• Sitemap
  • Advance Search
Social Welfare

নেশ্যনেল একাডেমিক ডিপ’জিটৰী (NAD)

प्रविष्टि तिथि: 07 JUL 2026 19:17 PM

শিক্ষাখণ্ডত ডিজিটেল শাসন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দিশত

 

শৈক্ষিক ৰেকৰ্ড ব্যৱস্থাপনাৰ বৰ্তমান পৰিস্থিতি

ভাৰতত বিশ্বৰ অন্যতম বৃহৎ আৰু বৈচিত্ৰময় শিক্ষা ব্যৱস্থা আছে। ইয়াত প্ৰায় ১৪.৭১ লাখ বিদ্যালয় (২০২৪-২৫ বৰ্ষ অনুসৰি), ১,৪২০খন বিশ্ববিদ্যালয়, ৫৩,৫৮৩খন মহাবিদ্যালয়, ১৬,৭৯৫খন স্বতন্ত্ৰ শিক্ষানুষ্ঠান আৰু ২৮০টা গৱেষণা আৰু উন্নয়ন (R&D) প্ৰতিষ্ঠান অন্তৰ্ভুক্ত। একেলগে এই অনুষ্ঠানসমূহে প্ৰতিবছৰে লাখ লাখ একাডেমিক অভিলেখ সৃষ্টি কৰে, যাৰ ভিতৰত ডিগ্ৰী, ডিপ্ল'মা, প্ৰমাণপত্ৰ, নম্বৰপত্ৰ আৰু মূল্যায়ন প্ৰতিবেদন অন্তৰ্ভুক্ত।

ইমান বৃহৎ পৰিমাণৰ কাগজ-ভিত্তিক একাডেমিক অভিলেখ পৰিচালনা কৰাটো সময়সাপেক্ষ, ব্যয়বহুল আৰু অদক্ষ। ভৌতিক নথিপত্ৰ হেৰুওৱা, ক্ষতিগ্ৰস্ত হোৱা আৰু জালিয়াতিৰ সন্মুখীন হ'ব পাৰে; আনহাতে হাতেৰে কৰা সত্যতা পৰীক্ষণ প্ৰক্ৰিয়াই শিক্ষাৰ্থী, শিক্ষানুষ্ঠান, নিয়োগকৰ্তা আৰু অন্যান্য অংশীদাৰসকলৰ বাবে বিলম্বৰ সৃষ্টি কৰে।

ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০-এ অধিক নমনীয়, শিক্ষাৰ্থীকেন্দ্ৰিক আৰু বহু-বিষয়ভিত্তিক শিক্ষা ব্যৱস্থাৰ কল্পনা কৰে। বহু-প্ৰৱেশ–বহু-প্ৰস্থান (Multiple Entry–Multiple Exit - MEME), ৰাষ্ট্ৰীয় ক্ৰেডিট কাঠামো (National Credit Framework - NCrF), আৰু একাডেমিক বেংক অৱ ক্ৰেডিটছ (Academic Bank of Credits - ABC)-ৰ দৰে পদক্ষেপৰ জৰিয়তে NEP ২০২০-এ নমনীয় শিক্ষণ পথ আৰু আজীৱন শিক্ষাৰ সুবিধা প্ৰদান কৰে। যিহেতু শিক্ষাৰ্থীসকলে একাধিক শিক্ষানুষ্ঠান আৰু শিক্ষা-স্তৰত তেওঁলোকৰ শিক্ষালাভৰ ফলাফল সঞ্চয় কৰি আহিছে, সেয়েহে এক সুৰক্ষিত, আন্তঃকাৰ্যক্ষম (আৰু সহজে ব্যৱহাৰযোগ্য একাডেমিক অভিলেখ ব্যৱস্থাৰ প্ৰয়োজনীয়তা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে।

এই সংস্কাৰসমূহক সমৰ্থন আগবঢ়াবলৈ চৰকাৰে নেশ্যনেল একাডেমিক ডিপ’জিটৰী  (National Academic Depository - NAD) প্ৰৱৰ্তন কৰে—যি একাডেমিক বঁটাৰ ডিজিটেল সংৰক্ষণ, সত্যতা পৰীক্ষণ, প্ৰামাণ্যকৰণ (Authentication) আৰু জাৰি কৰাৰ বাবে এক দেশব্যাপী কাঠামো। এক সুৰক্ষিত ডিজিটেল ভঁৰালত একাডেমিক অভিলেখ সংৰক্ষণ কৰি NAD-এ শিক্ষাৰ্থীসকলক যিকোনো সময়ত, যিকোনো ঠাইৰ পৰা তেওঁলোকৰ শিক্ষাগত প্ৰমাণপত্ৰ লাভ কৰাৰ সুবিধা প্ৰদান কৰে, যাৰ বাবে জাৰি কৰা প্ৰতিষ্ঠানৰ পৰা ভৌতিক প্ৰতিলিপি সংগ্ৰহ কৰাৰ প্ৰয়োজন নাথাকে। ই নিয়োগকৰ্তা, শিক্ষানুষ্ঠান আৰু অন্যান্য সংস্থাৰ বাবে সত্যতা পৰীক্ষণ প্ৰক্ৰিয়াকো সৰল কৰে আৰু প্ৰামাণ্য ডিজিটেল অভিলেখৰ জৰিয়তে জালিয়াতিৰ আশংকা যথেষ্ট হ্ৰাস কৰে।

২০২০ চনৰ পৰা NAD পৰিৱেশতন্ত্ৰটো ডিজিলকাৰ (DigiLocker)-ৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত ১ জুলাই, ২০১৫ তাৰিখে আৰম্ভ কৰা DigiLocker-এ একাডেমিক প্ৰমাণপত্ৰ জাৰি আৰু লাভ কৰাৰ বাবে কাৰ্যকৰী ডিজিটেল মঞ্চ হিচাপে কাম কৰে, যাৰ ভিতৰত NAD-এ কাৰ্য সম্পাদন কৰে। এই পৰিৱেশতন্ত্ৰৰ তৃতীয়টো উপাদান হৈছে APAAR (Automated Permanent Academic Account Registry) আৰু একাডেমিক বেংক অৱ ক্ৰেডিটছ (Academic Bank of Credits - ABC), যিয়ে শিক্ষাৰ্থীৰ ক্ৰেডিট স্ক'ৰ পৰিচালনা কৰে আৰু একাডেমিক গতিশীলতাক সহজ কৰে। একেলগে এই তিনিটা উপাদানে সুৰক্ষিত একাডেমিক অভিলেখ ব্যৱস্থাপনাৰ বাবে এক একত্ৰিত পৰিৱেশতন্ত্ৰ গঢ়ি তোলে। NAD-টো চৰকাৰৰ e-Sanad সেৱাৰ সৈতেও সংযুক্ত, যাৰ জৰিয়তে শিক্ষাগত আৰু অন্যান্য চৰকাৰী নথিপত্ৰৰ ইলেক্ট্ৰনিক সত্যতা পৰীক্ষণ, প্ৰত্যয়ন আৰু এপষ্টিল কৰা হয়। এই সংযুক্তিকৰণে বিদেশত উচ্চ শিক্ষা, নিয়োগ বা অন্যান্য সুযোগ বিচৰা ভাৰতীয় নাগৰিকসকলৰ বাবে নথিপত্ৰ প্ৰামাণ্যকৰণ প্ৰক্ৰিয়া অধিক সহজ কৰি তোলে।

NAD-ত কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয়, ব্যক্তিগত বিশ্ববিদ্যালয়, ডিম্ড-টু-বি বি (deemed-to-be Universities) বিশ্ববিদ্যালয়সমূহ , CBSE আৰু অন্যান্য বিদ্যালয় শিক্ষা ব'ৰ্ড, ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠান (Institutions of National Importance) আৰু অন্যান্য উচ্চ শিক্ষানুষ্ঠান পঞ্জীয়নভুক্ত হয়। ইয়াৰ অংশীদাৰসকলৰ ভিতৰত শিক্ষাৰ্থী আৰু অন্যান্য একাডেমিক বঁটা লাভকাৰী, শিক্ষানুষ্ঠান/শিক্ষা ব'ৰ্ড/যোগ্যতা মূল্যায়ন সংস্থা, আৰু বেংক, দেশীয় আৰু বিদেশী নিয়োগকাৰী কোম্পানী, চৰকাৰী সংস্থা আদি সত্যতা পৰীক্ষণকাৰী সংস্থা অন্তৰ্ভুক্ত।

NAD-ৰ শাসন কাঠামো

শিক্ষা মন্ত্ৰালয় NAD-ৰ বাবে দায়িত্বপ্ৰাপ্ত মূল মন্ত্ৰালয়। NAD-ৰ DigiLocker-ভিত্তিক ৰূপায়ণৰ বাবে ই বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)-ক ন'ডেল সংস্থা হিচাপে নিযুক্তি দিছে। এই ব্যৱস্থাই এক সু-সমন্বিত শাসন কাঠামোৰ জৰিয়তে কাৰ্য সম্পাদন কৰে, যাক এক শক্তিশালী আইনী আৰু নিয়ামক কাঠামোৱে সমৰ্থন আগবঢ়ায়। শিক্ষানুষ্ঠানসমূহে সত্যতা-প্ৰমাণিত ডিজিটেল একাডেমিক অভিলেখ জাৰি কৰে, যিবোৰ শিক্ষাৰ্থীসকলে সুৰক্ষিতভাৱে লাভ, সংৰক্ষণ আৰু অংশীদাৰী কৰিব পাৰে; আনহাতে অন্যান্য সংস্থাই এই নথিপত্ৰসমূহ দ্ৰুত আৰু নিৰ্ভৰযোগ্যভাৱে সত্যতা পৰীক্ষণ কৰিব পাৰে। তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ অধীনত সকলো ডিজিটেল প্ৰমাণপত্ৰ আইনীভাৱে বৈধ আৰু ভৌতিক নথিপত্ৰৰ সমান আইনী মৰ্যাদা লাভ কৰে।

আইনী আৰু নিয়ামক কাঠামো

এই ব্যৱস্থাটো এক শক্তিশালী আইনী ভেটিৰ ওপৰত পৰিচালিত হয়, যাৰ ভিতৰত অন্তৰ্ভুক্ত—

  • তথ্য প্ৰযুক্তি আইন, ২০০০- ইলেক্ট্ৰনিক অভিলেখ আৰু ডিজিটেল স্বাক্ষৰক আইনী স্বীকৃতি প্ৰদান কৰে।
  • ডিজিটেল লকাৰ নিয়মাৱলী, ২০১৬ ব্যৱহাৰকাৰীৰ স্পষ্ট সন্মতি অবিহনে নথিপত্ৰ ভাগ-বতৰা নকৰাটো নিশ্চিত কৰে।
  • ৰাষ্ট্ৰীয় -প্ৰমাণীকৰণ কাঠামো– সুৰক্ষিত পৰিচয় সত্যতা পৰীক্ষণ আৰু প্ৰমাণীকৰণ ব্যৱস্থা প্ৰদান কৰে।

নেশ্যনেল একাডেমিক ডিপ’জিটৰী  (NAD): প্ৰক্ৰিয়াৰ কাৰ্যপ্ৰবাহ

NAD-ৰ কাৰ্যপ্ৰণালীয়ে এক সু-সংগঠিত ডিজিটেল কাৰ্যপ্ৰবাহ অনুসৰণ কৰে—

  • একাডেমিক বঁটা সৃষ্টি: শিক্ষানুষ্ঠানসমূহে (বিদ্যালয়, বিশ্ববিদ্যালয়, শিক্ষা ব'ৰ্ড আৰু অন্যান্য অনুমোদিত সংস্থা) কোনো পাঠ্যক্ৰম বা পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত ডিগ্ৰী, ডিপ্ল'মা, প্ৰমাণপত্ৰ আৰু নম্বৰপত্ৰ আদি একাডেমিক বঁটা সৃষ্টি কৰে।
  • DigiLocker/NAD-লৈ ডিজিটেল আপলোড: শিক্ষানুষ্ঠানটোৱে এই সত্যতা-প্ৰমাণিত একাডেমিক অভিলেখসমূহ DigiLocker প্লেটফৰ্মৰ জৰিয়তে সুৰক্ষিতভাৱে নেশ্যনেল একাডেমিক ডিপ’জিটৰী  (NAD)-ত আপলোড বা জাৰি কৰে।
  • DigiLocker- জৰিয়তে শিক্ষাৰ্থীৰ প্ৰৱেশাধিকাৰ: এবাৰ জাৰি কৰাৰ পিছত, ডিজিটেল একাডেমিক নথিপত্ৰসমূহ স্বয়ংক্ৰিয়ভাৱে শিক্ষাৰ্থীৰ DigiLocker একাউণ্টৰ সৈতে সংযুক্ত হয়, য'ত সেইসমূহ যিকোনো সময়ত সুৰক্ষিতভাৱে লাভ কৰিব পাৰি।
  • সন্মতি-ভিত্তিক ভাগ-বতৰা: শিক্ষাৰ্থীসকলে DigiLocker-ৰ জৰিয়তে স্পষ্ট সন্মতি দিয়াৰ পিছতহে তেওঁলোকৰ একাডেমিক অভিলেখ নিয়োগকৰ্তা, উচ্চ শিক্ষানুষ্ঠান বা চৰকাৰী সংস্থাৰ সৈতে ভাগ-বতৰা কৰিব পাৰে।
  • কৰ্তৃপক্ষৰ দ্বাৰা সত্যতা পৰীক্ষণ: অনুমোদিত সংস্থাসমূহে NAD/DigiLocker-ৰ জৰিয়তে নথিপত্ৰসমূহৰ সত্যতা পোনপটীয়াকৈ পৰীক্ষা কৰিব পাৰে, যাৰ ফলত এই অভিলেখসমূহ প্ৰকৃত আৰু অপৰিৱৰ্তিত (Unaltered) বুলি নিশ্চিত হয়।
  • সুৰক্ষিত আৰু স্থায়ী সংৰক্ষণ: সকলো অভিলেখ ডিজিটেল ৰূপত সুৰক্ষিতভাৱে সংৰক্ষিত হৈ থাকে, যাৰ ফলত ভৌতিক প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তা হ্ৰাস পায় আৰু নথিপত্ৰ হেৰুওৱা, ক্ষতিগ্ৰস্ত হোৱা বা জালিয়াতিৰ দৰে বিপদসমূহ দূৰ হয়।

এই প্ৰক্ৰিয়াই ভৌতিক নথিপত্ৰ-ভিত্তিক ব্যৱস্থাৰ পৰা সম্পূৰ্ণ ডিজিটেল একাডেমিক অভিলেখ পৰিৱেশতন্ত্ৰলৈ এক নিৰৱচ্ছিন্ন ৰূপান্তৰ নিশ্চিত কৰে।

NAD-ৰ মুখ্য সুবিধাসমূহ

নেশ্যনেল একাডেমিক ডিপ’জিটৰী  (NAD)-এ এক সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু কাগজবিহীন কাঠামো প্ৰদান কৰে আৰু শিক্ষাৰ্থী তথা একাডেমিক বঁটা লাভকাৰীসকলক তেওঁলোকৰ ডিজিটেল একাডেমিক প্ৰমাণপত্ৰসমূহত আজীৱন প্ৰৱেশাধিকাৰ নিশ্চিত কৰে, যাৰ ফলত তেওঁলোকে যিকোনো সময়ত আৰু যিকোনো ঠাইৰ পৰা নিজৰ অভিলেখ লাভ, সংৰক্ষণ, উদ্ধাৰ আৰু ভাগ-বতৰা কৰিব পাৰে। প্ৰকৃত প্ৰমাণপত্ৰৰ তাৎক্ষণিক সত্যতা পৰীক্ষণৰ সুবিধা প্ৰদান কৰি NAD-এ স্বচ্ছতা বৃদ্ধি কৰে, সেৱা প্ৰদান ব্যৱস্থা উন্নত কৰে আৰু নথিপত্ৰ জালিয়াতিৰ আশংকা হ্ৰাস কৰে। ইয়াৰ উপৰিও, ই নামভৰ্তি, নিযুক্তি আৰু অন্যান্য প্ৰমাণপত্ৰ সত্যতা পৰীক্ষণ প্ৰক্ৰিয়াসমূহ অধিক সৰল আৰু দ্ৰুত কৰি তোলে। এই কাঠামোৱে ডিজিটেল একাডেমিক প্ৰমাণপত্ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ শ্ৰেষ্ঠ অনুশীলনৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰি তোলে।

শিক্ষাৰ্থী আৰু একাডেমিক বঁটা লাভকাৰীসকল: নিজৰ ডিজিটেল একাডেমিক প্ৰমাণপত্ৰসমূহ আজীৱন লাভ, সংৰক্ষণ, উদ্ধাৰ আৰু সুৰক্ষিতভাৱে ভাগ-বতৰা কৰিব পাৰে।

শিক্ষানুষ্ঠান আৰু মূল্যায়ন সংস্থাসমূহ: বিশ্ববিদ্যালয়, বিদ্যালয় শিক্ষা ব'ৰ্ড, পৰীক্ষা কৰ্তৃপক্ষ আৰু প্ৰমাণপত্ৰ প্ৰদানকাৰী সংস্থাসমূহে NAD কাঠামোৰ জৰিয়তে প্ৰামাণ্য ডিজিটেল একাডেমিক অভিলেখ আৰু একাডেমিক বঁটা জাৰি কৰে।

সত্যতা পৰীক্ষণকাৰী সংস্থাসমূহ: নিয়োগকৰ্তা, বিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠান, চৰকাৰী বিভাগ, বেংক, অনুজ্ঞাপত্ৰ (Licensing) কৰ্তৃপক্ষ আদি সংস্থাই একাডেমিক প্ৰমাণপত্ৰসমূহৰ সত্যতা তাৎক্ষণিকভাৱে পৰীক্ষা কৰিব পাৰে, যাৰ ফলত সত্যতা পৰীক্ষণৰ সময় আৰু প্ৰশাসনিক বোজা যথেষ্ট হ্ৰাস পায়।

ভাৰতৰ ডিজিটেল ভৱিষ্যতৰ দিশত NAD

নেশ্যনেল একাডেমিক ডিপ’জিটৰী  (NAD) হৈছে ভাৰতৰ শিক্ষা খণ্ডৰ ডিজিটেল শাসন ব্যৱস্থাৰ এক মূল আধাৰ, যিয়ে একাডেমিক অভিলেখসমূহৰ সুৰক্ষিত, মানকৃত আৰু আন্তঃকাৰ্যক্ষম ব্যৱস্থাপনা নিশ্চিত কৰে। সন্মতি-ভিত্তিক প্ৰৱেশাধিকাৰ আৰু প্ৰমাণপত্ৰসমূহৰ তাৎক্ষণিক সত্যতা পৰীক্ষণৰ সুবিধা প্ৰদান কৰি ই কাৰ্যদক্ষতা, স্বচ্ছতা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰে, লগতে ভৌতিক নথিপত্ৰৰ ওপৰত নিৰ্ভৰশীলতাও হ্ৰাস কৰে। DigiLocker পৰিৱেশতন্ত্ৰৰ এক অবিচ্ছেদ্য অংশ হিচাপে NAD-এ সুৰক্ষিত, নাগৰিক-কেন্দ্ৰিক আৰু ডিজিটেলভাৱে সবল শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰি তোলে।

তথ্যসূত্ৰসমূহ

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY)

https://negd.gov.in/blog/digilocker-the-digital-briefcase-for-indias-authentic-e-documents/

https://nad.digilocker.gov.in/

https://www.digilocker.gov.in/web/case-study

শিক্ষা মন্ত্ৰালয়

https://nad.gov.in/

https://dashboard.aishe.gov.in/hedirectory/#/hedirectory

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154950&ModuleId=3&reg=3&lang=1

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

https://esanad.nic.in/home

PDF চাবলৈ ইয়াত ক্লিক কৰক

******

পিআইবি গৱেষণা

(तथ्य सामग्री आईडी: 150743) आगंतुक पटल : 15


Provide suggestions / comments
इस विश्लेषक को इन भाषाओं में पढ़ें : English , हिन्दी , Bengali , Kannada , Urdu