কেবিনেট

সংসদত ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান (এনআইডি) আইন, ২০১৮ৰ সংশোধনী বিধেয়ক উত্থাপনত কেবিনেটৰ অনুমোদন

Posted On: 12 SEP 2018 4:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, আহমেদাবাদৰ দৰে নতুন চাৰিখন ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান ক্ৰমে-ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান অমৰাৱতী/বিজয়ৱাড়া, অন্ধ্ৰপ্ৰদেশ; ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠা, ভূপাল, মধ্যপ্ৰদেশ; ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, যোৰহাট, অসম আৰু ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, কুৰুক্ষেত্ৰ, হাৰিয়ানাক ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান (এনআইডি) আইন, ২০১৮ৰ অধীনত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান(আইএনআই) হিচাপে ঘোষণা কৰিবলৈ ইয়াৰ সংশোধনী বিধেয়ক সংসদত উত্থাপনত অনুমোদন জনায়। ইয়াৰ অধীনত কেতবোৰ সুক্ষ্ম সংশোধন যেনে-এনআইডি বিজয়ৱাড়াক এনআইডি অমৰাৱতী হিচাপে নামকৰণ কৰা আৰু মুখ্য ডিজাইনাৰক অধ্যাপকৰ সমমৰ্যাদা প্ৰদান ইত্যাদি দিশবোৰৰ প্ৰস্তাৱ ৰখা হৈছে।

দেশৰ বিভিন্ন স্থানত স্থাপন কৰিবলগীয়া নতুন এনআইডিসমূহে ডিজাইনৰ ক্ষেত্ৰত উচ্চ দক্ষতাসম্পন্ন মানৱ সম্পদ গঢ় দিয়াৰ লগতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপনৰ সূযোগো সৃষ্টি হোৱাৰ সমান্তৰালভাৱে হস্তশিল্প, হস্ততাঁত, গ্ৰাম্য প্ৰযুক্তি, ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহত বহনযোগ্য ডিজাইনৰ সমাহাৰ ঘটিব আৰু আউটৰীচ কাৰ্যসূচীৰ বাবে সক্ষমতা, দক্ষতা আৰু নতুন প্ৰতিষ্ঠান গঢ়ি উঠাত সহায় কৰিব।

******

AKT/SH/DB



(Release ID: 1546276) Visitor Counter : 66