কেবিনেট

শক্তি সক্ষম/শক্তি সংৰক্ষণৰ ক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্সৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 06 DEC 2018 9:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত শক্তি সক্ষম/শক্তি সংৰক্ষণৰ ক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্সৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনোৱা হয়৷ ২০১৮ৰ ১৭ অক্টোবৰত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়৷

মুখ্য প্ৰভাৱঃ

এই বুজাবুজি চুক্তিখন হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এক চুক্তি, যিখন কেৱল কাৰিকৰী দিশৰ সহায়ৰ বাবে জ্ঞানৰ বিনিময় আৰু সহযোগিতাৰ সৈতে জড়িত৷ এই বুজাবুজি চুক্তিখনৰ জৰিয়তে শক্তি সক্ষমতা আৰু চাহিদা ব্যৱস্থাপনাৰ সৈতে জড়িত নীতিৰ সম্পৰ্কীয় তথ্য, কাৰ্যসূচী আৰু প্ৰযুক্তিৰ আদান-প্ৰদান বৃদ্ধি কৰিব৷

লাভালাভঃ

এই বুজাবুজি চুক্তিখনে শক্তি সক্ষমতাৰ সন্দৰ্ভত সজাগতা সৃষ্টিত অৰিহণা যোগাব৷ তদুপৰি, উন্নয়নমূলক সা-সৰঞ্জাম আহৰণ, ব্যৱহাৰ আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমনৰ বিশ্লেষণ আৰু আইএনডিচিৰ বাবে গ্ৰীণ হাউচ গেছ বৈশ্বিক নিৰ্গমন তথ্য সংগ্ৰহ কৰাত সহায় কৰিব৷ ইয়াৰ দ্বাৰা শক্তি সক্ষমতাৰ প্ৰযুক্তিৰ গৱেষণা আৰু উন্নয়ন, প্ৰদৰ্শনৰ প্ৰচাৰ বৃদ্ধি পাব৷ ইয়াৰ দ্বাৰা বিশেষকৈ বৈদ্যুতিক সৰবৰাহৰ বহনক্ষম গতিশীলতাৰ বিকাশ ঘটিব৷

*****

AKT/SH/DB



(Release ID: 1555323) Visitor Counter : 71