কেবিনেট

উজবেকিস্তানৰ আণ্ডিজান অঞ্চলত উজবেক-ইণ্ডিয়ান মুক্ত ফাৰ্মাচিউটিকেল মণ্ডল স্থাপনৰ বাবে ভাৰত আৰু উজবেকিস্তানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 26 SEP 2018 4:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে উজবেকিস্তানৰ আণ্ডিজান অঞ্চলত উজবেক-ইণ্ডিয়ান মুক্ত ফাৰ্মাচিউটিকেল মণ্ডল স্থাপনৰ বাবে ভাৰত আৰু উজবেকিস্তানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন জনাইছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰখন ১ অক্টোবৰ ২০১৮ তাৰিখে উজবেকিস্তানৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত স্বাক্ষৰিত কৰা হৈছিল৷

দুয়োখন দেশৰ ফাৰ্মাচিউটিকেল উদ্যোগৰ উত্তৰণৰ গুৰুত্ব তথা এই খণ্ডৰ বাণিজ্য, উৎপাজন, গৱেষণা আৰু বিকাশৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন চৰকাৰে এক আনুষ্ঠানিক দ্বিপাক্ষিক সহযোগিতা স্থাপনৰ বাবে চেষ্টা কৰিছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা উজবেকিস্তানৰ আণ্ডিজান অঞ্চলত উজবেক-ইণ্ডিয়ান মুক্ত ফাৰ্মাচিউটিকেল মণ্ডল স্থাপনৰ ক্ষেত্ৰত পৰিকাঠামো সৃষ্টিত সহায়ক ব৷ তাৰোপৰি আণ্ডিজানৰ উজবেক-ইণ্ডিয়ান মুক্ত ফাৰ্মাচিউটিকেলত ফাৰ্মাচিউটিকেল সামগ্ৰী উৎপাদন তথা বিনিয়োগৰ বাবে ভাৰতীয় ফাৰ্মাচিউটিকেল আৰু বায়ফাৰ্মাচিউটিকেল উদ্যোগসমূহক সুবিধা প্ৰদান কৰিব৷

*****

NW/AKT/SH/MANN



(Release ID: 1547901) Visitor Counter : 69