন্মান (কিউইডি) (ভাৰত আৰু কম্বোডিয়া);

ভাৰতৰ পৰা কিউইডি বিষয়ৰ অধীনত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বিষয় হিচাপে ইনটেনছিফাইড মিছন ইন্দ্ৰধনুশক বাচনি কৰা হৈছে৷

. যৌন আৰু প্ৰজনন স্বাস্থ্য (মালাৱি আৰু মালয়ছিয়া) আৰু;

. মহিলা, ছোৱালী আৰু সম্প্ৰদায়ৰ সৱলীকৰণ (দক্ষিণ আফ্ৰিকা আৰু গুৱাটেমালা); আৰু

. মানৱীয় আৰু ভংগুৰ প্ৰণালী (ছিয়েৰা লিয়ন আৰু আফগানিস্তান)    

 

*****

AKT/KP/SK/MANN



(Release ID: 1556118) Visitor Counter : 69