কেবিনেট

অপৰম্পৰাগত হাইড্ৰ’কাৰ্বনৰ অন্বেষণ আৰু ব্যৱহাৰৰ বাবে নিয়মাৱলীৰ পৰিকাঠামোত কেবিনেটৰ অনুমোদন

Posted On: 01 AUG 2018 6:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে শ্বেল তেল/গেছ, কয়লা বেড মিথেন (চিবিএম) ইত্যাদিৰ দৰে অপৰম্পৰাগত হাইড্ৰকাৰ্বনৰ অন্বেষণ তথা ব্যৱহাৰৰ বাবে নিয়মাৱলীৰ পৰিকাঠামোত অনুমোদন প্ৰদান কৰিছে৷ উপলব্ধ ভূমিত অপৰম্পৰাগত হাইড্ৰকাৰ্বনৰ ক্ষমতাৰ ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত অনুজ্ঞাপত্ৰধাৰী/পট্টাধাৰী ঠিকাদাৰসমূহক উৎসাহিত কৰাৰ বাবে বৰ্তমান উৎপাদন অংশীদাৰীত্ব ঠিকা, চিবিএম ঠিকা আৰু মনোনীত ক্ষেত্ৰৰ অধীনত ইয়াক অনুপালন কৰা হব৷

লাভসমূহঃ

  • এই নীতিৰ দ্বাৰা বৰ্তমান ব্যৱস্থাৰ ক্ষেত্ৰত সম্ভাৱিত হাইড্ৰকাৰ্বনৰ ভাণ্ডাৰৰ ব্যৱহাৰৰ বাবে ক্ষমতা বৃদ্ধি হ, যি এতিয়ালৈ অন্বেষণ কৰা নাই আৰু যাৰ ব্যৱহাৰ এতিয়ালৈ হোৱা নাই৷
  • এই নীতিৰ প্ৰণয়নৰ দ্বাৰা নতুন হাইড্ৰকাৰ্বনৰ অন্বেষণৰ সম্বন্ধত অন্বেষণ আৰু উৎপাদন গতিবিধিত নতুন বিনিয়োগ তথা পৰিণামস্বৰূপ ঘৰুৱা উৎপাদনত বৃদ্ধিৰ আশা কৰা হব৷
  • অতিৰিক্ত হাইড্ৰকাৰ্বন সংসাধনৰ অন্বেষণ আৰু ব্যৱহাৰৰ দ্বাৰা নতুন বিনিয়োগ, আৰ্থিক গতিবিধিত ক্ষীপ্ৰতা তথা অতিৰিক্ত নিয়োগ সৃষ্টি হোৱাৰ আশা প্ৰকাশ কৰা হৈছে, ইয়াৰ দ্বাৰা সমাজৰ বিভিন্ন বৰ্গৰ লাভ হব৷
  • ইয়াৰ দ্বাৰা নতুন, অভিনৱ আৰু উৎকৃষ্ট প্ৰদ্যোগিকীৰ সম্ভাৱনা বৃদ্ধি হব আৰু অপৰম্পৰাগত হাইড্ৰকাৰ্বনৰ ব্যৱহাৰৰ বাবে নতুন প্ৰদ্যোগিকী সহযোগিতাৰ পথ মুকলি হব৷

পৃষ্ঠভূমিঃ

পিএছচিৰ উপলব্ধ নীতি অনুসৰি বৰ্তমানৰ ঠিকাদাৰসকলক পূৰ্বৰে পৰা অনুজ্ঞাপত্ৰ আৰু পট্টাত আৱণ্টিত ক্ষেত্ৰত চিবিএম অথবা অপৰম্পৰাগত হাইড্ৰকাৰ্বনৰ অন্বেষণ আৰু ব্যৱহাৰৰ অনুমতি নাই৷ এইদৰে চিবিএমক বাদ দি অন্যান্য ঠিকাদাৰসকলে অন্য হাইড্ৰকাৰ্বনৰ অন্বেষণ আৰু ব্যৱহাৰ কৰিব নোৱাৰে৷ পিএছচি আৰু চিবিএম ব্লকত বিভিন্ন ঠিকাদাৰৰ অধীনত এই সময়ত যি ভূমিখণ্ড উপলব্ধ আছে তথা মনোনীত ব্যৱস্থাত ৰাষ্ট্ৰীয় তেল কোম্পানীসমূহে ভাৰতৰ গেদীয় বেচিনৰ এক বৃহৎ অংশ৷

প্ৰাৰম্ভিক অধ্যয়নত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় এজেন্সীসকলে মূল্যায়ন কৰিছে যে পাঁচটা ভাৰতীয় গেদীয় বেচিনত ১০০-২০০ টিচিএফৰ সীমাত সম্ভাৱিত শ্বেল গেছ সংসাধন উপলব্ধ আছে৷ কাম্বে, কৃষ্ণা-গোদাৱৰী, কাবেৰী ইত্যাদিৰ দৰে বেচিনত শ্বেল তেল/গেছ হোৱাৰ অধিক সম্ভাৱনা আছে যত জৈৱিক সম্পদেৰে পূৰ্ণ শ্বেল উপলব্ধ আছে৷ পিএছইৰ পূৰ্ব-নৱ অন্বেষণ অনুজ্ঞাপত্ৰ নীতি (এনইএলপি)/এনইএলপিৰ ব্যৱস্থাৰ অধীনত ৭২,০২৭ বৰ্গ কিলোমিটাৰ ক্ষেত্ৰ আৰু চিবিএম নীতিৰ অধীনত ৫২৬৯ বৰ্গ কিলোমিটাৰ ক্ষেত্ৰক পৰম্পৰাগত অথবা অপৰাম্পৰাগত হাইড্ৰকাৰ্বনৰ ব্যৱহাৰ আৰু অন্বেষণৰ বাবে মুকলি কৰা হৈছে৷ এই নীতিৰ অনুমোদনৰ পিছত অনন্য হাইড্ৰকাৰ্বন সংসাধন প্ৰকাৰৰ স্থানত সমান অনুজ্ঞাপত্ৰ নীতিপ্ৰৱৰ্তন হ, যি হাইড্ৰকাৰ্বন অন্বেষণ তথা অনুজ্ঞাপত্ৰ নীতি (এইচইএলপি) তথা অন্বেষিত লঘূ ক্ষেত্ৰ (ডিএছএফ) নীতিত এই সময় প্ৰৱৰ্তিত হব৷

পিএছচি ব্লকত নতুন হাইড্ৰকাৰ্বন অন্বেষণ নীতিৰ ব্যয় পুনৰুদ্ধাৰ আৰু পেট্ৰলিয়াম গতিবিধিৰ সঞ্চালনৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে নীতিগত বিত্তীয় তথা নীতি সম্বন্ধীয় চৰ্তসমূহ সহায়ক হয়৷ চিবিএম নীতিৰ ক্ষেত্ৰত পেট্ৰলিয়াম লাভ/উৎপাদন স্তৰীয় জমাৰ অতিৰিক্ত ১০ শতাংশ দৰ তথা এই বিষয়ত উপলব্ধ দৰতকৈ অধিকসমূহক চৰকাৰৰ সৈতে নতুন অন্বেষণৰ সম্বন্ধত সহযোগিতা কৰিব লাগিব৷ মনোনীত ব্লকৰ বাবে অন্বেষণ/পট্টা অনুজ্ঞাপত্ৰৰ উপলব্ধ বিত্তীয় আৰু নীতি চৰ্তৰ অধীনত অপৰম্পৰাগত হাইড্ৰকাৰ্বনৰ অন্বেষণ তথা ব্যৱহাৰৰ অনুমতিৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰা হব৷   

 

****

AKT/SH/MANN



(Release ID: 1541495) Visitor Counter : 155