কেবিনেট
অন্যান্য পিছপৰা শ্রেণীৰ কেন্দ্ৰীয় তালিকাৰ মাজত উপ-শাখা সৃষ্টি সম্পৰ্কীয় বিষয়ৰ পৰীক্ষাৰ বাবে গঠিত আয়োগৰ ম্যাদ ২০১৯ৰ ৩১ মে’ পৰ্যন্ত বৃদ্ধিত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
22 NOV 2018 1:37PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত আজি অন্যান্য পিছপৰা শ্রেণীৰ কেন্দ্ৰীয় তালিকাৰ মাজত উপ-শাখা সৃষ্টি সম্পৰ্কীয় বিষয়ৰ পৰীক্ষাৰ বাবে গঠিত আয়োগৰ ম্যাদ ছমাহ বৃদ্ধি কৰি ৩০ নৱেম্বৰ, ২০১৮ৰ বিপৰীতে ২০১৯ৰ ৩১ মে’ কৰিবলৈ অনুমোদন জনাইছে৷
আয়োগে জাতিভিত্তিক তথ্যৰ ভিত্তিত অন্যান্য পিছপৰা শ্রেণীৰ লোকসকলৰ বিভিন্ন নথি, উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ তথ্য ইত্যাদি পৰীক্ষা কৰি চোৱাৰ লগতে বিভিন্ন সম্প্রদায়, কেন্দ্রীয় সংস্থা, কেন্দ্ৰীয় চৰকাৰৰ পিছ পৰা শ্রেণীৰ সংশ্লিষ্ট বিভিন্ন সংস্থা, ৰাজহুৱা খণ্ডৰ বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে আলাপ-আলোচনাতো মিলিত হৈছে৷
এই তথ্যবোৰৰ ভিত্তিত ইয়াৰ প্ৰক্ৰিয়াকৰণ আৰু বিশ্লেষণৰ জৰিয়তে চূড়ান্ত কৰাৰ পূৰ্বে আয়োগে ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট পিছপৰা শ্ৰেণীৰ আয়োগৰ সৈতেও আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ বাবেই এই ম্যাদ বৃদ্ধিৰ প্ৰস্তাৱত কেবিনেটে অনুমোদন জনায়৷
*****
AKT/DB
(रिलीज़ आईडी: 1553818)
आगंतुक पटल : 122