প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এনএইচআৰচিৰ প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তীত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
Posted On:
12 OCT 2018 5:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এনএইচআৰচি)ৰ প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তীত ভাষণ প্ৰদান কৰে৷
তেওঁ কয় যে বিগত দুটা আৰু অৰ্ধ দশকত এনএইচআৰচিয়ে নিষ্পেষিতসকলৰ হকে মাত মাতি ৰাষ্ট্ৰ গঠনত প্ৰভূত অৰিহণা আগবঢ়াইছে৷ তেওঁ কয় যে মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাটো আমাৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ স্বাধীনতাৰ পিছত উপাদানসমূহ যেনে স্বাধীনতা আৰু নিৰপেক্ষ ন্যায়; এটা সক্ৰিয় সংবাদ মাধ্যম; এক সজাগ সমাজ; আৰু এনএইচআৰচিৰ দৰে এক সংস্থাই মানৱ অধিকাৰৰ সপক্ষে মাত মাতি আহিছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে মানৱ অধিকাৰ কেৱল এটা শ্ল’গান হোৱাৰ পৰিৱৰ্তে ই আমাৰ জীৱনৰ পথ প্ৰদৰ্শক হ’ব লাগে৷ তেওঁ কয় যে বিগত চাৰিটা বৰ্ষত দুখীয়াৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সকলো ভাৰতীয়ই যাতে মানৱ জীৱনৰ মৌলিক প্ৰয়োজনীয়তাসমূহ লাভ কৰিব বাবে তাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷ এই প্ৰসংগত তেওঁ বেটি বচাও, বেটি পঢ়াও, সুগম্য ভাৰত অভিযান, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্বলা যোজনা আৰু সৌভাগ্য যোজনাৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে ৯ কোটিতকৈও অধিক শৌচাগাৰ নিৰ্মাণে কোটি কোটি লোকৰ সন্মান ৰক্ষা কৰিছে৷ শেহতীয়াকৈ মুকলি কৰা স্বাস্থ্য সুৰক্ষা নিশ্চিতি যোজনা- পিএমজেএৱাইৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ চৰকাৰে গ্ৰহণ কৰা বিত্তীয় সমাপনৰ পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মুছলিম মহিলাক তিনি তালাকৰ পৰা মুক্তি কৰি তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ বিষয়ে জানিবলৈ দিয়ে৷
ন্যায় ৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই-কোৰ্টসমূহৰ বৃদ্ধিৰ জৰিয়তে ৰাষ্ট্ৰীয় ন্যায়িক তথ্য গ্ৰীডৰ সৱলীকৰণ কৰা হৈছে৷ ইয়াৰ বাবে আধাৰক প্ৰযুক্তিভিত্তিক পদক্ষেপ বুলিও তেওঁ উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদক্ষেপসমূহৰ সাফল্যৰ মূলতে হ’ল জন ভাগিদাৰী অৰ্থাৎ জনসাধাৰণৰ অংশগ্ৰহণ৷ তেওঁ কয় যে নাগৰিকে মানৱ অধিকাৰ সম্পৰ্কে সজাগ হোৱাৰ লগতে তেওঁলোকে নিজৰ কৰ্তব্য তথা দায়িত্বসম্পৰ্কেও সজাগ হ’ব পাৰিব৷ তেওঁ কয় যে যিসকল লোকে নিজৰ দায়িত্ব সম্পৰ্কে সজাগ তেওঁলোকে আনৰ অধিকাৰকো সন্মান প্ৰদান কৰিব জানে৷
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বহনক্ষম উন্নয়ন লক্ষ্যৰ বাবে এনএইচআৰচিৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে৷
*****
AKT/KP/SBP/MANN
(Release ID: 1549802)