প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ছিকিমত মুকলি কৰিলে পাকয়ং বিমানবন্দৰ

Posted On: 24 SEP 2018 1:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমত পাকয়ং বিমানবন্দৰ মুকলি কৰে৷ এই বিমানবন্দৰ মুকলিৰ জৰিয়তে হিমালয় পাৰ্বত্যমালাৰ ৰাজ্যসমূহৰ ভিতৰত ই প্ৰথমটো বিমানবন্দৰ তথা দেশৰ ১০০তম বিমানবন্দৰ হিচাপে প্ৰসিদ্ধ হৈছে৷

মুকলি অনুষ্ঠানত সমবেত হোৱা জনতাক সম্বোধি প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক ছিকিমৰ এক ঐতিহাসিক দিন তথা ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ দিন হিচাপে অভিহিত কৰে৷ তেওঁ কয় যে পাকয়ং বিমানবন্দৰ মুকলিৰ জৰিয়তে দেশতম শততম বিমানবন্দৰটো স্থাপিত হল৷ প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ যুৱ ক্ৰিকেটাৰ নীলেশ লামিচনয়ৰ কথা উল্লেখ কৰি কয় যে যুৱ ক্ৰীড়াবিদজনে ৰাজ্যখনৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে বিজয় হাজাৰে ট্ৰফীত শতক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে৷

প্ৰধানমন্ত্ৰীয়ে পাকয়ং বিমানবন্দৰে ছিকিমৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব বুলি ভাষণত উল্লেখ কৰে৷ তেওঁ কয় যে উড়ান আঁচনিৰ অধীনত এই বিমানবন্দৰটো সাধাৰণ মানুহৰ বাবে উপযোগী হব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলক আন্তঃগাঁথনি আৰু আৱেগিক দিশত সংযোগীকৰণৰ কাম দ্ৰুত গতিত চলিব ধৰিছে৷ তেওঁ ব্যক্তিগতভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিকাশৰ অগ্ৰগতিৰ খতিয়াল লবলৈ কেইবাবাৰো ভ্ৰমণ কৰা বুলি জানিবলৈ দিয়ে৷ ইয়াৰোপৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলেও অঞ্চলটোত কৰা ভ্ৰমণৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে উনুকিয়াই দিয়ে৷ তেওঁ ভাষণ প্ৰসংগত উত্তৰ পূৰ্বাঞ্চলৰ বায়ুপথ, ৰেল সংযোগ, উন্নত পথ, ডাঙৰ দলং আদিৰ বিষয়ে আলোকপাত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ ১০০টা বিমানবন্দৰৰ ভিতৰত ৩৫টা বিমানবন্দৰ যোৱা চাৰিটা বৰ্ষত কাৰ্যকৰী কৰা হৈছে৷

ভাষণত প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ জৈৱ কৃষিৰ উত্তৰণৰ বিষয়ে জানিবলৈ দিয়ে৷ তেওঁ কেন্দ্ৰ চৰকাৰৰ ‘‘উত্তৰ পূৰ্বাঞ্চলত জৈৱিক মূল্য বিকাশৰ অভিযান’’ সম্পৰ্কে ভাষণত উল্লেখ কৰে৷

***

AKT/SH/SK/MANN



(Release ID: 1547574) Visitor Counter : 89