কেবিনেট

অমৃতচৰ, বৃদ্ধগয়া, নাগপুৰ, সম্বলপুৰ, ছিৰমুৰ, বিশাখাপট্টনম আৰু জম্মুসহ ৭খন নতুন আইআইএমৰ স্থায়ী চৌহদৰ স্থাপন আৰু কাৰ্যকৰীকৰণত কেবিনেটৰ অনুমোদন

Posted On: 05 SEP 2018 9:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৩৭৭৫.৪২ কোটি টকা আনুমানিক ব্যয় সাপেক্ষ (২৯৯৯.৯৬ কোটি নন-ৰেকাৰিং আৰু ৭৭৫.৪৬ কোটি টকা ৰেকাৰিং) অমৃতচৰ, বৃদ্ধগয়া, নাগপুৰ, সম্বলপুৰ, ছিৰমুৰ, বিশাখাপট্টনম আৰু জম্মুসহ ৭খন নতুন আইআইএমৰ স্থায়ী চৌহদৰ স্থাপন আৰু কাৰ্যকৰীকৰণত অনুমোদন জনায়। এই আইআইএমসমূহ ২০১৫-১৬/২০১৬-১৭ বৰ্ষত স্থাপন কৰা হৈছিল। এই প্ৰতিষ্ঠাসমূহ বৰ্তমান অস্থায়ী চৌহদত চলাই থকা হৈছে।

আনুমানিক ব্যয় সৰ্বমুঠ ৩৭৭৭.৪২ কোটি টকাৰ ২৮০৪.০৯ কোটি টকা প্ৰতিষ্ঠানসমূহৰ স্থায়ী চৌহদ নিৰ্মাণৰ নামত এই ধৰণে ব্যয় কৰা হব-অমৃতচৰৰ বাবে ৩৪৮.৩১ কোটি টকা, বুদ্ধগয়াৰ বাবে ৪১১.৭২ কোটি টকা, নাগপুৰৰ বাবে ৩৭৯.৬৮ কোটি টকা, সম্বলপুৰৰ বাবে ৪০১.৯৪ কোটি টকা, ছিৰমুৰৰ বাবে ৩৯২.৫১ কোটি টকা, বিশাখাপট্টনমৰ বাবে ৪৪৫.০০ কোটি টকা, জম্মুৰ বাবে ৪২৪.৯৩ কোটি টকা

প্ৰতিখন আইআইএমৰ নিৰ্মাণ এলেকাৰ পৰিসৰ ৬০৩৮৪ বৰ্গমিটাৰ, যত ৬০০গৰাকীকৈ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব। প্ৰতিটো প্ৰতিষ্ঠানৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে প্ৰতি ৫ বছৰত ৫ লাখকৈ ৰেকাৰিং অনুদান আগবঢ়োৱা হব। তাৰপাছত প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ নিজা যাৱতীয় খৰচ/পৰিচালনাৰ ব্যয় আভ্যন্তৰীণ কাম-কাজেৰে গঠিত পুঁজিৰ পৰা যোগাৰ কৰিবলৈ সক্ষম হব বুলি আশা কৰা হৈছে।

২০২১ৰ জুন মাহত এই প্ৰতিষ্ঠানসমূহৰ স্থায়ী চৌহদ নিৰ্মাণৰ কাম সম্পূৰ্ণ হব। ইয়াৰ লগে লগে দেশৰ ২০ খন আইআইএমে নিজা স্থায়ী চৌহদ লাভ কৰিব। এই প্ৰতিষ্ঠানসমূহে শিক্ষাৰ্থীক বৃত্তিমুলক শিক্ষা প্ৰদান কৰিব। ইয়াৰ দ্বাৰা দেশত অৰ্থনৈতিক আৰু ঔদ্যোগিক উন্নয়নৰ প্ৰসাৰ ঘটিব।

****

AKT/SH/DB



(Release ID: 1545442) Visitor Counter : 130