• Skip to Content
  • Sitemap
  • Advance Search
Social Welfare

বিকশিত ভাৰত বিল্ডাথন: ২০২৫ বিদ্যালয় পৰ্যায়ৰ উদ্ভাৱকৰ বাবে দেশজুৰি অনুষ্ঠান

Posted On: 07 OCT 2025 15:11 PM

মূখ্য তথ্য 

  • ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয় হেকাথনে ১ কোটি ছাত্ৰ-ছাত্ৰীক (৬-১২ শ্ৰেণী) স্বদেশী, আত্মনিৰ্ভৰ ভাৰত, ভ'কেল ফৰ লোকেল আৰু সমৃদ্ধ ভাৰত আদি বিষয়বস্তুৰ ওপৰত প্ৰ’ট’টাইপ নিৰ্মাণ কৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে।
  • ১৩ অক্টোবৰ, ২০২৫ তাৰিখে দেশজুৰি পোণপটীয়া সম্প্ৰচাৰ অনুষ্ঠান: পোণপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সকলো বিদ্যালয়তে দেশজুৰি সমন্বিত লাইভ বিল্ডাথন।
  • ১ কোটি টকাৰ প্ৰাইজমানিৰ বাবে ১০ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজয়ী, ১০০ গৰাকী ৰাজ্যিক পৰ্যায়ৰ বিজয়ী আৰু ১০০০ গৰাকী জিলা পৰ্যায়ৰ বিজয়ীক নিৰ্বাচিত কৰা হ’ব।

 

পাতনি

বিকশিত ভাৰত বিল্ডাথন ২০২৫ হৈছে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ (DoSEL), শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত আৰু অটল উদ্ভাৱন অভিযান, নিতী আয়োগৰ সহযোগত আয়োজিত এক দেশজোৰা উদ্ভাৱন আন্দোলন।

 

এতিয়ালৈকে আটাইতকৈ ডাঙৰ বিদ্যালয় হেকাথন অনুষ্ঠানটোৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক আত্মনিৰ্ভৰ ভাৰত, স্বদেশী, ভ’কেল ফৰ লোকেল আৰু সমৃদ্ধ ভাৰত- এই চাৰিটা বিষয়বস্তুৰ ওপৰত চিন্তা-চৰ্চা বা প্ৰ’ট’টাইপ নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰি বিদ্যালয় পৰ্যায়ত উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তোলা। বিল্ডাথনৰ লক্ষ্য হৈছে যুৱচামৰ মাজত উদ্ভাৱন, সৃষ্টিশীলতা, আৰু সমস্যা সমাধানৰ পোষকতা কৰা যাতে তেওঁলোক এখন সমৃদ্ধিশালী, উন্নত, আৰু স্বাৱলম্বী ভাৰতৰ মূল চালিকা শক্তি হৈ পৰে।

 

এই বিল্ডাথন ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ সৈতে সংগতি ৰাখি হাতে কামে, অভিজ্ঞতাভিত্তিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই কাৰ্যসূচীত উচ্চাকাংক্ষী জিলা, জনজাতীয় আৰু দুৰ্গম অঞ্চলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব।

 

বিল্ডাথন ২০২৫-ৰ ক্ৰমণিকা

 A blue and white timeline with white textAI-generated content may be incorrect.

২৩ ছেপ্টেম্বৰ, ২০২৫: শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ দ্বাৰা বিকশিত ভাৰত বিল্ডাথন উন্মোচন

২৩ ছেপ্টেম্বৰ – ১১ অক্টোবৰ : পৰ্টেলত অনুষ্ঠানৰ বাবে পঞ্জীয়ন

১১ অক্টোবৰ – ১২ অক্টোবৰ: ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুতি, বিষয়বস্তু নিৰ্বাচন আৰু সমাধান গঢ়ি তোলাত সহায় কৰিবলৈ দল গঠন, পঞ্জীয়ন, মেণ্টৰিং, উপদেশ, ধাৰণা সত্ৰ, আৰু উদ্ভাৱক গোটসমূহৰ আয়োজনকে ধৰি প্ৰস্তুতিমূলক কাৰ্য্যকলাপ

১৩ অক্টোবৰ: পোণপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সকলো বিদ্যালয়তে দেশজোৰা সমন্বিত লাইভ বিল্ডাথন

১৩ অক্টোবৰ – ৩১ অক্টোবৰ : পৰ্টেলত বিদ্যালয়সমূহে প্ৰৱেশ পত্ৰ দাখিল কৰা

১ নৱেম্বৰ – ৩১ ডিচেম্বৰ : বিশেষজ্ঞৰ পেনেলৰ দ্বাৰা প্ৰৱেশৰ মূল্যায়ন

২০২৬ চনৰ জানুৱাৰী : শীৰ্ষ দলসমূহ ঘোষণা আৰু বটাঁ প্ৰদান কাৰ্যসূচী

 

মূল বৈশিষ্ট্যসমূহ

বিশেষ পৰ্টেল: পঞ্জীয়ন আৰু প্ৰৱেশ (ধাৰণা বা প্ৰট'টাইপ) জমা দিয়াৰ বাবে এটা ৰাষ্ট্ৰীয় পৰ্টেল থাকিব।

অংশগ্ৰহণৰ ধৰণ: ৩-৫ জনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলে বিল্ডাথনত অংশগ্ৰহণ কৰি ভিডিঅ’ৰ আকাৰত প্ৰৱেশ (ধাৰণা/প্ৰ’ট’টাইপ) জমা দিব। এখন বিদ্যালয়ৰ পৰা দলৰ সংখ্যাত কোনো সীমা নাথাকিব।

মেণ্টৰশ্বিপ সহায়: ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় পৰ্যায়ত তেওঁলোকৰ প্ৰকল্প গঢ়ি তোলাত সহায় কৰিবলৈ ইনকিউবেচন চেণ্টাৰ, মেণ্টৰ অৱ চেঞ্জ নেটৱৰ্ক, উচ্চ শিক্ষা প্ৰতিষ্ঠান, আৰু কৰ্পৰেটৰ স্বেচ্ছাসেৱক আৰু মেণ্টৰসকলে প্ৰয়োজনীয় সহায় আগবঢ়াব।

ৰাষ্ট্ৰীয় পোণপটীয়া সম্প্ৰচাৰ অনুষ্ঠান: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰ্চুৱেল অধিবেশন পোণপটীয়া সম্প্ৰচাৰ কৰা হ’ব, য’ত সকলো বিদ্যালয়ে (ষষ্ঠৰ পৰা দ্বাদশলৈকে) যোগদান কৰিব পাৰিব।

বিশ্বব্যাপী সম্প্ৰচাৰ: এই অনুষ্ঠানটো দেশজুৰি বাতৰি আৰু মিডিয়া চেনেলত সম্প্ৰচাৰ কৰা হ’ব।

সৰ্বাংগীন আলোচনাঃ উচ্চাংকাক্ষী উন্নয়ন খণ্ড, জনজাতীয় অঞ্চল, সীমান্ত গাঁও আৰু দুৰ্গম অঞ্চলৰ বিদ্যালয়সমূহ বিশেষ আলোচনাৰ পৰিসৰত অন্তৰ্ভুক্ত কৰা হ’ব।

জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানঃ বিদ্যালয়সমূহে উদ্ভাৱন কাৰ্য্যসূচী অনুষ্ঠিত কৰিব। ৰাজ্যসমূহে একাধিক বিদ্যালয় আৰু গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ জনাই সমুদায়ভিত্তিত এই উদ্ভাৱন অনুষ্ঠান আয়োজন কৰিব পাৰে।

প্ৰৱেশ পত্ৰ দাখিল: অনুষ্ঠানৰ পিছত বিদ্যালয়সমূহে তেওঁলোকৰ উদ্ভাৱনৰ (ধাৰণা বা প্ৰ’ট’টাইপ) ভিডিঅ’ প্ৰৱেশৰ বাবে  জমা কৰিব।

A diagram of a key featuresAI-generated content may be incorrect.

 

কেনেকৈ অংশগ্ৰহণ কৰিব

 A diagram of a building functionDescription automatically generated with medium confidence

 

যোগ্যতাঃ সমগ্ৰ ভাৰতবৰ্ষতে ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত যোগদান কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে একেখন বিদ্যালয়ৰ পৰা ৩ৰ পৰা ৫জনীয়া এটা দল গঠন কৰিব লাগিব। শিক্ষকৰ সহায়ত ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিব পাৰিব। বিদ্যালয়ত দলৰ সংখ্যাৰ কোনো বাধা নাথাকিব।

দল পঞ্জীয়ন: বিদ্যালয়/শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক দল গঠন কৰিবলৈ উৎসাহিত কৰিব লাগিব। তেওঁলোকৰ দলসমূহ অফিচিয়েল বিল্ডাথন পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব আৰু তাৰ পিছত প্ৰতিটো দলৰ বাবে এটাকৈ পঞ্জীয়ন আইডি সৃষ্টি কৰা হ’ব। বিকশিত ভাৰত বিল্ডাথনৰ বাবে বিদ্যালয় পঞ্জীয়ন লিংক হৈছে vbb.mic.gov.in।

বিষয়বস্তু নিৰ্বাচন: প্ৰতিটো দলে চাৰিটা বিল্ডাথন বিষয়বস্তুৰ ভিতৰত যিকোনো এটা বাছি ল'ব লাগিব আৰু যিকোনো এটা সমস্যা চিনাক্ত কৰিব লাগিব।

চিন্তা-চৰ্চা আৰু নিৰ্মাণ : দলটোৱে সমুদায়ৰ সমস্যা সমাধানৰ বাবে চিন্তা-চৰ্চা কৰিব।

জমা দিয়াৰ বাবে প্ৰস্তুতি: দলসমূহে তেওঁলোকে সমাধান কৰা সমস্যা আৰু তেওঁলোকে সৃষ্টি কৰা উদ্ভাৱনীমূলক সমাধান/প্ৰ’ট’টাইপ, ই কেনেকৈ কাম কৰে আৰু ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰি ২ৰ পৰা ৫ মিনিটৰ ভিডিঅ’ তৈয়াৰ কৰিব লাগিব।

জমা: প্ৰকল্পৰ ভিডিঅ’/ সাৰাংশসমূহ ১৩ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ, ২০২৫ৰ ভিতৰত পৰ্টেলত জমা দিব লাগিব।

 

প্ৰাইজমানি:

বিশেষজ্ঞৰ এটা পেনেলে প্ৰৱেশবোৰৰ মূল্যায়ন কৰিব, আৰু শীৰ্ষস্থানীয় শিক্ষাৰ্থী দলসমূহক পুৰস্কাৰ প্ৰদান কৰিব। এই বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ উদ্ভাৱনক অধিক শক্তিশালী কৰি তুলিবলৈ কৰ্পৰেট সহায়, মেণ্টৰশ্বিপ, আৰু সম্পদৰ জৰিয়তে দীৰ্ঘম্যাদী সমৰ্থন লাভ কৰিব।

১ কোটি টকাৰ প্ৰাইজমানি থাকিব যি ১০ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজয়ী, ১০০ গৰাকী ৰাজ্যিক পৰ্যায়ৰ বিজয়ী আৰু ১০০০ গৰাকী জিলা পৰ্যায়ৰ বিজয়ীক প্ৰদান কৰা হ’ব।

যিকোনো প্ৰশ্নৰ বাবে যোগাযোগ কৰক: vbb.mic@aicte-india.org

পঞ্জীয়ন লিংক: http://vbb.mic.gov.in/

প্ৰেছ বিজ্ঞপ্তিৰ লিংক: https://www.pib.gov.in/PressReleasePage.aspx?PRID=2175769 

***

 

SM/DPS

Visitor Counter : 55


Provide suggestions / comments
Link mygov.in
National Portal Of India
STQC Certificate