পোষ্ট কৰা হৈছে:
29 NOV 2026 7:47PM by PIB Guwahati
কাশী তামিল সংগমম পঞ্চম সংস্কৰণৰ অংশ হিচাপে আজি নমো ঘাটত গল্প কোৱা, চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভাৰতীয় ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস )ৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাসমূহত বিভিন্ন বিদ্যালয়ৰ ১০০ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
কাশী তামিল সংগমমৰ পঞ্চম সংস্কৰণৰ মূল বিষয়বস্তু ‘তিৰুক্কুৰল ক্কুৰল পঢ়োঁ – তিৰুক্কুৰল অভ্যাস কৰোঁ’ৰ আধাৰত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গল্প কোৱা প্ৰতিযোগিতাত তিৰুক্কুৰলৰ পৰা অনুপ্ৰাণিত কাহিনীসমূহ উপস্থাপন কৰা হয়, য’ত নৈতিকতা, সদাচাৰ, জ্ঞান, সহানুভূতি আৰু মানৱতাৰ দৰে মূল্যবোধসমূহৰ ওপৰত আলোকপাত কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে এই সাহিত্যিক গ্ৰন্থখনৰ ভাবধাৰা আৰু বাৰ্তাসমূহ নিজৰ শিল্পকৰ্মৰ জৰিয়তে প্ৰকাশ কৰে। আনহাতে, কুইজ প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলৰ তিৰুক্কুৰল আৰু ইয়াৰ শিক্ষাৰ বিষয়ে জ্ঞান পৰীক্ষা কৰা হয়।
ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস (এন বি টি)- এ ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ সাহিত্যিক আৰু শৈক্ষিক পদক্ষেপসমূহৰ সৈতে পৰিচিত কৰাবলৈ এক পৰিচয়মূলক অধিৱেশনো অনুষ্ঠিত কৰে। তেওঁলোকক ৭,০০০-তকৈও অধিক কিতাপ পঢ়াৰ সুবিধা প্ৰদান কৰা এটা ডিজিটেল পুথিভঁৰাল ‘ৰাষ্ট্ৰীয় ই-পুস্তকালয়’ৰ সৈতে পৰিচয় কৰি দিয়া হয় আৰু এই মঞ্চ অন্বেষণ কৰিবলৈ, পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ তথা তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ উৎসাহিত কৰা হয়।
নমো ঘাটত ৫০ৰো অধিক বিপণী স্থাপন কৰা হৈছে। এই বিপণীসমূহত কাশী আৰু তামিলনাডুৰ হস্তশিল্প, পৰম্পৰাগত সামগ্ৰী আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হৈছে। কাশী আৰু তামিলনাডুৰ বিভিন্ন শিল্পকলাৰ পৰম্পৰাক জনসাধাৰণৰ আগত দাঙি ধৰাৰ উদ্দেশ্যে প্ৰতিদিনে সন্ধিয়া নমো ঘাটত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আজি তিৰুচিৰাপল্লীৰ তামিল লোকনৃত্য, বাৰাণসীৰ এগৰাকী শিল্পীৰ ভজন আৰু চেন্নাইৰ শাস্ত্ৰীয় নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
কাশী তামিল সংগমম-ৰ পঞ্চম সংস্কৰণৰ অংশ হিচাপে তামিলনাডুৰ ৫০ গৰাকী প্ৰশিক্ষিত শিক্ষকে ৩০ নৱেম্বৰ, ২০২৬-ৰ পৰা বাৰাণসী, প্ৰয়াগৰাজ আৰু অযোধ্যাৰ নিৰ্বাচিত বিদ্যালয়সমূহৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক তিৰুক্কুৰলৰ শিক্ষা আৰু মূল্যবোধ প্ৰদান কৰিবলৈ আৰম্ভ কৰিব। ১০ টা কৰ্মদিন ধৰি চলিবলগীয়া এই কাৰ্যসূচীত বাৰাণসীত ২০ গৰাকী আৰু অযোধ্যা ও প্ৰয়াগৰাজত ১৫ গৰাকীকৈ শিক্ষকক নিযুক্তি দিয়া হৈছে। আজি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত শিক্ষকসকলৰ বাবে এক অভিমুখীকৰণ কাৰ্যসূচীও আয়োজন কৰা হয়।


*******
RRTN/PB