প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে গ্ৰাম্য বৈদ্যুতীকৰণ আৰু সৌভাগ্য আঁচনিৰ উপভোক্তাৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে মত-বিনিময় কৰে

Posted On: 19 JUL 2018 11:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৪ৰ পাছত বৈদ্যুতিকৰণেৰে সংযুক্ত দেশৰ গ্ৰামাঞ্চলৰ বিভিন্ন নাগৰিকৰ সৈতে মতবিনিময় কৰে৷ প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনাসৌভাগ্য আঁচনিৰ উপভোক্তাসকলৰ সৈতে তেওঁ ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে বাৰ্তালাপত মিলিত হয়৷ চৰকাৰৰ বিভিন্ন আঁচনিৰ উপভোক্তাৰ সৈতে প্ৰধানমন্ত্ৰীৰ এয়া আছিল দশমটো মত-বিনিময় অনুষ্ঠান৷

শেহতীয়াকৈ বিদ্যুৎ সংযোগ লাভ কৰা ১৮০০০ গাওঁৰ বাসিন্দাৰ সৈতে বাৰ্তালাপৰ সুযোগ লাভ কৰি প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে৷ তেওঁ কয়আন্ধাৰ নেদেখা লোকে পোহৰৰ অৰ্থ বুজিব নোৱাৰে৷ যিসকলে আন্ধাৰত জীৱন কটোৱা নাই, তেওঁলোকে পোহৰৰ মূল্য অনুভৱ কৰিব নোৱাৰে৷

প্ৰধানমন্ত্ৰীয়ে মত-বিনিময়ত কয় যে এনডিএ চৰকাৰ শাসনলৈ অহাৰ অহাৰ পাছত হাজাৰ হাজাৰ গাওঁ আলোকিত হৈছে৷ বিগত চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিৰ বিপৰীতে বৰ্তমানৰ চৰকাৰে দেশৰ প্ৰতিখন গাওঁত বিদ্যুৎ সংযোগেৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে৷ চৰকাৰে কেৱল বৈদ্যুতিকৰণতে গুৰুত্ব আৰোপ কৰা নাই, বিতৰণ ব্যৱস্থাৰো সংস্কাৰ সাধন কৰিছে৷

স্বাধীনতাৰ ৭০বছৰ পাছতো বিদ্যুৎ সংযোগ লাভ নকৰা এই ১৮০০০ গাওঁত বিগত ৪বছৰত বিদ্যুতৰ সুবিধা আগবঢ়োৱা হৈছে৷ ২০১৮ৰ ২৮ এপ্ৰিলত উত্তৰ-পূৱৰ মণিপুৰৰ লেইছাং গাঁও আছিল বিদ্যুত সংযোগ লাভ কৰা দেশৰ অন্তিমখন গাওঁ৷ নৰেন্দ্ৰ মোদীয়ে কয় যে অন্তিম ১৮০০০ গাঁওক বৈদ্যুতিকৰণেৰে সাঙুৰি লোৱাতো অত্যন্ত কঠিন কাম আছিল, কিয়নো এই গাঁওসমূহ ভিতৰুৱা আৰু পাহাৰীয়া অঞ্চলত আছিল৷ তদুপৰি যোগাযোগ ব্যৱস্থাও অতি শোচনীয় আছিল৷ তথাপি সকলো প্ৰত্যাহ্বান নেওচি একাংশ দক্ষ ব্যক্তিৰে গঠিত এটি দলে দেশৰ প্ৰতিখন গাঁওত বিদ্যুৎ সংযোগৰ সপোন সাৰ্থক কৰি তুলিলে৷

প্ৰধানমন্ত্ৰীয়ে উনুকিয়াই দিয়ে যে চৰকাৰে দেশৰ ১৮,০০০ খন গাওঁৰ ভিতৰত পূব ভাৰতৰ ১৪,৫৮২খন বিদ্যুৎ বঞ্চিত গাওঁৰ পৰিৱেশ সলনি কৰিছে আৰু ইয়াৰে ৫৭৯০ খন গাওঁ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ৷ সম্পূৰ্ণ বৈদ্যুতিকৰণৰ ফলত এতিয়া পূব ভাৰতে দেশৰ উন্নয়নৰ যাত্ৰাত বৃহৎ ভূমিকা গ্ৰহণ কৰিব পাৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনাৰ লক্ষ্য হৈছে দেশৰ প্ৰতিঘৰ পৰিয়ালক বিদ্যুৎ সংযোগেৰে সাঙুৰি লোৱা৷ এই যোজনাৰ অধীনত এইপৰ্যন্ত ৮৬ লাখ পৰিয়ালে বিদ্যুৎ সংযোগ লাভ কৰিবলৈ সক্ষম হৈছে৷ যোজনাই মিছন মুডেৰে কাম কৰি আছে আৰু প্ৰায় ৪ কোটি পৰিয়ালক বিদ্যুৎ সংযোগেৰে ই সামৰি ল’ব৷

প্ৰধানমন্ত্ৰীৰ সৈতে মত-বিনিময়ত দূৰ-দূৰণিৰ গাওঁৰ উপভোক্তাসকলে বৰ্ণনা কৰে বিদ্যুতে কিদৰে তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে৷ সূৰ্যাস্তৰ পূৰ্বে কাম সমাপ্ত কৰাৰ পৰা আৰম্ভ কৰি কেৰোচিনৰ সহায়ত শিশুক পঢ়িবলৈ বাধ্য কৰোৱা আদি সমস্যাৰ পৰা এতিয়া সকলো মুক্ত৷ অধিকাংশ উপভোক্তাই কৈছে যে তেওঁলোকৰ জীৱন-ধাৰণৰ মান সামগ্ৰিকভাৱে উন্নত হৈছে৷  উপভোক্তাসকলে প্ৰধানমন্ত্ৰী মোদীক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

***

AKT/SH/AK/MS



(Release ID: 1539442) Visitor Counter : 105