কেবিনেট

স্বাস্থ্য সেৱা আন্তঃগাঁথনিৰ সৱলীকৰণ কেবিনেটে প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা ২০১৯-২০ পৰ্যন্ত অব্যাহত ৰখাৰ অনুমোদন প্ৰদান কৰিছে

Posted On: 02 MAY 2018 3:31PM by PIB Guwahati

দেশত স্বাস্থ্য সেৱা আন্তঃগাঁথনিৰ বিস্তাৰক বৃহৎ স্তৰত সামৰি লোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা (পিএমএছএছৱাই)ক দ্বাদশ পঞ্চবৰ্ষীয় যোজনাৰ আগলৈও ২০১৯-২০ পৰ্যন্ত জাৰি ৰখাৰ বাবে স্বীকৃতি দিছে৷ ইয়াৰ বাবে ১৪,৮৩২ কোটি টকাৰ বিত্তীয় আৱণ্টন দিয়া হৈছে৷ এই যোজনাৰ অন্তৰ্গত নতুন অখিল ভাৰতীয় সংস্থা (এইমছ) স্থাপন কৰা হৈছে আৰু চৰকাৰী মেডিকেল নিৰ্মাণ কৰা হৈছে৷

উদ্দেশ্যঃ

কেন্দ্ৰীয় ক্ষেত্ৰৰ যোজনা পিএমএছএছৱাইৰ উদ্দেশ্য হ’ল সামান্য ৰূপত দেশৰ বিভিন্ন অংশত স্বাস্থ্য সেৱাৰ সুবিধাৰ উপলব্ধতাৰ অসমতা ঠিক কৰা আৰু বিশেষ ৰূপত অপৰ্যাপ্ত সেৱা সুবিধাযুক্ত ৰাজ্যত গুণগত চিকিৎসা শিক্ষাৰ বাবে সুবিধা শক্তিশালী কৰা৷

প্ৰভাৱঃ

নতুন এইমছৰ স্থাপনে কেৱল স্বাস্থ্য, শিক্ষা আৰু প্ৰশিক্ষণত পৰিৱৰ্তন অনাই নহয়, এই ক্ষেত্ৰত স্বাস্থ্য সেৱাৰ পেছাদাৰী লোকৰ অভাৱো হ্ৰাস কৰিব৷ নতুন এইমছৰ নিৰ্মাণ সম্পূৰ্ণৰূপে কেন্দ্ৰ চৰকাৰৰ ধনৰ জৰিয়তে কৰা হ’ব৷ নতুন এইমছৰ সঞ্চালন আৰু ৰক্ষণাৱেক্ষণো সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বহন হ’ব৷

উন্নয়ন কাৰ্যত ব্যাপক ৰূপত ছুপাৰ স্পেচিয়েলিটী ব্লক/ট্ৰ’মা চেণ্টাৰ আদিৰ নিৰ্মাণৰ মাধ্যমৰ জৰিয়তে স্বাস্থ্য সুবিধাৰ বিকাশ আৰু কেন্দ্ৰ তথা ৰাজ্যৰ অংশীদাৰীত্বৰ আধাৰত বৰ্তমান তথা নতুন সুবিধাৰ বাবে চিকিৎসা উপকৰণ আদি ক্ৰয় কৰা হ’ব৷

নিয়োজন সৃষ্টিঃ

বিভিন্ন ৰাজ্যত নতুন এইমছৰ স্থাপনৰ জৰিয়তে বিভিন্ন এইমছৰ ফেকাল্টী আৰু ফেকাল্টীবিহীন পদৰ বাবে প্ৰায় ৩,০০০জন লোকে নিয়োজন প্ৰাপ্ত কৰিব৷ এইমছৰ আশে-পাশে শ্ব’পিং চেণ্টাৰ, কেণ্টিন আজিৰ সুবিধা তথা সেৱাৰ জৰিয়তে অপ্ৰত্যক্ষ ৰূপত নিয়োগৰ সুবিধাৰ সৃষ্টি হ’ব৷ নিৰ্বাচিত চৰকাৰী মেডিকেল কলেজসমূহত উন্নয়নৰ কাৰ্য কেন্দ্ৰ চৰকাৰৰ পৰ্যৱেক্ষণত ভাৰত চৰকাৰৰ দ্বাৰা নিযুক্ত এজেন্সীৰ দ্বাৰা কৰা হয়৷ সম্বন্ধিত ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰৰ দ্বাৰা এই মেডিকেল কলেজত নিয়মানুসৰি স্নাতকোত্তৰ আসন আৰু অতিৰিক্ত ফেকাল্টী পদ সৃষ্টি কৰি এইসমূহ পূৰণ কৰা হ’ব৷

নতুন এইমছৰ আন্তঃগাঁথনিৰ বাবে অন্তৰ্ভুক্ত নিৰ্মাণ গতিবিধি তথা চৰকাৰী মেডিকেল কলেজৰ উন্নয়নৰ কাৰ্য নিৰ্মাণ স্তৰত ব্যাপক ৰোজগাৰ সৃষ্টি হোৱাৰ আশা আছে৷

পৃষ্ঠভূমিঃ

পিএমএছএছৱাইৰ ঘোষণা ২০০৩ চনতে কৰা হৈছিল৷ ইয়াৰ উদ্দেশ্য সামান্য ৰূপত দেশৰ বিভিন্ন অংশত স্বাস্থ্য সেৱাৰ সুবিধাৰ উপলব্ধতাৰ অসমতা ঠিক কৰা আৰু বিশেষ ৰূপত অপৰ্যাপ্ত সেৱা সুবিধাযুক্ত ৰাজ্যত গুণগত চিকিৎসা শিক্ষাৰ বাবে সুবিধা শক্তিশালী কৰা৷ পিএমএছএছৱাইৰ দুটা অংশ আছেঃ

 ১. এইমছসদৃশ সংস্থাসমূহৰ স্থাপন তথা

২. ৰাজ্য চৰকাৰৰ বৰ্তমানৰ মেডিকেল কলেজসমূহৰ উন্নয়ন৷

পিএমএছএছৱাইৰ অন্তৰ্গত যোজনাসমূহঃ

পিএমএছএছৱাইৰ বিভিন্ন স্তৰত আৰম্ভ কৰা বিভিন্ন যোজনা এই ধৰণৰঃ

স্তৰ আৰু বাজেটত ঘোষিত বৰ্ষ

এএছএমএছৰ দৰে সংস্থা

ৰাজ্যৰ চৰকাৰী মেডিকেল কলেজৰ উন্নয়ন

পৰ্যায়- (২০০৬)

ভূপাল, ভূৱনেশ্বৰ, যোধপুৰ, পাটনা, ৰায়পুৰ, হৃষীকেশ (০৬ খন এইমছ)

১৩ খন মেডিকেল কলেজ

পৰ্যায়- (২০০৯)

পশ্চিম বংগত এইমছ (পৰ্যায়-৪ত প্ৰেৰণ কৰা) তথা ৰায়বাৰেলী, উত্তৰ প্ৰদেশ (০১খন এইমছ)

৬ খন চৰকাৰী মেডিকেল কলেজ

পৰ্যায়- (২০১৩)

কোনো নতুন এইমছ নাই

৩৯ খন চৰকাৰী মেডিকেল কলেজ

পৰ্যায়- (২০১৪-১৫)

পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ তথা উত্তৰ প্ৰদেশত পূৰ্বাঞ্চল (০৪ খন এইমছ)

১৩ খন চৰকাৰী মেডিকেল কলেজ

পৰ্যায়-৫ (২০১৫-১৬)

জম্মু-কাশ্মীৰ, পাঞ্জাৱ, তামিলনাডু, হিমাচল প্ৰদেশ, অসম, বিহাৰ (০৭ খন এইমছ)

শূন্য

পৰ্যায় -() (২০১৬-১৭)

শূন্য

মন্ত্ৰালয়ে আইএমএছ, বিএইচইউত চুপাৰ স্পেচিয়েলিটী ব্লক তথাশ্ৰীচিত্ৰ ইন্সটিটিউট ফ’ৰ মেডিকেল ছাইঞ্চেছ এণ্ড টেকন’ল’জী, কেৰেলা (০২)

পৰ্যায়- (২০১৭-১৮)

গুজৰাট আৰু ঝাৰখণ্ড (০২খন এইমছ)

শূন্য

মুঠ

২০ খন এইমছ

৭৩টা উন্নয়ন যোজনা

 

***

AKT/VBA/SH/MANN



(Release ID: 1531444) Visitor Counter : 93