উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

বাৰাণসীত কাশী তামিল সংগমমৰ পঞ্চম সংস্কৰণ উদ্বোধন উপ-ৰাষ্ট্ৰপতিৰ

কাশী আৰু তামিলনাডুৰ মাজত হাজাৰ হাজাৰ বছৰ পুৰণি সভ্যতাগত সম্পৰ্ক আছে: উপ-ৰাষ্ট্ৰপতি

কাশী তামিল সংগমম কেৱল এক সাংস্কৃতিক অনুষ্ঠান নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় একতাক শক্তিশালী কৰাৰ এক অভিযানহে: উপ-ৰাষ্ট্ৰপতি

১০টা বিদেশী ভাষাকে ধৰি ৫০টা ভাষাত তিৰুক্কুৰালৰ অনুবাদ মুকলি উপ-ৰাষ্ট্ৰপতিৰ

জনসাধাৰণক নিজৰ মাতৃভাষাৰ প্ৰতি গৌৰৱ কৰাৰ লগতে সকলো ভাষাকে সন্মান কৰিবলৈ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰীয় নদী-সংযোগ পদক্ষেপৰ জৰিয়তে গংগাৰ জল কাৱেৰীত মিলিত হোৱা ভৱিষ্যতৰ কল্পনা উপ-ৰাষ্ট্ৰপতিৰ

পোষ্ট কৰা হৈছে: 28 NOV 2026 3:46PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণণে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত কাশী তামিল সংগমমৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰে। এই উপলক্ষে তেওঁ ১০টা বিদেশী ভাষাকে ধৰি ৫০টা ভাষালৈ অনূদিত থিৰুক্কুৰালৰ সংস্কৰণসমূহ উন্মোচন কৰে।

 

সমবেত লোকসকলক সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কাশী আৰু তামিলনাডুৰ মাজত হাজাৰ হাজাৰ বছৰ পুৰণি এক গভীৰ সভ্যতাগত, সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্ক আছে। কাশীক বিশ্বৰ আধ্যাত্মিক ৰাজধানী হিচাপে বৰ্ণনা কৰি তেওঁ কয় যে এই চহৰখনে তামিল লোকসকলৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আছে, যাৰ বাবে কাশী ভ্ৰমণ আৰু বাবা বিশ্বনাথৰ দৰ্শন এক চিৰআকাংক্ষিত আধ্যাত্মিক অভিলাষ।

উপৰাষ্ট্ৰপতিয়ে কয় যে ভাষিক, আঞ্চলিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ মাজতো এক উমৈহতীয়া সভ্যতাগত আৰু আধ্যাত্মিক ভাৱনাই সদায় দেশক একত্ৰিত কৰি ৰাখিছে। এই শক্তিশালী বন্ধনৰ জৰিয়তে অনুপ্ৰাণিত হৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত কাশী তামিল সংগমমৰ আৰম্ভণি  হোৱা বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে এই পদক্ষেপ এতিয়া কেৱল এক সাংস্কৃতিক কাৰ্যসূচী হৈ থকা নাই, বৰঞ্চ এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আন্দোলনত পৰিণত হৈছে। ই তামিলনাডু আৰু কাশীৰ মাজৰ ঐতিহাসিক সম্পৰ্কক পুনৰ জীৱন্ত কৰি তোলাৰ লগতে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাকো শক্তিশালী কৰে।

এই বছৰৰ সংস্কৰণৰ বিষয়বস্তু হৈছে “তিৰুক্কুৰাল পয়িলভোম – তিৰুক্কুৰালৰ অনুশীলন কৰক”। ইয়াৰ উদ্দেশ্য হৈছে তিৰুক্কুৰালৰ শাশ্বত জ্ঞান আৰু নৈতিক মূল্যবোধসমূহ বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজলৈ লৈ যোৱা। উপৰাষ্ট্ৰপতিয়ে তিৰুক্কুৰালক জীৱনৰ বাবে এক সাৰ্বজনীন পথ প্ৰদৰ্শক বুলি অভিহিত কৰি ইয়াত সমতা, মানৱতাবাদ আৰু নৈতিকতাৰ বাৰ্তা ভাষা, অঞ্চল আৰু ৰাষ্ট্ৰৰ সীমাৰ বাহিৰলৈকে বিয়পি আছে বুলি উল্লেখ কৰে। তেওঁ জনসাধাৰণক ইয়াৰ শিক্ষাসমূহ অধ্যয়ন  কৰাৰ লগতে দৈনন্দিন জীৱনত এয়া গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে তিৰুক্কুৰাল ৫০টা ভাষালৈ অনুবাদ হোৱাটো (য'ত বিদেশী ভাষাও আছে) তামিল ভাষা আৰু সাহিত্যৰ বাবে এক ডাঙৰ সাফল্য। ই তিৰুৱল্লুৱৰৰ শিক্ষাসমূহৰ সাৰ্বজনীন প্ৰাসংগিকতাক দিয়া এক শ্ৰদ্ধাঞ্জলি। তেওঁ সোঁৱৰাই দিয়ে যে কাশী তামিল সংগমমৰ প্ৰথম সংস্কৰণত তিৰুক্কুৰাল ১৩টা ভাষাত প্ৰকাশ কৰা হৈছিল আৰু দ্বিতীয় সংস্কৰণত আৰু ১৬টা ভাষাত ইয়াৰ অনুবাদ কৰা হৈছিল। তেওঁ কয় যে পঞ্চম সংস্কৰণত ই ৫০টা ভাষাত উপলব্ধ হোৱাটো তামিল সাহিত্যিক ঐতিহ্যক ব্যাপক পৰিসৰৰ মাজলৈ লৈ যোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

ভাষিক সম্প্ৰীতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উপৰাষ্ট্ৰপতিয়ে কয় যে প্ৰত্যেকৰে নিজৰ মাতৃভাষাৰ প্ৰতি গৌৰৱ থাকিব লাগে। লগতে আনৰ ভাষাকো সন্মান কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, “নিজৰ ভাষাৰ প্ৰতি প্ৰেমৰ জৰিয়তে কেতিয়াও আন ভাষাৰ প্ৰতি শত্ৰুতাৰ ভাৱ সৃষ্টি হোৱা উচিত নহয়।” তেওঁ কয় যে ভাৰতৰ শক্তি ইয়াৰ অসংখ্য ভাষা আৰু উমৈহতীয়া আদৰ্শৰ মাজত নিহিত হৈ আছে। তেওঁ ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংগম যুগৰ কবি কণিয়ান পুংগুন্দ্ৰনাৰৰ প্ৰসিদ্ধ বাক্য - “যাধুম ঊৰে, য়াৱৰুম কেলিৰ” উল্লেখ কৰা কথাটোও সোঁৱৰাই দিয়ে, যিয়ে সাৰ্বজনীন ভাতৃত্বৰ তামিল আদৰ্শক বিশ্ব মঞ্চলৈ লৈ গৈছিল।

উপৰাষ্ট্ৰপতিয়ে যুৱক-যুৱতীসকলক পেৰুন্থলাইভাৰ কে কামৰাজ আৰু পচুমপোন মুথুৰামলিংগ থেৱৰৰ দৰে নেতাসকলৰ পৰা অনুপ্ৰেৰণা ল'বলৈ আৰু ৰাষ্ট্ৰীয় ঐক্যৰ ভাৱনা বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰতৰ সভ্যতাগত মূল্যবোধসমূহ আগুৱাই নিয়াৰ লগতে দেশক একত্ৰিত কৰি ৰখা বন্ধনসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত উত্তৰ প্ৰদেশৰ বিকাশৰ কথা উল্লেখ কৰি উপৰাষ্ট্ৰপতিয়ে ৰাজ্যত অহা পৰিৱৰ্তন আৰু অৰ্থনৈতিক বিকাশ তথা জনসুৰক্ষাৰ দৰে ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে ১৯৯৮ চনত আৰম্ভ হোৱা তেওঁৰ পুৰণি সম্পৰ্ক আৰু বন্ধুত্বৰ কথাও সোঁৱৰাই দিয়ে।

২০৪৭ চনৰ বাবে ভাৰতৰ আকাংক্ষাৰ প্ৰসংগেৰে উপৰাষ্ট্ৰপতিয়ে কয় যে বিকশিত ভাৰতৰ লক্ষ্য কেৱল অৰ্থনৈতিক বিকাশতেই সীমাবদ্ধ থাকিব নালাগে। তেওঁ কয় যে ভাৰতে নিজৰ সভ্যতাগত ঐতিহ্য, সাংস্কৃতিক মূল্যবোধ আৰু মানৱতাবাদৰ এক গোলকীয় উদাহৰণ হিচাপেও আত্মপ্ৰকাশ কৰিব লাগে। তেওঁ সংঘৰ্ষ, অনিশ্চয়তা আৰু বিভাজনৰ সন্মুখীন হৈ থকা আজিৰ বিশ্বত ভাৰতৰ পৰম্পৰাগত দৰ্শন বসুধৈৱ কুটুম্বকম আৰু সৰ্বে ভৱন্তু সুখিনঃৰ প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নিজৰ ভাষণৰ সামৰণিত উপৰাষ্ট্ৰপতিয়ে দেশৰ নদীসমূহক পৰস্পৰৰ সৈতে সংযোগ কৰাৰ দৃষ্টিভংগীৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে এদিন এনে এটা দিন নিশ্চয় আহিব, যেতিয়া গংগাৰ পানী কাৱেৰীত মিলিত হ’ব।

কাশী তামিল সংগমমৰ এই সংস্কৰণত তামিলনাডুৰ পৰা প্ৰায় ১,৪০০ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশ লয়। ইয়াৰ ভিতৰত ছাত্ৰ-ছাত্ৰী, শিক্ষক, লেখক, সাংবাদিক, কৃষক, শিল্পী, মহিলা আৰু উদ্যোগ জগতৰ প্ৰতিনিধিৰ দৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক আছে।

এই কাৰ্যসূচী শিক্ষা মন্ত্ৰণালয়ৰ উচ্চ শিক্ষা বিভাগ, আই আই টি মাদ্ৰাজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, চেন্নাইস্থিত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিল, উত্তৰ প্ৰদেশ চৰকাৰ আৰু ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয় তথা বিভাগসমূহৰ যৌথ প্ৰচেষ্টাৰে আয়োজন কৰা হৈছে।

এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী, উত্তৰ প্ৰদেশৰ মন্ত্ৰী শ্ৰী অনিল ৰাজভৰ, শ্ৰী ৰবীন্দ্ৰ জয়ছৱাল, শ্ৰী দয়াশংকৰ মিশ্ৰ আৰু শ্ৰী হংসৰাজ বিশ্বকৰ্মা, উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰীমতী দীপ্তি উমাশংকৰ, ভাৰতীয় ভাষা সমিতিৰ অধ্যক্ষ শ্ৰী চামু কৃষ্ণ শাস্ত্ৰী, আই আই টি মাদ্ৰাজৰ সঞ্চালক শ্ৰী ভি কামকোটি, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অজিত কুমাৰ চতুৰ্বেদী, আধ্যাত্মিক গুৰু, বিদ্বান, তামিলনাডুৰ পৰা অহা প্ৰতিনিধি, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে উপৰাষ্ট্ৰপতিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰাণসীত শ্ৰী কাশী বিশ্বনাথ মন্দিৰ আৰু শ্ৰী কাল ভৈৰৱ মন্দিৰ দৰ্শন কৰি পূজা-অৰ্চনা কৰে।

 

***

PK/KC/RT/NS/DD


(ৰিলিজ আই ডি : 2343374) অতিথি কক্ষ : 3