Technology
ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে শাসন ব্যৱস্থাক শক্তিশালীকৰণ
प्रविष्टि तिथि:
12 AUG 2026 18:34 PM
সংযুক্ত আৰু নাগৰিক-কেন্দ্ৰিক ভাৰত গঢ়ি তোলা
ভাৰতৰ শাসন ব্যৱস্থাই ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (Digital Public Infrastructure – DPI)-ৰ জৰিয়তে এক মৌলিক পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে। যিবোৰ ৰাজহুৱা সেৱা এসময়ত ব্যাপক কাগজ-পত্ৰ আৰু ভৌতিক কাৰ্যালয়ৰ ওপৰত নিৰ্ভৰশীল আছিল, সেইবোৰ এতিয়া সংহত ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে উপলব্ধ হৈছে। যোৱা ১২ বছৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে নাগৰিক, চৰকাৰ আৰু প্ৰতিষ্ঠানসমূহক অভূতপূৰ্ব পৰিসৰত সংযুক্ত কৰিছে। ইয়াৰ ফলত শাসন ব্যৱস্থা অধিক দ্ৰুত, স্বচ্ছ আৰু নাগৰিকৰ প্ৰয়োজনীয়তাৰ প্ৰতি অধিক সঁহাৰিজনক হৈ পৰিছে।
ডিজিটেল আন্তঃগাঁথনিও ভাৰতৰ অৰ্থনৈতিক বিকাশৰ এক মূল স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। ডিজিটেল অৰ্থনীতিয়ে বৰ্তমান ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product – GDP)-ৰ প্ৰায় ১২–১৪% অৰিহণা যোগায় আৰু পৰৱৰ্তী দশকত ইয়াৰ অংশ ২০% হোৱাৰ সম্ভাৱনা আছে। ২০২৬ চনৰ ষ্টেট অৱ ইণ্ডিয়াজ ডিজিটেল ইকনমি ৰিপ’ৰ্ট (State of India’s Digital Economy Report 2026) অনুসৰি, ভাৰত এতিয়া বিশ্বৰ পঞ্চম সৰ্বাধিক ডিজিটেলাইজড অৰ্থনীতি আৰু G20-ৰ চতুৰ্থ সৰ্বোচ্চ স্থানপ্ৰাপ্ত অৰ্থনীতি। ভাৰতে ৮০তম স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ত, ডিজিটেল শাসনৰ নিৰন্তৰ সম্প্ৰসাৰণে সেৱা প্ৰদান শক্তিশালী কৰা, অৰ্থনৈতিক সুযোগ সৃষ্টি কৰা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়াত সহায় কৰিছে।
ভাৰতৰ ডিজিটেল আত্মনিৰ্ভৰশীলতাৰ পৰিৱেশৰ মূল মাইলৰ খুঁটিসমূহ
ইলেক্ট্ৰনিকছ উৎপাদন: ভাৰতৰ আত্মনিৰ্ভৰশীলতাক আগুৱাই নিয়া

মেক ইন ইণ্ডিয়া (Make in India)-ৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ ভাৰত ইলেক্ট্ৰনিকছ উৎপাদনৰ এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। উৎপাদন-সংযুক্ত প্ৰোৎসাহন (Production Linked Incentive – PLI) আঁচনি, ইলেক্ট্ৰনিকছ কম্প’নেণ্টছ মেনুফেকচাৰিং স্কীম (Electronics Components Manufacturing Scheme – ECMS), ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন (India Semiconductor Mission – ISM), মডিফাইড ইলেক্ট্ৰনিকছ মেনুফেকচাৰিং ক্লাষ্টাৰ্ছ (Modified Electronics Manufacturing Clusters – EMC 2.0)-কে ধৰি প্ৰধান পদক্ষেপসমূহে ভাৰতত ঘৰুৱা উৎপাদন শক্তিশালী কৰিছে।
- ইলেক্ট্ৰনিকছ উৎপাদনত ৭-গুণ বৃদ্ধি: ২০১৪–১৫ চনত ১.৯ লাখ কোটি টকাৰ পৰা ২০২৫–২৬ চনত ইলেক্ট্ৰনিকছ উৎপাদন ১৩.১১ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।
- ইলেক্ট্ৰনিকছ ৰপ্তানিত ১১-গুণ বৃদ্ধি: একে সময়ছোৱাত ইলেক্ট্ৰনিকছ ৰপ্তানি ৩৮,০০০ কোটি টকাৰ পৰা ৪.২৪ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।
- তৃতীয় সৰ্ববৃহৎ ৰপ্তানি খণ্ড: ইলেক্ট্ৰনিক সামগ্ৰী এতিয়া ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ৰপ্তানি শ্ৰেণী হৈ পৰিছে, ২০২৫–২৬ বিত্তীয় বৰ্ষত ৰপ্তানিৰ পৰিমাণ ৪৭.৯৬ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে।
- নিয়োগ আৰু মহিলাৰ অংশগ্ৰহণ: ইলেক্ট্ৰনিকছ উৎপাদন পৰিৱেশতন্ত্ৰই প্ৰায় ২৫ লাখ চাকৰি সমৰ্থন কৰে, য’ত মহিলাই কৰ্মশক্তিৰ প্ৰায় ৩০% গঠন কৰে।
ভাৰতৰ ছেমিকণ্ডাক্টৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলা
কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ ছেমিকণ্ডাক্টৰ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ বাবে ১.২৭ লাখ কোটি টকা ব্যয়ৰ সৈতে ছেমিকন ২.০ (Semicon 2.0) অনুমোদন কৰিছে। আই.এছ.এম. ১.০ (ISM 1.0)-ৰ অধীনত ১.৬৪ লাখ কোটি টকা মূল্যৰ ১২টা ছেমিকণ্ডাক্টৰ ইউনিট অনুমোদন কৰা হৈছে। ইতিমধ্যে তিনিটা প্ৰতিষ্ঠানে বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছে আৰু এই বছৰ আন এটা ইউনিটে কাৰ্যকলাপ আৰম্ভ কৰাৰ সম্ভাৱনা আছে।
মোবাইল ফোন: বিকাশৰ এক প্ৰধান চালিকা শক্তি

- বিশ্বব্যাপী মোবাইল উৎপাদন কেন্দ্ৰ: ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাতা। মোবাইল ফোন ২০১৪–১৫ বিত্তীয় বৰ্ষত ১৫৩তম সৰ্ববৃহৎ ৰপ্তানি সামগ্ৰী আছিল যদিও ২০২৫–২৬ বিত্তীয় বৰ্ষত ই ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি সামগ্ৰীলৈ পৰিণত হৈছে।
- মোবাইল ফোন উৎপাদনত ৩৩-গুণ বৃদ্ধি: উৎপাদন ২০১৪–১৫ চনৰ ১৮,০০০ কোটি টকাৰ পৰা ২০২৫–২৬ চনত ৬.২৭ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।
- মোবাইল ফোন ৰপ্তানিত ১৬৫-গুণ বৃদ্ধি: একে সময়ছোৱাত ৰপ্তানি ১,৫০০ কোটি টকাৰ পৰা ২.৫৯ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।
- নিয়োগ আৰু মহিলাৰ অংশগ্ৰহণ: মোবাইল উৎপাদন খণ্ডৰ ১২ লাখ চাকৰিৰ ভিতৰত মহিলাই কৰ্মশক্তিৰ প্ৰায় ৭০% গঠন কৰে।
উন্নত টেলিকমিউনিকেচন আন্তঃগাঁথনি
- টেলিফোন সংযোগ: ২০১৪ চনত ৯৩.৩ কোটিৰ পৰা ২০২৬ চনৰ জুনৰ শেষলৈ টেলিফোন সংযোগ ১৩৪.৮+ কোটিলৈ বৃদ্ধি পাইছে।
- উচ্চতৰ টেলি-ডেনচিটি: ২০১৪ চনত ৭৫.২৩%ৰ পৰা ২০২৬ চনৰ জুনৰ শেষলৈ টেলি-ডেনচিটি ৯৪.৩১%লৈ বৃদ্ধি পাইছে।
- ৱায়াৰলেছ মোবাইল গ্ৰাহক: ২০২৬ চনৰ জুনত সক্ৰিয় ৱায়াৰলেছ মোবাইল গ্ৰাহকৰ সংখ্যা ১২০১.০৬ মিলিয়নত উপনীত হৈছে।
ইণ্টাৰনেট আৰু ডিজিটেল সংযোগ

- ইণ্টাৰনেট ব্যৱহাৰকাৰী চাৰিগুণ বৃদ্ধি: ২০১৪ চনত ২৫.১৫ কোটিৰ পৰা ২০২৬ চনৰ মাৰ্চৰ শেষলৈ ইণ্টাৰনেট গ্ৰাহকৰ সংখ্যা ১০৯.২+ কোটিলৈ বৃদ্ধি পাইছে।
- সুলভ মোবাইল ডাটা: ২০১৪ চনত ৩০৮ টকা/গিগাবাইট (GB)ৰ পৰা ২০২৬ চনত ৭.৫১ টকা /গিগাবাইট (GB)লৈ ৱায়াৰলেছ ডাটাৰ মূল্য নাটকীয়ভাৱে হ্ৰাস পাইছে, যাৰ ফলত ডিজিটেল সেৱা অধিক সুলভ হৈ পৰিছে।
- মোবাইল ব্ৰডবেণ্ডৰ গতি: Ookla-ৰ গ্ল’বেল স্পীডটেষ্ট ইনডেক্স (Global Speedtest Index) অনুসৰি, গড় মোবাইল ব্ৰডবেণ্ড ডাউনলোডৰ গতি ২০২২ চনৰ মাৰ্চত ১৩.৬৭ মেগাবাইট প্ৰতি ছেকেণ্ড (Mbps)ৰ পৰা ২০২৫ চনৰ ডিচেম্বৰত ১৩২.০০ মেগাবাইট প্ৰতি ছেকেণ্ড (Mbps)লৈ বৃদ্ধি পাইছে।
- দেশজুৰি ৫জি (5G) সম্প্ৰসাৰণ: বৰ্তমান সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৯.৯% জিলাত ৫জি (5G) সেৱা উপলব্ধ। ২০২৬ চনৰ জুনত ৫জি বেছ ট্ৰেন্সিভাৰ ষ্টেচন (5G Base Transceiver Stations – BTSs)-ৰ সংখ্যা ৫.৬৩ লাখত উপনীত হৈছে।
- গ্ৰাম্য মোবাইল সংযোগৰ সম্প্ৰসাৰণ: বি.এছ.এন.এল. (BSNL) আৰু অন্যান্য অপাৰেটৰৰ দ্বাৰা মুঠ ৬.৩১ লাখ গাঁও ৪জি (4G) সেৱাৰ অধীনলৈ আহিছে।
- ভাৰতনেট পদক্ষেপৰ অধীনত সংযোগ: ২০২৬ চনৰ জুনলৈ ২.২১ লাখ গ্ৰাম পঞ্চায়ত সেৱা-প্ৰস্তুত অৱস্থাত আছে, যাক ৮.৫ লাখৰো অধিক ৰুট কিলোমিটাৰ অপ্টিকেল ফাইবাৰ কেবলে সমৰ্থন কৰিছে।
- পি.এম.-ৱাণী (PM-WANI): পি.এম.-ৱাণী (Prime Minister Wi-Fi Access Network Interface – PM-WANI)য়ে ৰাজহুৱা ডাটা অফিচ আৰু অন্যান্য পৰিৱেশতন্ত্ৰৰ অংশীদাৰৰ বিতৰণমূলক নেটৱৰ্কৰ জৰিয়তে সুলভ ৰাজহুৱা ৱাই-ফাই প্ৰদান কৰে। ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীলৈ দেশজুৰি ৪ লাখৰো অধিক হটস্পট স্থাপন কৰা হৈছে। ২০২৬ চনৰ মে’ মাহত প্ৰৱৰ্তিত নতুন সংস্কাৰসমূহে কিউ.আৰ. (QR)-ভিত্তিক প্ৰমাণীকৰণ, ১৫, ৩০ আৰু ৬০ মিনিটৰ ৱাই-ফাই প্লেন আৰু মানকীকৃত হটস্পট নামৰ সুবিধা প্ৰদান কৰিছে।
ভাৰতে ৬জি (6G) যুগৰ বাবে প্ৰস্তুতি চলাইছে
ভাৰত ৬জি ভিজন (Bharat 6G Vision)-এ ২০৩০ চনৰ ভিতৰত ভাৰতক ৬জি (6G) প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত স্থান দিয়াৰ লক্ষ্য ৰাখিছে। ইয়াৰ কেন্দ্ৰবিন্দু হৈছে দেশীয় গৱেষণা, বৌদ্ধিক সম্পত্তি, মানদণ্ড বিকাশ আৰু পৰৱৰ্তী প্ৰজন্মৰ টেলিকম উদ্ভাৱন।
ইউ.পি.আই. (ইউ.পি.আই. (UPI)): নিৰৱচ্ছিন্ন ডিজিটেল পেমেণ্টৰ শক্তি

ইউ.পি.আই. (UPI))-এ বিশ্বব্যাপী ৰিয়েল-টাইম পেমেণ্ট লেনদেনৰ পৰিমাণৰ প্ৰায় ৫০% সামৰি লৈছে, যাৰ ফলত ই পৰিমাণৰ ভিত্তিত বিশ্বৰ সৰ্ববৃহৎ ৰিয়েল-টাইম পেমেণ্ট ব্যৱস্থা হৈ পৰিছে।
- লেনদেনৰ পৰিমাণ: ২০২৫–২৬ বিত্তীয় বৰ্ষত ইউ.পি.আই. (UPI)-য়ে ৩১৪.২৩ লাখ কোটি টকা মূল্যৰ ২৪,১৬১.৬৯ কোটি লেনদেন সম্পন্ন কৰিছে।
- ভাৰতৰ সৰ্ববৃহৎ ডিজিটেল পেমেণ্ট নেটৱৰ্ক: ইউ.পি.আই. (UPI)-য়ে ৫৫.৪৯ কোটিতকৈ অধিক ব্যক্তি, ৬.৫ কোটি ব্যৱসায়ী আৰু এটা প্লেটফৰ্মত ৭৩১টা বেংকক সংযোগ কৰিছে, যাৰ ফলত ই বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল পেমেণ্ট ব্যৱস্থা হৈ পৰিছে।
- ভাৰতৰ ডিজিটেল পেমেণ্টত ইউ.পি.আই. (UPI)-ৰ অংশ: ২০২৫–২৬ বিত্তীয় বৰ্ষত ইউ.পি.আই. (UPI)-য়ে ভাৰতৰ ডিজিটেল পেমেণ্ট লেনদেনৰ পৰিমাণৰ ৮৫% গঠন কৰিছে।
- মাহিলী লেনদেনৰ তীব্ৰ বৃদ্ধি: ২০১৬ চনত মাহত ০.০১ কোটিৰ পৰা ২০২৫ চনত মাহত ২,০০০+ কোটি ইউ.পি.আই. (UPI) লেনদেনলৈ বৃদ্ধি পাইছে, যিয়ে সমগ্ৰ ভাৰতত ইয়াৰ দ্ৰুত গ্ৰহণযোগ্যতা প্ৰতিফলিত কৰিছে।
- ইউ.পি.আই. (UPI)-ৰ বিশ্বব্যাপী সম্প্ৰসাৰণ: কম্বোডিয়া, ছিংগাপুৰ, ইউএই, ফ্ৰান্স, মৰিচাছ আদিকে ধৰি ১১খন বিদেশী দেশত এতিয়া ইউ.পি.আই. (UPI) গ্ৰহণ কৰা হয়।
- ডিজিটেল বাণিজ্যৰ বাবে মুক্ত নেটৱৰ্ক (Open Network for Digital Commerce – ONDC): ONDC-য়ে বিভিন্ন প্লেটফৰ্মৰ মাজত ক্ৰেতা আৰু বিক্ৰেতাক সংযোগ কৰি এক মুক্ত ডিজিটেল বাণিজ্য পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে।
- ২০২৬ চনৰ জুনলৈ ইয়াৰ ২০ কোটিৰো অধিক ক্ৰেতা, ৫ লাখ বিক্ৰেতা, ১,০০০খন চহৰত উপস্থিতি আৰু প্ৰায় ৯০ লাখ মাহিলী লেনদেন আছিল।
- ই-সৰস (eSaras) আৰু ইণ্ডিয়াহেণ্ডমেড (Indiahandmade)-ৰ সৈতে ইয়াৰ সংহতিয়ে ১১+ ক্ৰেতা এপৰ জৰিয়তে আত্মসহায়ক গোট, তাঁতী আৰু কাৰিকৰসকলৰ বজাৰ প্ৰৱেশ সম্প্ৰসাৰিত কৰিছে, আনহাতে সহায়ক হোৱাটছএপ বট (Sahayak WhatsApp Bot)-এ ৫টা ভাষাত ক্ষুদ্ৰ ব্যৱসায়সমূহক সহায় কৰিছে।
- চৰকাৰী ই-মাৰ্কেটপ্লেচ (Government e-Marketplace – GeM): GeM-এ ৰাজহুৱা ক্ৰয়-বিক্ৰয়ক স্বচ্ছ, দক্ষ আৰু কাগজবিহীন কৰি ৰূপান্তৰিত কৰিছে।
- ২০২৬ চনৰ জুনলৈ ইয়াত মুঠ ১৮.৪ লাখ কোটি টকাৰো অধিক কিউমুলেটিভ গ্ৰছ মাৰ্চেণ্ডাইজ ভেল্যু (Gross Merchandise Value – GMV) নথিভুক্ত হৈছে, যাৰ ভিতৰত ২০২৫–২৬ বিত্তীয় বৰ্ষত ৫ লাখ কোটি টকা অন্তৰ্ভুক্ত, আৰু ১১ লাখৰো অধিক MSME-য়ে চৰকাৰী বজাৰত প্ৰৱেশৰ সুবিধা লাভ কৰিছে।
- SWAYATT (Startup Runway for Women and Youth-led Enterprises) পদক্ষেপে GeM-ৰ জৰিয়তে অন্তৰ্ভুক্তিমূলক ৰাজহুৱা ক্ৰয়ক উৎসাহিত কৰে আৰু ষ্টাৰ্টআপ, মহিলা আৰু যুৱ-নেতৃত্বাধীন উদ্যোগসমূহক চৰকাৰী ক্ৰেতাৰ সৈতে পোনপটীয়াকৈ সংযোগৰ সুবিধা প্ৰদান কৰে।
- ২০২৫–২৬ বিত্তীয় বৰ্ষলৈ মহিলা-নেতৃত্বাধীন ব্যৱসায়সমূহে ৮৩,৩২৩ কোটি টকা আৰু ষ্টাৰ্টআপসমূহে ৫৪,০০৫.৮ কোটি টকাৰ কিউমুলেটিভ অৰ্ডাৰ মূল্য নথিভুক্ত কৰিছে, যিয়ে এই পদক্ষেপৰ ক্ৰমবৰ্ধমান পৰিসৰ প্ৰদৰ্শন কৰে।
ই-গভৰ্ণেন্স পদক্ষেপসমূহে চৰকাৰৰ পৰা নাগৰিকলৈ (Government-to-Citizen - G2C) সেৱাত বিপ্লৱ আনিছে
- ডিজিলকাৰ (DigiLocker): ডিজিলকাৰে ভৌতিক নথি-পত্ৰৰ ঠাইত এক সুৰক্ষিত ডিজিটেল ৱালেটৰ ব্যৱস্থা কৰিছে। ২০২৬ চনৰ ৩১ জুলাইলৈ প্লেটফৰ্মটোত ৭২ কোটিৰো অধিক ব্যৱহাৰকাৰী পঞ্জীয়ন হৈছে আৰু ৯৩৪+ কোটি নথি জাৰি কৰা হৈছে।
- উমং (Unified Mobile Application for New-age Governance – UMANG): UMANG-য়ে চৰকাৰী সেৱাৰ একক ডিজিটেল প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত হৈছে। ২০১৭ চনৰ ১৬৬টা সেৱাৰ পৰা ২০২৬ চনৰ ২৩ জুলাইলৈ ই ২,৫৮৫টা সেৱালৈ সম্প্ৰসাৰিত হৈছে। লেনদেন ৪.৬ কোটিৰ পৰা ২০২৬ চনৰ ২৩ জুলাইলৈ ৭৯৮ কোটিৰো অধিকলৈ বৃদ্ধি পাইছে, যিয়ে ব্যাপক ডিজিটেল গ্ৰহণযোগ্যতা প্ৰতিফলিত কৰে।
- আধাৰ (Aadhaar): আধাৰে সুৰক্ষিত আৰু তাৎক্ষণিক ডিজিটেল প্ৰমাণীকৰণৰ বাবে এক বিশ্বাসযোগ্য বায়’মেট্ৰিক পৰিচয় প্লেটফৰ্ম সৃষ্টি কৰিছে। ২০১০–১১ চনত ০.৪২ কোটিৰ পৰা ২০২৬ চনৰ জুলাইলৈ আধাৰ সৃষ্টি ১৪৫ কোটিতকৈ অধিক হৈছে।
- কমন ছাৰ্ভিচ চেণ্টাৰ (Common Service Centres – CSCs): CSC-সমূহে চৰকাৰৰ পৰা নাগৰিকলৈ (Government-to-Citizen – G2C) ই-সেৱাৰ বাবে ভৌতিক প্ৰৱেশ বিন্দু প্ৰদান কৰে, যাৰ ফলত চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পাইছে। ২০২৬ চনৰ জুনলৈ সমগ্ৰ ভাৰতত ৫.১৬ লাখতকৈ অধিক CSC কাৰ্যক্ষম হৈ আছে।
- প্ৰত্যক্ষ লাভ হস্তান্তৰ (Direct Benefit Transfer – DBT): আধাৰ-সংযুক্ত DBT-য়ে ৫৬টা মন্ত্ৰালয়ৰ ৩১৮টা আঁচনিৰ অধীনত কল্যাণমূলক সুবিধা হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰে। সমগ্ৰ দেশত DBT-ৰ জৰিয়তে ৫২ লাখ কোটি টকআৰো অধিক হস্তান্তৰ কৰা হৈছে। অধিক পঢ়ক: The Digital India
শিক্ষাৰ প্ৰৱেশাধিকাৰ আগুৱাই নিয়া ডিজিটেল প্লেটফৰ্মসমূহ
- দীক্ষা (Digital Infrastructure for Knowledge Sharing – DIKSHA): দীক্ষাই পাঠ্যক্ৰম-সংযুক্ত বিষয়বস্তু, QR-ক’ডযুক্ত পাঠ্যপুথি, শিক্ষক প্ৰশিক্ষণ আৰু সহজলভ্য শিক্ষণ সম্পদ প্ৰদান কৰে। ২০২৬ চনৰ ১০ আগষ্টলৈ ইয়াৰ ২.৩৫ কোটি পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আৰু ৩.৫৮ লাখ দৈনিক সক্ৰিয় ব্যৱহাৰকাৰী আছে।
- স্বয়ম (Study Webs of Active-Learning for Young Aspiring Minds – SWAYAM): স্বয়মে নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বিনামূলীয়া পাঠ্যক্ৰম আগবঢ়ায়। ২০২৬ চনৰ ১০ আগষ্টলৈ প্লেটফৰ্মটোত বিভিন্ন বিষয়ত ২০,০০০ৰো অধিক পাঠ্যক্ৰম আৰু ৬.৫ কোটি+ মুঠ নামভৰ্তি আছে।
- স্বয়ম প্ৰভা (SWAYAM Prabha): ই জি ছেট- ১৫ (GSAT-15) উপগ্ৰহৰ জৰিয়তে ৪০টা ডি.টি.এইচ. (DTH) চেনেল ব্যৱহাৰ কৰি ২৪×৭ উচ্চমানৰ শৈক্ষিক কাৰ্যসূচী সম্প্ৰচাৰ কৰে, যাৰ ফলত ইণ্টাৰনেট সংযোগ অবিহনেও ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ সুবিধা লাভ কৰিব পাৰে।
- পি.এম. ই-বিদ্যা (PM e-Vidya): পি.এম. ই-বিদ্যাই দীক্ষা, স্বয়ম, স্বয়ম প্ৰভা, কমিউনিটি ৰেডিঅ’ আৰু শৈক্ষিক টেলিভিছনক একত্ৰিত কৰি নিৰৱচ্ছিন্ন আৰু অন্তৰ্ভুক্তিমূলক শিক্ষণক সহায় কৰে।
- স্বয়ংক্ৰিয় স্থায়ী শৈক্ষিক একাউণ্ট ৰেজিষ্ট্ৰী (Automated Permanent Academic Account Registry – APAAR): APAAR-য়ে ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক নথি সংৰক্ষণ আৰু সত্যাপন কৰাৰ বাবে এক অনন্য ডিজিটেল শৈক্ষিক পৰিচয় প্ৰদান কৰে। ২০২৬ চনৰ জুনলৈ ৩৩.৭৪ কোটিতকৈ অধিক APAAR ID সৃষ্টি কৰা হৈছে।
পৰীক্ষাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে অধিক শক্তিশালী কাঠামো
লোকসভাত ২০২৬ চনৰ ৩১ জুলাইত উত্থাপন ৰাজহুৱা পৰীক্ষা (অনৈতিক উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬ (Public Examinations (Prevention of Unfair Means) Amendment Bill, 2026)-এ অধিক কঠোৰ শাস্তি আৰু সময়-নিৰ্ধাৰিত ন্যায় ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াইছে। বিধেয়কখনৰ অধীনত ব্যক্তিগত অপৰাধীৰ ক্ষেত্ৰত ৫–১০ বছৰৰ কাৰাদণ্ড আৰু সৰ্বাধিক ৫০ লাখ টকা জৰিমনা, সেৱা প্ৰদানকাৰীৰ ক্ষেত্ৰত সৰ্বাধিক ৫ কোটি টকা জৰিমনা আৰু ৮ বছৰৰ নিষেধাজ্ঞা, আৰু সংগঠিত পৰীক্ষা-প্ৰৱঞ্চনা চক্ৰৰ ক্ষেত্ৰত ৭–১০ বছৰৰ কাৰাদণ্ড আৰু ন্যূনতম ১০ কোটি টকা জৰিমনাৰ ব্যৱস্থা কৰা হৈছে। তদন্ত ২ মাহৰ ভিতৰত, অভিযোগনামা দাখিল কৰাৰ ৩ মাহৰ ভিতৰত বিচাৰ আৰু উচ্চ ন্যায়ালয়ত আপীল দাখিলৰ পিছত ৩ মাহৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব।
ভাৰতৰ ডিজিটেল কৰ্মশক্তিক শক্তিশালী কৰা
- ফিউচাৰস্কিলছ প্ৰাইম (FutureSkills PRIME): ই আজিৰ দ্ৰুতগতিত পৰিৱৰ্তিত ডিজিটেল পৰিৱেশত প্ৰয়োজনীয় অত্যাধুনিক দক্ষতাৰে শিক্ষাৰ্থীসকলক সজ্জিত কৰে। ২০২৬ চনৰ ১০ আগষ্টলৈ প্লেটফৰ্মটোত ডিজিটেল দক্ষতাৰ বাবে ৩৪ লাখ+ পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছে।
- স্কিল ইণ্ডিয়া ডিজিটেল হাব (Skill India Digital Hub – SIDH): SIDH-এ দক্ষতা বিকাশ, ডিজিটেল শিক্ষণ আৰু নিয়োগৰ সুযোগক এটা একক প্লেটফৰ্মলৈ লৈ আহিছে। ২০২৬ চনৰ ২ আগষ্টলৈ ইয়াত ২০.১০ মিলিয়ন পঞ্জীয়ন, ৩,৬৪৩টা স্ব-গতিৰ পাঠ্যক্ৰম আৰু ১ মিলিয়নতকৈ অধিক সুযোগ সৃষ্টি কৰা হৈছে।
- নেচনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিকছ এণ্ড ইনফৰমেচন টেকন’লজি (National Institute of Electronics and Information Technology – NIELIT): NIELIT-য়ে ৫৬টা কেন্দ্ৰ আৰু সমগ্ৰ ভাৰতত ৯,০০০ৰো অধিক অংশীদাৰ প্ৰতিষ্ঠানৰ জৰিয়তে এ.চি.চি. (Awareness in Computer Concepts – ACC) আৰু চি.চি.চি. (Course on Computer Concepts – CCC)-কে ধৰি ডিজিটেল সাক্ষৰতা আৰু দক্ষতা বিকাশ কাৰ্যসূচী প্ৰদান কৰে। যোৱা তিনিটা বিত্তীয় বৰ্ষত ৩১.৯২ লাখতকৈ অধিক প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে।
- ইণ্ডিয়া এ.আই. মিছন (IndiaAI Mission): ইণ্ডিয়াএআই মিছনে AI শিক্ষা, আন্তঃগাঁথনি আৰু দায়িত্বশীল AI গ্ৰহণ শক্তিশালী কৰিছে। ই ইণ্ডিয়া এ.আই. কোষ (IndiaAI Kosh)-ৰ দৰে পদক্ষেপৰ জৰিয়তে বিদ্যালয়, উচ্চ শিক্ষানুষ্ঠান আৰু পেছাদাৰী প্ৰশিক্ষণ কাৰ্যসূচীত AI দক্ষতা বিকাশক উৎসাহিত কৰিছে। অধিক পঢ়ক: এআইৰ সহায়ত ভাৰতৰ ৰূপান্তৰ
ভাৰতৰ ক্ৰমবৰ্ধমান ডিজিটেল উত্থান
ভাৰতৰ ডিজিটেল উত্থানে নাগৰিক, ব্যৱসায় আৰু প্ৰতিষ্ঠানসমূহে চৰকাৰ আৰু অৰ্থনীতিৰ সৈতে পাৰস্পৰিকভাৱে যোগাযোগ কৰাৰ ধৰণক ৰূপান্তৰিত কৰিছে। দ্ৰুতগতিত সম্প্ৰসাৰিত ডিজিটেল পৰিৱেশতন্ত্ৰই অধিক দ্ৰুত সেৱা, অধিক স্বচ্ছতা আৰু ব্যাপক প্ৰৱেশাধিকাৰ সক্ষম কৰিছে। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে উদ্ভাৱন, উদ্যোগীকৰণ আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ বাবে এক শক্তিশালী ভেটি সৃষ্টি কৰিছে। উদীয়মান প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান গ্ৰহণযোগ্যতাই বিভিন্ন খণ্ডত নতুন সুযোগ মুকলি কৰিছে আৰু ভাৰতৰ বিশ্বব্যাপী ডিজিটেল উপস্থিতি শক্তিশালী কৰিছে। ডিজিটেল সামৰ্থ্যই শাসন ব্যৱস্থাক অধিক সঁহাৰিজনক, দক্ষ আৰু নাগৰিক-কেন্দ্ৰিক কৰি তুলিছে। এই ৰূপান্তৰে প্ৰযুক্তিক অৰ্থনৈতিক সুযোগ আৰু সামাজিক বিকাশৰ এক মূল সক্ষমকাৰী হিচাপে স্থান দিছে। একেলগে, এই অগ্ৰগতিসমূহে ডিজিটেলভাৱে শক্তিশালী আৰু বিকশিত ভাৰতৰ ভেটি অধিক সুদৃঢ় কৰিছে।
তথ্যসূত্ৰসমূহ
যোগাযোগ মন্ত্ৰালয়
ইলেক্ট্ৰনিক্স আৰু আই টি মন্ত্ৰালয়
বিত্ত মন্ত্ৰালয়
পিআইবি বেকগ্ৰাউণ্ডাৰ
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভছ
ভাৰতৰ ডিজিটেল অৰ্থনীতি ২০২৬
ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে শাসন ব্যৱস্থা সবলীকৰণ
******
পিআইবি গৱেষণা
RR
(तथ्य सामग्री आईडी: 150943)
आगंतुक पटल : 81
Provide suggestions / comments