কেবিনেট

চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগত এটাকৈ উপাধ্যক্ষ আৰু সদস্য পদ সৃষ্টিত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 04 JUL 2018 2:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগত এটাকৈ উপাধ্যক্ষ আৰু সদস্য পদ সৃষ্টিত অনুমোদন জনোৱা হয়।

আয়োগৰ কাম-কাজ সুক্ষ্মভাৱে পৰিচালনা কৰাৰ লগতে নিৰ্দিষ্ট গোটটোৰ কল্যান আৰু উন্নয়নৰ উদ্দেশ্যে কেবিনেটত এই সিদ্ধান্ত লোৱা হয়।

পটভূমিঃ

উল্লেখ্য যে চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগে চাফাই কৰ্মচাৰী আৰু ঝাৰুৱালীসকলৰ কল্যানৰ অৰ্থে কাম কৰে। এই লোকসকলৰ মাজত অসমতা দূৰ কৰাৰ লগতে তেওঁলোকক চিনাক্ত কৰি নিৰ্দিষ্ট সময়ৰ ভিত্তিত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাটো অতিকে গুৰুত্বপূৰ্ণ কাম।

****

AKT/VBA/SH/DB


(ৰিলিজ আই ডি : 1537788) অতিথি কক্ষ : 126
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam