কেবিনেট

সামাজিক আৰু শ্ৰমোন্নয়ন ক্ষেত্ৰত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান

Posted On: 24 OCT 2018 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে সামাজিক আৰু শ্ৰমোন্নয়ন ক্ষেত্ৰত ব্ৰাজিল, ৰাছিয়ান সংঘ, ভাৰত, চীন, দক্ষিণ আফ্ৰিকাৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰ ২০১৮ চনৰ ৩ আগষ্ট তাৰিখে ব্ৰিকছ লেবাৰ এণ্ড এম্প্লয়মেণ্ট মিনিষ্টাৰ্ছ (এলইএম) সন্মিলনত সম্পন্ন হৈছিল৷

বিৱৰণঃ

এই বুজাবুজিৰ চুক্তিপত্ৰত ভাৰতকে ধৰি আনবোৰ পক্ষই শ্ৰম বিধি আৰু সৱলীকৰণ, শ্ৰমিক অধিকাৰৰ সুৰক্ষা, নিয়োজন আৰু শ্ৰম বজাৰ নীতি, পেছাগত শিক্ষা, দক্ষতা আৰু সামাজিক সুৰক্ষা আদি দিশত সহযোগিতা প্ৰকাশৰ বাবে সন্মতি প্ৰদান কৰিছে৷ সদস্য দেশসমূহে সামাজিক সুৰক্ষা আৰু শ্ৰমিক সমস্যাসমূহক মোকাবিলা কৰাৰ বাবে ব্ৰিকছ নেটৱৰ্ক অব্ লেবাৰ ৰিচাৰ্ছ ইন্সটিটিউট আৰু ব্ৰিকছ ছ’চিয়েল ছিকিউৰিটী কো-অপাৰেচন ফ্ৰেমৱৰ্কৰ সুবিধাও ব্যৱহাৰ কৰিব পাৰিব৷ এই বুজাবুজিৰ চুক্তিপত্ৰ কোনো আন্তৰ্জাতিক সন্ধি নহয় আৰু আন্তৰ্জাতিক নিয়মৰ দ্বাৰা শাসিত দলসমূহৰ বাবে কোনো অধিকাৰ আৰু কৰ্তব্য নিৰূপণ নকৰে৷

প্ৰধান প্ৰভাৱঃ

এই বুজাবুজিৰ চুক্তিপত্ৰই ব্ৰিকছ সদস্য দেশসমূহৰ মাজত সহযোগিতা, সংবদ্ধতা আৰু উন্নয়নৰ উভয়মুখী উদ্দেশ্যৰ সৈতে নতুন ঔদ্যোগিক নৱজাগৰণত বিশেষ প্ৰভাৱ সৃষ্টি কৰিব৷ ইয়াৰ জৰিয়তে সদস্য দেশসমূহৰ মাজত অভিজ্ঞতা বিনিময়ৰ লগতে শ্ৰম আৰু নিয়োজন, সামাজিক সুৰক্ষা আৰু সামাজিক বক্তব্য আদিৰ ক্ষেত্ৰত যৌথভাৱে কৰ্ম সম্পাদন কৰাত সহায় কৰিব৷ ই ব্ৰিকছ নেটৱৰ্ক অব্ লেবাৰ ইন্সটিটিউটৰ সৈতে ট্ৰেইনিং চেণ্টাৰ অব্ ইণ্টাৰনেচনেল লেবাৰ অৰ্গনাইজেছন (আইএলঅ’), য’ত ভাৰতৰ ভি.ভি. গিৰি নেচনেল লেবাৰ ইন্সটিটিউটো অন্তৰ্ভুক্ত আছে, তাৰে আন্তৰ্জাতিক নেটৱৰ্ক সুনিশ্চিত কৰিব৷ এই নেটৱৰ্কে যুৱ নিয়োজন তথা নিয়োজনৰ নতুন ক্ষেত্ৰ গৱেষণাত গুৰুত্ব নিৱেশ কৰিব৷ তাৰোপৰি এই নেটৱৰ্কে প্ৰযুক্তিৰ নতুন শিক্ষা, সহযোগিতা বৃদ্ধিৰ বাবে ভাৰ্চুৱেল নেটৱৰ্ক, তথ্যৰ বিনিময় আৰু সামৰ্থ নিৰ্মাণ আদিৰ দিশসমূহো প্ৰসাৰিত কৰিব৷ ব্ৰিকছ ছ’চিয়েল ছিকিউৰিটী সহযোগিতা পৰিকাঠামোয়ে ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত সামাজিক সুৰক্ষা সহযোগিতা গভীৰ কৰিব আৰু সদস্য দেশসমূহৰ সামাজিক সুৰক্ষা ব্যৱস্থা তথা সামাজিক সুৰক্ষা চুক্তিত সহযোগিতা বৃদ্ধিৰ অৱকাশ সৃষ্টি কৰিব৷

পৃষ্ঠভূমিঃ

ব্ৰিকছ এম্প্লয়মেণ্ট ৱৰ্কিং গ্ৰুপৰ দ্বিতীয় সন্মিলনখন ৩০ জুলাই ২০১৮ তাৰিখৰ পৰা ১ আগষ্ট ২০১৮ তাৰিখলৈ সম্পন্ন হৈছিল আৰু ব্ৰিকছ লেবাৰ এণ্ড এম্প্লয়মেণ্ট মিনিষ্টেৰিয়েল সন্মিলনখন ২ আগষ্ট ২০১৮ তাৰিখৰ পৰা ৩ আগষ্ট ২০১৮ তাৰিখলৈ দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত হৈছিল৷ ৩০ জুলাইৰ পৰা ১ আগষ্ট ২০১৮ তাৰিখলৈ অনুষ্ঠিত হোৱা ব্ৰিকছ ইডব্লিউজি সন্মিলনত ব্ৰিকছ দেশসমূহৰ সামাজিক তথা শ্ৰমোন্নয়ন ক্ষেত্ৰৰ সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তিপত্ৰখনৰ ড্ৰাফ্টৰ চূড়ান্তকৰণ কৰা হৈছিল আৰু ব্ৰিকছ সদস্যৰ শ্ৰম বিভাগৰ মন্ত্ৰীসকলে ইয়াত স্বাক্ষৰ কৰিছিল৷ এই বুজাবুজিৰ চুক্তিপত্ৰখনত সামাজিক আৰু শ্ৰমোনন্য়ন ক্ষেত্ৰত নিয়মাৱলীসমূহৰ বিনিময়, কাৰ্যসূচীসমূহৰ বিনিময়, আলোচনা, বিশেষজ্ঞসকলৰ সন্মিলন আদিৰ বিষয়ে পৰিষ্কাৰভাৱে উল্লেখ কৰা আছে৷  

 

*************

NW/AKT/SH/MANN



(Release ID: 1550828) Visitor Counter : 42