কেবিনেট
ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত পৰিবেশজনিত সহযোগিতাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান
Posted On:
24 OCT 2018 1:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত পৰিবেশজনিত সহযোগিতাৰ ক্ষেত্ৰত অনুমোদন প্ৰদান কৰিছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰ ২০১৮ চনৰ জুলাই মাহত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত দশম ব্ৰিকছ সন্মিলনৰ সময়ত স্বাক্ষৰিত হৈছিল৷
এই বুজাবুজিৰ চুক্তিপত্ৰখনত নিম্নোক্ত বিষয়সমূহত গুৰুত্ব প্ৰদান কৰা হৈছেঃ
ক) গুণগত বায়ু;
খ) পানী;
গ) জৈৱ বৈচিত্ৰতা;
ঘ) জলবায়ু পৰিৱৰ্তন;
ঙ) জল ব্যৱস্থাপনা;
চ) বহনক্ষম বিকাশ আৰু বহনক্ষম বিকাশ লক্ষ্যৰ ২০৩০ চনৰ কাৰ্যসূচী প্ৰণয়ন; আৰু
ছ) অংশগ্ৰহণকাৰীসকলৰ দ্বাৰা পৰস্পৰে সন্মতি প্ৰকাশ কৰা অন্য ক্ষেত্ৰীয় সহযোগিতাসমূহ৷
এই বুজাবুজিৰ চুক্তিপত্ৰই ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত পৰিবেশৰ সুৰক্ষা আৰু প্ৰাকৃতিৰ সম্পদৰ ইকুইটি, পাৰস্পৰিক কাৰ্য আৰু পাৰস্পৰিক লাভৰ ভিত্তিত দৃঢ় আৰু দীৰ্ঘকালীন সহযোগিতা বৃদ্ধি প্ৰক্ৰিয়া সক্ৰিয় কৰিব৷
দিনে দিনে বাঢ়ি অহা পৰিবেশজনিত সমস্যাসমূহ দেশসমূহৰ বাবে প্ৰত্যাহ্বানমূলক হৈ পৰিছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰত পৰিবেশৰ ক্ষেত্ৰত সুৰক্ষা, সংৰক্ষণ আৰু বহনক্ষমতাৰ দিশত পাঁচখন বৃহৎ অৰ্থনীতিৰ দেশ অৰ্থাৎ ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ দায়িত্ব আঙুলিয়াই দিয়া হৈছে৷
এই বুজাবুজিৰ চুক্তিপত্ৰত পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত তথা উন্নত সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ উন্নত ব্যৱস্থাপনা তথা বন্যপ্ৰাণীৰ সুৰক্ষা/সংৰক্ষণৰ দিশত শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ আশা প্ৰকাশ কৰা হৈছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰই ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ দ্বাৰা ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত অভিজ্ঞতা, প্ৰযুক্তিৰ বিনিময় সহজ কৰি তুলিব আৰু পৰিবেশৰ বহনক্ষম বিকাশ, সুৰক্ষা আৰু সংৰক্ষণত অৰিহণা প্ৰদান কৰিব৷ তাৰোপৰি এই বুজাবুজিৰ চুক্তিপত্ৰই পাৰস্পৰিক আগ্ৰহৰ বিষয়সমূহত প্ৰকল্প ৰূপায়নৰ সম্ভাৱনাও প্ৰকট কৰি তুলিব৷
*****
NW/AKT/SH/MANN
(Release ID: 1550825)
Visitor Counter : 62