কেবিনেট

জনতাকেন্দ্ৰিক আৰু দৰিদ্ৰ লোকসকলৰ স্বাৰ্থজড়িত প্ৰচেষ্টালৈ ব্যাপক সকাহ

প্ৰধানমন্ত্ৰী জন ধন যোজনা বাহাল ৰাখিবলৈ কেবিনেটৰ অনুমোদন

Posted On: 05 SEP 2018 9:15PM by PIB Guwahati

বিত্তীয় অন্তর্ভুক্তিৰ ৰাষ্ট্ৰীয় অভিযান(পিএমজেডিৱাই) ১৪.০৮.২০১৮ৰ পৰৱৰ্তী সময়তো বাহাল থাকিব। প্রতিটো পৰিয়ালৰ প্রত্যেক প্রাপ্তবয়স্ক ব্যক্তিৰ বাবে একাউণ্ট খোলাৰ প্রতি গুৰুত্ব দিয়াৰ লগতে বর্তমানৰ অভাৰ ড্রাফটৰ সীমা ৫,০০০ টকাৰ পৰা বৃদ্ধি কৰি ১০,০০০ টকা কৰা হৈছে। ২,০০০ টকালৈকে অভাৰ ড্রাফটৰ ক্ষেত্ৰত কোনো চৰ্ত নাথাকে।  অভাৰ ড্রাফটৰ সুবিধা লাভৰ বাবে বয়সৰ ঊৰ্ধসীমা সংশোধন কৰি ১৮-৬০ বছৰৰ পৰা ১৮-৬৫ বছৰ কৰা হৈছে। প্রধানমন্ত্রী জন ধন যোজনাৰ অধীনত ২৮.০৮.২০১৮ৰ পাছত যিবোৰ একাউণ্ট খোলা হৈছে, সেই একাউণ্টৰ ৰূপে কার্ড থকাসকলৰ দুর্ঘটনা বীমাৰ পৰিমাণ ১ লাখ টকাৰ পৰা বৃদ্ধি ২ লাখ টকা কৰা হৈছে।

জনতাকেন্দ্রিক তথা দৰিদ্ৰ লোকসকলৰ স্বার্থ সুৰক্ষিত ৰখাৰ লক্ষ্যৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহলৈ ব্যাপক সকাহ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত ০৫.০৯.২০১৮ত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত বিত্তীয় অন্তর্ভুক্তিৰ ৰাষ্ট্ৰীয় অভিযানপ্রধানমন্ত্রী জন ধন যোজনা (পিএমজেডিৱাই) বাহাল ৰখাৰ প্রস্তাৱ অনুমোদন জনোৱা হয়। ইয়াৰ দ্বাৰা যোজনাখনৰ সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গৃহীত হৈছে। সেইবোৰ হল-

  • ১৪.০৮.২০১৮ৰ পাছতো বিত্তীয় অন্তৰ্ভুক্তিৰ ৰাষ্ট্ৰীয় অভিযান অভিযান (পিএমজেডিৱাই) বাহাল থাকিব
  • বর্তমানৰ অভাৰ ড্ৰাফটৰ ঊৰ্ধসীমা ৫,০০০ টকাৰ পৰা বৃদ্ধি কৰি ১০,০০০ টকা কৰা হৈছে
  • ২,০০০ টকালৈকে অভাৰ ড্রাফটৰ ক্ষেত্ৰত কোনো চৰ্ত নাথাকে।
  • অভাৰ ড্রাফটৰ সুবিধা লাভৰ বাবে বয়সৰ ঊৰ্ধসীমা সংশোধন কৰি ১৮-৬০ বছৰৰ পৰা ১৮-৬৫ বছৰ কৰা হৈছে।
  • প্রধানমন্ত্রী জন ধন যোজনাৰ অধীনত ২৮.০৮.২০১৮ৰ পাছত প্ৰতিটো পৰিয়ালৰ প্ৰাপ্তবয়স্কৰ বাবে যিবোৰ একাউণ্ট খোলা হৈছে, সেই একাউণ্টৰ ৰূপে কার্ড থকাসকলৰ দুর্ঘটনা বীমাৰ পৰিমাণ ১ লাখ টকাৰ পৰা বৃদ্ধি ২ লাখ টকা কৰা হৈছে।

কেবিনেটে এই অভিযান বাহাল ৰখাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত দেশৰ প্রতিটো পৰিয়াল বা প্রত্যেক ব্যক্তিয়ে অতি কমেও নিজা এটা মৌলিক বেংক একাউণ্ট খোলাৰ সুবিধা পাব। একেদৰে অন্যান্য বিত্তীয় সেৱা আৰু সামাজিক সুৰক্ষাসহ ১০,০০০ টকালৈকে অভাৰ ড্ৰাফটৰ সুবিধা গ্রহণ কৰিব পাৰিবইয়াৰ ফলত প্রতিটো পৰিয়ালৰ সমান্তৰালভাৱে প্রত্যেক ব্যক্তিক বিত্তীয় সেৱা প্রদানেৰে মূল সুঁতিলৈ অনাৰ যিমান সম্ভৱ হব, সিমানেই চৰকাৰৰ বিভিন্ন সাহায্যপ্ৰাপ্ত আঁচনিৰ সুবিধা আৰু সহজে তেওঁলোকলৈ হস্তান্তৰ কৰিব পৰা যাব।

প্রধানমন্ত্রী জন ধন যোজনাৰ সফলতা

  • প্রায় ৩২.৪১ কোটি জন ধন একাউণ্ট খোলা হৈছে, যত ৮১,২০০ কোটিতকৈ অধিক টকা জমা হৈ আছে
  • জন ধন একাউণ্টৰ গ্রাহকসকলৰ ৫৩ শতাংশই মহিলা। গ্রামীণ আৰু অৰ্ধ-চহৰ এলেকাত ৫৯ শতাংশ জন ধন একাউণ্ট খোলা হৈছে। ৮৩ শতাংশতকৈ অধিক সক্রিয় জন ধন একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰা হৈছে(অসম, মেঘালয় আৰু জম্মু আৰু কাশ্মীৰক বাদ দি) একাউণ্ট থকা গ্রাহকসকলৰ প্রায় ২৪.৪০ কোটিক ৰূপে কার্ডপ্ৰদান কৰা হৈছে।
  • ৭.৫০ কোটিত অধিক জন ধন একাউণ্টত প্ৰত্যক্ষ লাভ হস্তান্তৰ(ডিবিটি) সেৱা আগবঢ়োৱা হৈছে।
  • গ্ৰামাঞ্চলত ১.২৬ লাখ বেংকিং কৰেছপনডেণ্ট নিয়োগ কৰা হৈছে, যিসকলে ১,০০০ৰ পৰা ১,৫০০ পৰিয়ালৰ বাবে বেংকিং সূযোগ-সুবিধা প্ৰদান কৰিছে। যোৱা জুলাই মাহত বেংকিং কৰেছপনডেণ্টৰ জৰিয়তে আধাৰকেন্দ্ৰিক পেমেণ্ট পদ্ধতিৰ সহায়ত প্ৰায় ১৩.১৬ কোটি লেনদেন কৰা হৈছে।
  • প্রধানমন্ত্রী সুৰক্ষা বীমা যোজনা (পিএমএছবিৱাই)ৰ অধীনত ১৩.৯৮ কোটি গ্রাহকৰ ১৯,৪৩৬গৰাকীৰ দাবী নিষ্পত্তি হৈছে। এই দাবীদাৰৰ পৰিমাণ আছিল ৩৮৮.৭২ কোটি টকা।
  • একেদৰে, প্রধানমন্ত্রী জীৱন জ্যোতি বীমা যোজনা(পিএমজেজেবিৱাই)ৰ অধীনত ৫.৪৭ কোটি গ্রাহকৰ ১.১০ লাখ গ্ৰাহকৰ দাবী নিষ্পত্তি হৈছে। এই দাবীদাৰৰ পৰিমাণ আছিল ২,২০,৬২৮ কোটি টকা।
  • অটল পেন্সন যোজনাৰ (এপিৱাই) গ্রাহকৰ সংখ্যা হৈছে ১.১১ কোটি জন

প্রধানমন্ত্রী জন ধন যোজনা কাৰ্যকৰী কৰাৰ বাবে এক ব্যৱস্থা গঢ়ি তোলা হৈছে, যাৰ জৰিয়তে জন ধন একাউণ্ট আৰু মবাইল বেংকিং সেৱাৰ সৈতে আধাৰৰ সংযোগ ঘটোৱা হৈছে। এই বিশেষ ব্যৱস্থাৰ জৰিয়তে কেবল ধন সঞ্চয় হোৱা নাই, ঋণ প্রদান, সামাজিক সুৰক্ষাৰ দৰে সুবিধা আৰু সেৱা প্রদান কৰা হৈছেইয়াৰ লগতে ডিবিটিৰ জৰিয়তে বিভিন্ন চৰকাৰী আঁচনিৰ সুফল পোনপটীয়াকৈ দেশৰ দুখীয়া লোকসকলৰ ওচৰ পাইছে চৰকাৰী সুযোগ-সুবিধা আৰু সেৱা প্রদানৰ ক্ষেত্রত জন ধনআধাৰবাইল ব্যৱস্থাই এক গুৰুত্বপূর্ণ মাধ্যম হিচাপে কাম কৰিব আৰু দেশত ডিজিটেল পদ্ধতিৰ প্রসাৰ, বিত্তীয় অন্তৰ্ভুক্তি তথা বীমাকৃত সমাজ গঢ়ি তোলাৰ গতি ত্বৰান্বিত হব।

উল্লেখ্য যে দেশৰ প্রতিটো পৰিয়ালৰ বাবে অতি কমেও এটা বেংক একাউণ্ট খোলাৰ লক্ষ্যৰে বিত্তীয় অন্তৰ্ভুক্তিৰ ৰাষ্ট্ৰীয় অভিযান হিচাপে প্রধানমন্ত্রী জন ধন যোজনাৰ কথা ২০১৪ চনৰ ১৫ আগষ্ট স্বাধীনতা দিৱসৰ ভাষণত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ঘোষণা কৰিছিলসেই বছৰৰে ২৮ আগষ্টত প্রধানমন্ত্রীয়ে এই আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

**************

AKT/SH/DB



(Release ID: 1545489) Visitor Counter : 103