কেবিনেট

কেবিনেটৰ জম্মু-কাশ্মীৰৰ উধামপুৰ জিলাত কেন্দ্ৰীয় বিদ্যালয় সংখ্যা ২ ধাৰ ৰোডৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনক ৭.১১৮ একৰ প্ৰতিৰক্ষা ভূমি হস্তান্তৰিত কৰাৰ বাবে অনুমোদন

Posted On: 04 JUL 2018 2:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি জম্মু-কাশ্মীৰৰ উধামপুৰ জিলাত কেন্দ্ৰীয় বিদ্যালয় সংখ্যা-২ ধাৰ ৰোডৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় বিদ্যালয়ৰ সংগঠনক ৩০ বৰ্ষৰ সময়সীমাৰ বাবে ৭.১১৮ একৰ প্ৰতিৰক্ষা ভূমি হস্তান্তৰিত কৰিবলৈ অনুমোদন প্ৰদান কৰিছে, যাৰ নৱীকৰণ ৩০ বছৰৰ পিছত কৰিব পৰা যাব৷

পৃষ্ঠভূমিঃ

ধাৰ ৰোড-উধামপুৰস্থিত কেন্দ্ৰীয় বিদ্যালয় সংখ্যা-, ১৯৮৫ৰ পৰা এক স্থায়ী ভৱনত পৰিচালিত হৈ আহিছে৷ বৰ্তমান কেন্দ্ৰীয় বিদ্যালয় সংখ্যা-, ধাৰ ৰোড উধামপুৰত মুঠ ৮৫১ গৰাকী শিক্ষাৰ্থী আছে৷ কেন্দ্ৰীয় বিদ্যালয় সংগঠন দ্বাৰা স্বয়ং স্থাপিং বিদ্যালয় ভৱনৰ নিৰ্মাণৰ দ্বাৰা বিদ্যালয় প্ৰশাসনত তাত কাৰ্যৰত কৰ্মীৰ শৈক্ষিক প্ৰযোজনীয়তা পূৰণৰ বাবে বুনিয়াদী আন্তঃগাঁথনি প্ৰস্তুত কৰাত সহায়ক হব৷

****

AKT/VBA/SH/MANN



(Release ID: 1537789) Visitor Counter : 77