কেবিনেট

মানৱ ব্যৱহাৰৰ বাবে চিকিৎসা সামগ্ৰীৰ অধিনিয়মৰ ক্ষেত্ৰত সহযোগৰ বাবে ব্ৰিকছ দেশৰ চিকিৎসা অধিনিয়ম এজেন্সীৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 25 APR 2018 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে মানৱ ব্যৱহাৰৰ বাবে চিকিৎসা সামগ্ৰীৰ অধিনিয়মৰ ক্ষেত্ৰত সহযোগৰ বাবে ব্ৰিকছ দেশৰ চিকিৎসা অধিনিয়ম এজেন্সীৰ মাজত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷

বুজাবুজিৰ চুক্তিখনৰ ফলস্বৰূপে সংশ্লিষ্ট পক্ষসমূহৰ মাজত অধিনিয়ম সন্দৰ্ভত বুজাবুজি অধিক উন্নত হ’ব আৰু ইয়ে ব্ৰিকছ দেশলৈ ভাৰতৰ চিকিৎসা সামগ্ৰী ৰপ্তানি বৃদ্ধিত সহায় কৰিব৷

*****

AKT/VBA/SH/MS


(ৰিলিজ আই ডি : 1530504) অতিথি কক্ষ : 120
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , Gujarati , Tamil , Telugu , Kannada , Malayalam