কেবিনেট

ঔষধ, জৈৱ পদার্থ আৰু প্রশাধনী সামগ্ৰী উৎপাদনৰ নিয়ন্ত্রণমূলক কাম-কাজৰ ক্ষেত্রত ভাৰত-ইণ্ডোনেছিয়াৰ মাজত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত কেবিনটেৰ অনুমোদন

পোষ্ট কৰা হৈছে: 18 JUL 2018 5:36PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ঔষধ, চিকিৎসাৰ ক্ষেত্রত ব্যৱহৃত অন্যান্য সঁজুলি তথা জৈৱ পদাৰ্থ আৰু প্রশাধনী সামগ্রী উৎপাদন সম্পৰ্কীয় নিয়ন্ত্রক ব্যৱস্থাক দক্ষ আৰু উন্নত কৰিবলৈ ২০১৮ৰ ২৯ মেত জাকার্টাত ভাৰতৰ চেন্ট্রেল ড্রাগ্‌ছ ষ্টেণ্ডার্ড কন্ট্রোল অর্গেনাইজেচন (চিডিএছচিঅ) আৰু ইণ্ডোনেছিয়াৰ আৰু নেচনেল এজেন্সি ফৰ ড্রাগ এণ্ড ফুড কন্ট্রোল (বিপিঅএম)ৰ মাজত স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়।

এই চুক্তিয়ে নিয়ন্ত্রণমুলক কাম-কাজৰ দক্ষতা বৃদ্ধিৰ প্রচেষ্টাৰ জৰিয়তে দুয়ো দেশৰ মাজত বুজাবুজিত এক বিশেষ পৰিৱেশ গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে

ভাৰতৰ ঔষধ আৰু চিকিৎসাৰ ক্ষেত্রত ব্যৱহৃত সা-সঁজুলি ৰপ্তানিৰ ক্ষেত্ৰই ইয়াৰ ফলত বিশেষভাবে উৎসাহিত হ তদুপৰি, সংশ্লিষ্ট ক্ষেত্রত ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত সহযোগিতা আৰু তথ্য বিনিময়ৰ এক বিশেষ পৰিৱেশৰো সৃষ্টি হ

****

AKT/SNC/SH/DB


(ৰিলিজ আই ডি : 1539280) অতিথি কক্ষ : 125
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam