কেবিনেট

কেবিনেটে ৰোগাক্ৰান্ত/লোকচানত চলি থকা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক সময়াৱদ্ধ অনুসাৰে বন্ধ কৰাৰ বাবে আৰু সেইসমূহৰ চলন্ত বা স্থিৰ সম্পত্তিৰ ব্যৱস্থাকৰণ কৰাৰ বাবে সংশোধিত দিশ নিৰ্দেশৰ অনুমোদন প্ৰদান কৰিছে

प्रविष्टि तिथि: 06 JUN 2018 3:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৰোগাক্ৰান্ত/লোকচানত চলি থকা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক (চিপিএছই)ৰ সময়াৱদ্ধ প্ৰক্ৰিয়াৰে বন্ধ কৰিবলৈ তথা সেইসমূহৰ চলন্ত অথবা স্থিৰ সম্পত্তিৰ ব্যৱস্থাকৰণৰ বাবে ৰাজহুৱা খণ্ডৰ বিভাগ (ডিপিই)ক অনুমোদন জনাইছে৷ সংশোধিত দিশ নিৰ্দেশনাৰ দ্বাৰা ৰোগাক্ৰান্ত/লোকচানত চলি থকা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডসমূহ বন্ধ কৰিবলৈ প্ৰয়োজন হোৱা যোজনাসমূহ প্ৰণয়ন কৰিবলৈ হোৱা বিলম্বক মোকাবিলা কৰাৰ বাবে সহায় প্ৰাপ্ত হব৷ এই দিশ নিৰ্দেশনা ডিপিআইৰ দ্বাৰা ছেপ্টেম্বৰ ২০১৬ ত প্ৰণয়ন কৰা দিশ নিৰ্দেশনাৰ স্থান গ্ৰহণ কৰিব৷

এই দিশ নিৰ্দেশনাৰ দ্বাৰা চিপিএছইক বন্ধ কৰাৰ বাবে বিভিন্ন প্ৰক্ৰিয়াক ক্ষীপ্ৰ গতিত পূৰণ কৰাৰ বাবে এক ব্যাপক আন্তঃগাঁথনি প্ৰাপ্ত হব৷ ইয়াৰ জৰিয়তে চিপিএছইক প্ৰক্ৰিয়াগত ভাৱে বন্ধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ, এই প্ৰক্ৰিয়াৰ সৈতে সম্বন্ধিত মন্ত্ৰালয়/বিভাগ/চিপিএছই আদিৰ দায়িত্ব নিশ্চিত হব৷ এই দিশ নিৰ্দেশনাৰ অধীনত প্ৰশাসনিক মন্ত্ৰালয়/বিভাগ তথা চিপিএছইৰ দ্বাৰা যোজনা পূৰ্বতেই প্ৰস্তুত কৰিবলৈ, চিপিএছইক বন্ধ কৰিবলৈ প্ৰস্তাৱ তৈয়াৰ কৰিবলৈ, বিধিগত উদ্দেশ্য তথা অন্য দায়িত্ব নিশ্চিত কৰিবলৈ আৰু এই চিপিএছইৰ চলন্ত তথা স্থিৰ সম্পত্তিক সময়াৱদ্ধ প্ৰকাৰে ব্যৱস্থাকৰণ কৰিবলৈ সহায় প্ৰাপ্ত হব৷

এই দিশ নিৰ্দেশনাৰ অধীনত বন্ধ হোৱা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ ভূ-সম্পত্তিৰ ব্যৱহাৰ আৱাস তথা নগৰ পৰিক্ৰমা মন্ত্ৰালয় (এমঅএইছইউএ)ৰ সংবদ্ধ দিশ নিৰ্দেশৰ অধীনত লাভজনক আৱাসী পৰিযোজনাত কৰা হব৷ যিহেতু এই কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকল এতিয়াও কৰ্মৰত সেয়েহে চৰকাৰে এই সিদ্ধান্ত লৈছে যে তেওঁলোকে যাতে একো সমস্যাৰ সন্মুখীন হবলগীয়া নহয়৷ ইয়াৰ বাবে সকলো কৰ্মৰত কৰ্মচাৰীসকলক ২০০৭ৰ ৰাষ্ট্ৰীয় দৰমহা ভাট্টাত ভিআৰএছ দিয়াৰ বাবে একক নীতি প্ৰস্তুত কৰা হৈছে৷

এই দিশ নিৰ্দেশনা সেই সকলো ৰোগাক্ৰান্ত/লোকচানত চলি থকা ৰাজহুৱা খণ্ডৰ বাবে প্ৰণয়ন হব যি,

. প্ৰশাসননিক মন্ত্ৰালয়/বিভাগ বন্ধৰ প্ৰস্তাৱৰ বাবে চিচিইএ/কেবিনেটৰ পৰা অনুমোদন/সিদ্ধান্তগত অনুমোদন প্ৰাপ্ত কৰা হৈছে৷

অথবা

. চিপিএছইক বন্ধ কৰাৰ বাবে প্ৰশাসনিক মন্ত্ৰালয়/বিভাগৰ সিদ্ধান্তৰ পিছত প্ৰাধিকৃত বিষয়াৰ দ্বাৰা অনুমোদন লোৱাৰ প্ৰক্ৰিয়াত আছে৷

লাভজনক আৱাসক প্ৰাথমিকতা প্ৰদান কৰি আৱাস তথা নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা সঞ্চালিত চৰকৰাৰ মুখ্য লাভজনক আৱাস কাৰ্যক্ৰমৰ বাবে বন্ধ হবলগীয়া ৰোগাক্ৰান্ত/লোকচানত চলি থকা ৰাজহুৱা খণ্ডৰ ভূ-খণ্ড উপলব্ধ হব৷

 

****

AKT/VBA/SH/MANN


(रिलीज़ आईडी: 1535266) आगंतुक पटल : 115
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Gujarati , Tamil , Kannada , Malayalam