কেবিনেট

পাৰিপাৰ্শ্বিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰত আৰু ফিনলেণ্ডৰ মাজত প্ৰস্তাৱিত সহযোগিতা চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 10 OCT 2018 1:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পাৰিপাৰ্শ্বিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰত আৰু ফিনলেণ্ডৰ মাজত প্ৰস্তাৱিত সহযোগিতা চুক্তিত অনুমোদন জনায়। এই চুক্তিৰ ফলত পৰিৱেশৰ সুৰক্ষা তথা প্রাকৃতিক সম্পদৰ সঠিক পৰিচালনাৰ দৰে গুৰুত্বপূর্ণ ক্ষেত্রত দুয়োখন দেশৰ মাজত আৰু অধিক ঘনিষ্ঠ আৰু দীর্ঘম্যদী সহযোগিতা গঢ়ি উঠিবপৰিৱেশ সংক্রান্তীয় সংশ্লিষ্ট আইনসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই সহযোগিতা গঢ়ি তোলা হব।

এই চুক্তি স্বাক্ষৰ কৰাৰ ফলত পৰিৱেশৰ সুৰক্ষা, সংৰক্ষণ, জলবায়ু পৰিৱর্তন আৰু বন্যপ্রাণীৰ সুৰক্ষা তথা সংৰক্ষণৰ ক্ষেত্রত অত্যাধূনিক প্রযুক্তি আৰু উন্নত পদ্ধতি লাভ কৰাটো সম্ভৱ হব।

এই চুক্তিয়ে সামৰি লোৱা সহযোগিতামূলক বিষয়বোৰৰ ভিতৰত-জল আৰু বায়ু প্ৰদূষণ প্রতিৰোধ আৰু প্ৰদূষণমুক্ত কৰা, আৱৰ্জনা ব্যৱস্থাপনাৰ সমান্তৰালভাৱে বিপজ্জনক পেলনীয়া সামগ্ৰী আৰু অন্যান্য পেলনীয়া সামগ্ৰীৰ পৰা শক্তি উৎপাদন প্রযুক্তি হস্তান্তৰ কৰাৰ উপৰি কার্বন নির্গমন হ্ৰাস কৰাৰ পদ্ধতি তথা প্রাকৃতিক সম্পদৰ সুস্থ পৰিচালনাৰ ক্ষেত্রতো সহযোগিতা গঢ়ি তোলাৰ কথা কোৱা হৈছে। এই চুক্তিত জলবায়ু পৰিৱর্তন; পৰিৱেশ আৰু অৰণ্য অঞ্চলৰ ওপৰত নিৰীক্ষণ তথা তথ্য ব্যৱস্থাপনা; সামুদ্রিক আৰু উপকূলৱর্তী অঞ্চলৰ সম্পদৰ সংৰক্ষণ; মহাসাগৰ আৰু সাগৰত গঢ়ি উঠা দ্বীপপুঞ্জৰ সুসংহত জল পৰিচালনা আৰু উভয় দেশৰ সহমতৰ ভিত্তিত স্থিৰ হোৱা বিষয়সমূহেও গুৰুত্ব লাভ কৰিব

উল্লেখ্য যে সমগ্ৰ বিশ্বই বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা সীমাহীন সমস্যাৰ সন্মুখীন হৈছে এক ব্যাপক উপকূলৱৰ্তী তথা চহকী জৈৱ-বৈচিত্ৰৰে সমৃদ্ধ ভাৰত এক উদ্ভাসিত অৰ্থনীতিৰ দেশ। ইফালে, বায়ু আৰু জলপ্ৰদূষণৰ লগতে বন্যপ্ৰাণী সুৰক্ষা হৈছে ফিনলেণ্ডৰ মুখ্য সমস্যা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন দেশে অত্যাধূনিক প্ৰযুক্তি আৰু উন্নত পদ্ধতিৰে এইবোৰৰ মোকাবিলা কৰিবলৈ যুটীয়া পদক্ষেপ হাতত লৈছে।

********

NW/AKT/SH/DB



(Release ID: 1549797) Visitor Counter : 87