কেবিনেট

আন্তৰ্জাতিক শক্তি এজেন্সীৰ অধীনত উন্নত মটৰ ইন্ধন প্ৰযুক্তি সহযোগিতা কাৰ্যসূচীৰ সদস্যৰ ৰূপত ভাৰতক ইয়াৰ সৈতে সংবদ্ধ কৰা বিষয়টো কেবিনেটক অৱগত কৰা হৈছে

Posted On: 08 NOV 2018 8:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক আন্তৰ্জাতিক শক্তি এজেন্সী (আইইএ)ৰ অধীনত উন্নত মটৰ ইন্ধন প্ৰযুক্তি সহযোগিতা কাৰ্যসূচী (এএমএফ টিচিপি)ৰ সদস্যৰ ৰূপত ভাৰতক ইয়াৰ সৈতে সংবদ্ধ কৰোৱা বিষয়টো অৱগত কৰা হয়৷ ভাৰতে ৯ মে২০১৮ তাৰিখে এই কাৰ্যসূচীৰ সৈতে জড়িত হৈছিল৷ আন্তৰ্জাতিক শক্তি এজেন্সীৰ ৰূপৰেখাৰ অধীনত এএমএফ টিচিপিয়ে কাম কৰে যাৰ দ্বাৰা ভাৰতৰ সংবদ্ধকৰণ৩০ মাৰ্চ ২০১৭ তাৰিখৰ পৰাই কাৰ্যকৰী হৈ আছে৷

বিৱৰণঃ

পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয় দ্বাৰা এএমএফ টিচিপিৰ সৈতে সংবদ্ধ হোৱাৰ মুখ্য লক্ষ্য উন্নত মটৰ ইন্ধনক/বৈকল্পিক ইন্ধনক বজাৰত প্ৰস্তুত কৰাৰ সুবিধাজনক কৰাটো যাতে নিৰ্গমন কম হয় আৰু ইয়াৰ সৈতে পৰিবহণ ক্ষেত্ৰত উচ্চ ইন্ধনৰ দক্ষতা লাভ হয়৷ উন্নত মটৰ ইন্ধন প্ৰযুক্তি সহযোগিতা কাৰ্যসূচীত ইন্ধনৰ বিশ্লেষণ কৰাৰ বাবে, পৰিবহণ ক্ষেত্ৰত উপযোগিতাৰ বাবে নতুন/বৈকল্পিক ইন্ধনৰ সন্ধানৰ বাবে আৰু ইন্ধনৰ তীব্ৰতা থকা অঞ্চলত নিৰ্গমন হ্ৰাস কৰাৰ বাবে সম্বন্ধীয় অনুসন্ধান তথা বিকাশ (আৰএণ্ডডি) গতিবিধিসমূহৰ সন্ধান কৰাৰ সুবিধা পোৱা যাব৷

উন্নত মটৰ ইন্ধন প্ৰযুক্তি সহযোগিতা কাৰ্যক্ৰমৰ সৈতে জড়িত অনুসন্ধান তথা বিকাশ কাৰ্যক অনুলগ্নক (এনেক্স)’ নামৰ এটা ব্যক্তিগত আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ বিগত বৰ্ষৰ সময়চোৱাত উন্নত মটৰ ইন্ধন প্ৰযুক্তি সহযোগিতা কাৰ্যসূচীৰ অধীনত ৫০ত কৈও অধিক অনুলগ্নক আৰম্ভ কৰা হৈছে আৰু পূৰ্বৱৰ্তী অনুলগ্নকত বিভিন্ন ইন্ধনৰ দৰে পুনৰ নিৰূপিত ইন্ধনসমূহ (গেছলিন তথা ডিজেল), জৈৱ ইন্ধন (ইথানল, বায়ডিজেল ইত্যাদি), কৃত্ৰিম ইন্ধন (মিথানল, ফিশ্বাৰ-ট্ৰাপ্স, ডিএমই ইত্যাদি) আৰু গেছীয় ইন্ধনসমূহক সামৰি লোৱা হৈছে৷ সাৰ্বজনিক ক্ষেত্ৰৰ তেল বিপণন কোম্পানীসমূহৰ অনুসন্ধান তথা বিকাশ সংস্থা আৰু বাহন পৰীক্ষণ এজেন্সীসমূহ যেনে এআৰএআই, চিআইআৰটি, আইচিএটি ইত্যাদিৰ ওচৰত অত্যাধুনিক সুবিধা উপলব্ধ আৰু ইয়াৰ সৈতে সংসাধনো পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সহযোগিতা প্ৰদান কৰা অনুলগ্নকৰ সৈতে যোগদান কৰিব৷

প্ৰধানমন্ত্ৰীয়ে শক্তি সংগম ২০১৫ত ২০২২ চন পৰ্যন্ত শক্তি ক্ষেত্ৰত হবলগীয়া ব্যয় অতিকমেও ১০ শতাংশ হ্ৰাস কৰাৰ বাবে নিৰ্দেশ দিছিল৷ ইয়াৰ পিছত পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক বিস্তৃত কাৰ্য যোজনা প্ৰস্তুত কৰিলে যত জৈৱ ইন্ধন আৰু উন্নত/বৈকল্পিক ইন্ধনৰ সৈতে ইন্ধন দক্ষতাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ উন্নত মটৰ ইন্ধন প্ৰযুক্তি সহযোগিতা কাৰ্যসূচীৰ সৈতে জড়িত হোৱাৰ ফলত পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে পৰিবহণ ক্ষেত্ৰৰ বাবে উচ্চ দক্ষতা তথা কম নিৰ্গমন হোৱা উপযুক্ত ইন্ধনৰ চিনাক্তকৰণ আৰু ব্যৱহাৰ কৰাত সহায় লাভ কৰিব৷

ভাৰত চৰকাৰে শেহতীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ ইন্ধন নীতি ২০১৮ অধিসূচীত কৰিছে যত জৈৱ ইন্ধন যেনে ইথানল, জৈৱ-চিএনজি, জৈৱ-মিথানল, ড্ৰপ-ইন ইন্ধন, ডিএমই ইত্যাদি ক্ষেত্ৰত অনুসন্ধান তথা বিকাশত বিশেষ গুৰুত্ব প্ৰদান কাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ এই উন্নত ইন্ধন বিভিন্ন প্ৰকাৰৰ অপশিষ্ট পদাৰ্থ যেনে শস্যৰ বৰ্জ্য অৱশেষ, নগৰ নিগমৰ আৱৰ্জনাসমূহ, ঔদ্যোগিক অপশিষ্ট, অপশিষ্টৰ পৰা নিৰ্গত গেছ, খাদ্য অপশিষ্ট, প্লাষ্টিক ইত্যাদিৰ দ্বাৰা নিৰ্মাণ কৰিব পৰা যাব৷ অৱশ্যে ইয়াৰে ভিতৰত কিছু উন্নত জৈৱ ইন্ধনৰ সফলতামূলক ব্যৱহাৰ কিছুমান দেশত কৰা হৈছে, কিন্তু ভাৰতে এতিয়াও পৰিবহণ ক্ষেত্ৰত এইসমূহৰ ব্যৱহাৰৰ বাবে অপেক্ষা কৰি আছে৷ এই উন্নত ইন্ধন বৰ্তমানে আমাৰ দেশত বিকাশৰ প্ৰাৰম্ভিক অৱস্থাত আছে আৰু আমাৰ শক্তি সম্বন্ধীয় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ হেতু এই ইন্ধনসমূহক এক লাভজনক বিকল্প হিচাপে প্ৰস্তুত কৰাৰ বাবে ব্যাপক অনুসন্ধান তথা বিকাশৰ আৱশ্যক৷ উন্নত মটৰ ইন্ধন প্ৰযুক্তি সহযোগিতা কাৰ্যসূচীৰ সৈতে জড়িত হোৱাৰ দ্বাৰা পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ভৱিষ্যতে পৰিবহণ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে অনুকূল বুলি ভবা উন্নত জৈৱ ইন্ধনৰ চিনাক্তকৰণ কৰাত সহায়ক হব৷ এই ধৰণৰ বিষয়সমূহত উন্নত জৈৱ ইন্ধনৰ ব্যৱহাৰ কৰা সদস্য দেশসমূহৰ অভিজ্ঞতাও পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ বাবে সহায়ক হব৷

এএমএফ টিচিপিৰ সৈতে জড়িত লাভত সহযোগিতা আৰু একত্ৰিত প্ৰযুক্তিগত সংসাধন অন্তৰ্ভুক্ত কৰা হৈছে৷ ইয়াৰ অধীনত প্ৰয়াসসমূহত পুনৰাবৃত্তিৰ প্ৰয়োজন নহয় আৰু ইয়াৰ সৈতে ৰাষ্ট্ৰীয় অনুসন্ধান তথা বিকাশ সম্বন্ধীয় ক্ষমতাসমূহ শক্তিশালী হয়৷ ইয়াৰোপৰি গ্ৰহণ কৰা সৰ্বোত্তম প্ৰক্ৰিয়াসমূহৰ সৈতে জড়িত তথ্য তথা অনুসন্ধানকৰ্তাসকলৰ নেটৱৰ্কৰ আদান-প্ৰদান হয় আৰু ইয়াৰ সৈতে অনুসন্ধানক ব্যৱহাৰিক প্ৰণয়নৰ সৈতে সংবদ্ধ কৰাটো সম্ভৱ হয়৷ জীৱাশ্ম ইন্ধনৰ ৰপ্তানিৰ প্ৰতিষ্ঠাপনত উন্নত জৈৱ ইন্ধনৰ গুৰুত্বপূণ ভূমিকাৰ কথা লক্ষ্য ৰাখি ভাৰতে এই কাৰ্যসূচীৰ সদস্য হোৱাৰ পিছত এই ইন্ধনসমূহৰ সৈতে সম্বন্ধিত নিজৰ অভিৰুচিৰ অন্য ক্ষেত্ৰতো অনুসন্ধান তথা বিকাশ কাৰ্য আৰম্ভ কৰিব৷

পৃষ্ঠভূমিঃ

এএমএফ টিএছপিস্বচ্ছ তথা অপেক্ষাকৃত অধিক শক্তি দক্ষ ইন্ধনসমূহ তথা বাহন প্ৰযুক্তিক অগ্ৰগতি প্ৰদান কৰাৰ উদ্দেশ্যৰ সৈতে সম্বন্ধিত দেশৰ মাজত সহযোগিতাৰ বাবে এক আন্তৰ্জাতিক প্লেটফৰ্মস্বৰূপ৷ এএমএফ টিএছপিৰ গতিবিধি অনুসন্ধান তথা বিকাশ, উন্নত মটৰ ইন্ধনৰ উপযোগিতা তথা প্ৰচাৰ-প্ৰসাৰৰ সৈতে জড়িত আৰু ইয়াৰ অধীনত উৎপাদন, বিতৰণ আৰু সম্বন্ধিত পদক্ষেপসমূহৰ অন্তিম উপযোগিতাক লক্ষ্য ৰাখি সুব্যৱস্থিত ধৰণে পৰিবহণ ইন্ধনৰ সৈতে জড়িত বিষয়সমূহত গুৰুত্ব প্ৰদান কৰা হৈছে৷

ভাৰত চৰকাৰৰ পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয় ৯ মে২০১৮ তাৰিখে উন্নত মটৰ ইন্ধন প্ৰযুক্তি সহযোগিতাৰ কাৰ্যসূচীৰ সৈতে ইয়াৰ ১৬তম সদস্যৰ ৰূপত সংবদ্ধ হৈছে৷ উন্নত মটৰ ইন্ধন প্ৰযুক্তি কাৰ্যসূচীত অন্য সদস্যসমূহৰ ভিতৰত আমেৰিকা, চীন, জাপান, কানাডাস চিলি, ইজৰাইল, জাৰ্মানী, অষ্ট্ৰিয়া, ছুইডেন, ফিনলেণ্ড, ডেনমাৰ্ক, স্পেইন, কোৰিয়া গণৰাজ্য, ছুইজাৰলেণ্ড আৰু থাইলেণ্ডো অন্তৰ্ভুক্ত আছে৷

 

 

*****

AKT/NW/SH/MANN



(Release ID: 1552414) Visitor Counter : 108