কেবিনেট

ভাৰত আৰু আমেৰিকাৰ মাজত পৃথিৱী বিজ্ঞানৰ ক্ষেত্ৰত বৈজ্ঞানিক আৰু কাৰিকৰী সহযোগিতাৰ দিশত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 06 DEC 2018 9:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু আমেৰিকাৰ মাজত পৃথিৱী বিজ্ঞানৰ ক্ষেত্ৰত বৈজ্ঞানিক আৰু কাৰিকৰী সহযোগিতাৰ দিশত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়৷ ২০১৮ৰ নৱেম্বৰত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়৷

ভাৰত আৰু আমেৰিকাৰ মাজৰ এই সহযোগিতাই দুয়ো দেশৰ সংস্থাসমূহৰ মাজত বিশেষজ্ঞৰ বিনিময় আৰু পৃথিৱী বিজ্ঞানৰ ক্ষেত্ৰখনৰ সৈতে জড়িত অত্যাধূনিক প্ৰযুক্তি গ্ৰহণৰ সুবিধা প্ৰদান কৰিব৷ পৰিস্থিতিতন্ত্ৰ, জলবায়ুৰ বিভিন্নতা আৰু ভূমি ব্যৱহাৰৰ সলনি, শক্তি, খনিজাত সামগ্ৰী, পৰিৱেশীয় স্বাস্থ্য, প্ৰাকৃতিক দুৰ্যোগ, মুল্যায়নৰ ক্ষতিশংকা আৰু সুস্থিৰতা, জলসম্পদ আৰু তথ্য বিজ্ঞান আৰু তথ্য সংহতিকে ধৰি একাংশ বিশেষ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব৷ এই বুজাবুজি চুক্তিৰ অধীনত সংশ্লিষ্ট ক্ষেত্ৰসমূহৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কাৰিকৰী তথ্যৰ বিনিময়, ভ্ৰমণ, প্ৰশিক্ষণ আৰু চলিত কাৰ্যসূচী সহযোগিতামূলক গৱেষণাৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ ব্যৱস্থা থাকিব৷

****

AKT/SH/DB



(Release ID: 1555042) Visitor Counter : 89