প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰাণসীত শিক্ষাৰ্থীৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ, মূল্যায়ন কৰিলে উন্নয়নমূলক কামৰ

Posted On: 17 SEP 2018 11:15PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি গৃহ সমষ্টি বাৰাণসীত স্কুলীয়া শিক্ষাৰ্থীৰ সৈতে প্রায় ৯০ মিনিট সময় ধৰি বার্তালাপত মিলিত হয়।

 

প্রধানমন্ত্রী নৰউৰ গাঁৱত উপস্থিত হোৱাৰ সময়ত তাৰে এখন প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অত্যন্ত উৎসাহেৰে তেওঁক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়েও ছাত্র-ছাত্রীসকলক বিশ্বকর্মা জয়ন্তীৰ শুভেচ্ছা জনোৱাৰ লগতে কয় যে বিভিন্ন ক্ষেত্ৰত দক্ষতা অর্জন কৰাটো অতি গুৰুত্বপূর্ণ কথা

 

প্রধানমন্ত্রীয়ে তেওঁলোকক শিক্ষাৰ্থী হিচাপে প্রশ্ন কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি কয়তেওঁ শিক্ষাৰ্থীসকলক প্রশ্ন কৰিবলৈ কেতিয়াও ভয় নকৰিবলৈ পৰামর্শ আগবঢ়ায়। প্রশ্ন কৰাটো শিক্ষাগ্রহণৰ এটি মূল বৈশিষ্ট্য বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে

 

প্ৰধানমন্ত্ৰীয়ে এনে একাংশ কন কন শিশুৰ সৈতে সময় কটায়, যিসকলক ৰুম টু ৰিড শীৰ্ষক স্বেচ্ছাসেৱী সংস্থাই সাহায্য আগবঢ়াই আহিছে

 

ইয়াৰ পাছতে তেওঁ বাৰাণসীৰ ডিজেল লমোটিভ ৱর্কছ(ডিএনডব্লিউ)ত দৰিদ্র আৰু পিছপৰা শ্ৰেণী শিশুসকলৰ সৈতে বাৰ্তালাপ কৰেকাশী বিদ্যাপীঠৰ শিক্ষাৰ্থীসকলে এওঁলোকক সহায় আগবঢ়ায় আহিছে।

 

প্রধানমন্ত্রীয়ে তেওঁলোকক মন দি পঢ়া-শুনা কৰাৰ লগতে খেলাধূলাৰ প্ৰতি অধিক আগ্রহী কৰি তোলাৰ পৰামর্শ আগবঢ়ায়

১৭ ছেপ্টেম্বৰৰ সন্ধিয়া প্রধানমন্ত্রীয়ে বাৰাণসীৰ ৰাষ্টা-ঘাট পৰিদর্শন কৰি চহৰখনৰ উন্নয়নমূলক কাম-কাজ প্ৰত্যক্ষ কৰেকিছু সময় কাশী বিশ্বনাথ মন্দিৰত ৰৈ তেওঁ প্রার্থনা জনায়প্রধানমন্ত্রীয়ে হথা মান্দুয়াদি ৰেল ষ্টেচনো পৰিদর্শন কৰে

***

AKT/KP/AK/DB



(Release ID: 1547582) Visitor Counter : 61