57th International Film Festival of India 2026
20 – 28 Nov 2026

কিহে আমাৰ মাজত পৰিয়ালৰ বান্ধোন গঢ়ে? ৫৭সংখ্যক আই এফ এফ আইৰ সামৰণি পৰ্বৰ চলচ্চিত্ৰত আত্মীয়তা তথা আপোনত্বৰ অৰ্থৰ সন্ধান

শৈশৱৰ পৰা প্ৰাপ্তবয়স্ক জীৱনলৈ উত্তৰণ, দায়িত্ব গ্ৰহণ তথা মানৱীয় সম্পৰ্ক গঢ়ি তোলাৰ অভিজ্ঞতাৰ বিষয়ত আলোকপাত কৰিলে ‘উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ’ৰ অভিনেতাসকলে

পোষ্ট কৰা হৈছে: 28 NOV 2026 3:48PMby PIB Guwahatiৰিলিজ আই ডি : 2343301Views: 7

কিহে এটা পৰিয়াল গঢ়ি তোলে  — একে তেজৰ সম্পৰ্ক, একেখন ঘৰ নে মানুহে লাহে লাহে ইজনে সিজনৰ সৈতে গঢ়ি তোলা আত্মীয়তাৰ বান্ধোনেৰে? ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-ৰ সামৰণি ছবি 'উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ' ৰ মূল বিষয়বস্তুৱেই হৈছে এই প্ৰশ্নটো। এন্থনী চেনৰ দ্বাৰা পৰিচালিত মেণ্ডাৰিন আৰু ইংৰাজী ভাষাৰ এই ১৫৭ মিনিট দৈৰ্ঘ্যৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবিখনত পাৰিবাৰিক সম্পৰ্ক, প্ৰাপ্তবয়স্ক জীৱনৰ অনিশ্চয়তা আৰু আপোনত্বৰ অৰ্থ অন্বেষণ কৰা হৈছে। ছিংগাপুৰৰ অভিনেতা ক’হ জিয়া লেৰ আৰু ৰেজিন লিমে আজি গোৱাত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ দ্বাৰা আয়োজিত এক সংবাদমেলত এই বিষয়সমূহৰ ওপৰত আলোকপাত কৰে। ইয়াৰ পূৰ্বে এই ত্ৰিলজীৰ প্ৰথমখন চলচ্চিত্ৰ ‘ইলো ইলো’ (২০১৩) আৰু দ্বিতীয়খন ‘ৱেট ছিজন’ (২০১৯) নিৰ্মাণ কৰা হৈছিল।

 

ছিংগাপুৰৰ সমসাময়িক পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনত ২১ বছৰীয়া জুনিয়াং আৰু তেওঁৰ পিতৃ বুন কিয়াটৰ জীৱনক কেন্দ্ৰ কৰি কাহিনীভাগ আগবাঢ়িছে। নতুন সম্পৰ্ক আৰু অপ্ৰত্যাশিত দায়িত্বই তেওঁলোকৰ জীৱনৰ গতি সলনি কৰি পেলায়। চাৰিগৰাকী ব্যক্তিয়ে একেখন ঘৰত একেলগে বাস কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে কাহিনীটোৱে পাৰিবাৰিক সম্পৰ্ক, প্ৰাপ্তবয়স্ক জীৱনৰ অনিশ্চয়তা তথা প্ৰথম অৱস্থাত ইজনে- সিজনক বুজিবলৈ অসুবিধা পোৱা,  মানুহৰ মাজত ক্ৰমাৎ গঢ় লৈ উঠা আত্মিক বান্ধোনৰ দিশসমূহ উন্মোচন কৰিছে।

 

‘গ্ৰয়িং আপ’ ত্ৰিলজীৰ সৈতে জড়িত নিজৰ দীৰ্ঘদিনীয়া যাত্ৰাৰ বিষয়ে উল্লেখ কৰি কো জিয়া লেৰ কয় যে এই চলচ্চিত্ৰসমূহৰ সৈতে জড়িত হৈ থকাৰ সময়তে এজন অভিনেতা হিচাপেও তেওঁৰ ক্ৰমবিকাশ ঘটিছে। প্ৰায় ৮,০০০ শিশুৰ মাজৰ পৰা তেওঁক কেনেদৰে নিৰ্বাচিত কৰা হৈছিল, সেই কথা স্মৰণ কৰি তেওঁ কয় যে পৰিচালক এন্থনী চেনৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁৰ অভিনয়ৰ কোনো আনুষ্ঠানিক  প্ৰশিক্ষণ নাছিল। বিদ্যালয়ৰ বন্ধ আৰম্ভ হোৱা এক আনন্দদায়ক অভিজ্ঞতা আছিল।  পৰৱৰ্তী সময়ত পৰিচালকগৰাকীৰ সহযোগিতাই চলচ্চিত্ৰ আৰু অভিনয়ৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ জগাই তুলিলে।

চলচ্চিত্ৰখনত জুনিয়াঙৰ চৰিত্ৰত অভিনয় কৰা কো জিয়া লেৰে কয় যে সমাজত নিজৰ স্থান বিচাৰি উলিয়াবলৈ চেষ্টা কৰাৰ সমান্তৰালকৈ তেওঁ পাৰিবাৰিক দায়িত্বও গ্ৰহণ কৰিবলৈ বাধ্য হয়। তেওঁ উল্লেখ কৰে যে তেওঁৰ ব্যক্তিগত জীৱনৰ কিছুমান অভিজ্ঞতাও চলচ্চিত্ৰখনত প্ৰতিফলিত হৈছে। প্ৰাপ্তবয়স্ক জীৱনলৈ উত্তৰণৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান, কঠিন সিদ্ধান্ত গ্ৰহণ আৰু জীৱনৰ সঠিক পথ বিচাৰি উলিওৱাৰ অভিজ্ঞতাসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ দৰ্শকে সহজেই অনুভৱ কৰিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে।

চলচ্চিত্ৰখনৰ শিৰোনামৰ তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা কৰি লিডিয়াৰ চৰিত্ৰত অভিনয় কৰা ৰেজিন লিমে কয় যে পিতৃ-পুত্ৰৰ দৰে তেজৰ সম্পৰ্ক থকা লোকসকলৰ মাজতো কেতিয়াবা অচিনাকি ভাব থাকিব পাৰে। চাৰিগৰাকী ব্যক্তিয়ে একেখন চালিৰ  তলত একেলগে বাস কৰিবলৈ আৰম্ভ কৰাৰ পিছত ক্ৰমাৎ ইজনে সিজনক বুজিবলৈ আৰু গ্ৰহণ কৰিবলৈ শিকে। ইয়াৰ জৰিয়তে তেওঁলোকে উপলব্ধি কৰে যে পৰিয়াল কেৱল জৈৱিক সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল নহয়, বৰং পাৰস্পৰিক বুজাবুজি, গ্ৰহণযোগ্যতা আৰু আবেগিক সংযোগৰ মাজেৰেহে প্ৰকৃত পাৰিবাৰিক বান্ধোন গঢ় লৈ উঠে।

 

নানয়াং প্ৰযুক্তি বিশ্ববিদ্যালয়ত যোগাযোগ বিষয়ত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত পুনৰ অভিনয় জগতলৈ উভতি অহাৰ অভিজ্ঞতাৰ বিষয়েও লিমে বৰ্ণনা কৰে। তেওঁ কয় যে এই অধ্যয়নৰ সময়ছোৱাই তেওঁৰ অভিনয়ৰ প্ৰতি থকা আগ্ৰহ পুনৰ জগাই তুলিছিল। তেওঁৰ মতে, চলচ্চিত্ৰ হৈছে এনে এক মাধ্যম, যাৰ জৰিয়তে দৰ্শকে নিজৰ জীৱনৰ পৰা পৃথক আন মানুহৰ জীৱন, বিভিন্ন দেশ আৰু সংস্কৃতিৰ বিষয়ে জানিবলৈ আৰু সেইবোৰ আৱিষ্কাৰ কৰিবলৈ সুযোগ লাভ কৰে।

 

কো জিয়া লেৰে আশা প্ৰকাশ কৰে যে চলচ্চিত্ৰখনে আন্তঃৰাষ্ট্ৰীয় দৰ্শকক ছিংগাপুৰৰ পৰিচিত সমৃদ্ধিৰ ছবিখনৰ বাহিৰলৈ গৈ তাত থকা সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ সৈতে পৰিচয় কৰাই দিব। পৰিয়াল, দায়িত্ববোধ আৰু ডাঙৰ হৈ অহাৰ অনিশ্চয়তাবোৰৰ অন্তৰংগ চিত্ৰণৰ জৰিয়তে 'উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ' -এ আই এফ এফ আই ২০২৬ৰ মূল বিষয়বস্তু 'সীমাহীন কাহিনী' ৰ এক উপযুক্ত সামৰণি আগবঢ়াইছে। ইয়াত থকা আত্মীয়তা আৰু মানৱীয় সম্পৰ্কৰ অন্বেষণে আৱেগ আৰু অভিজ্ঞতাই কেনেকৈ বিভিন্ন সংস্কৃতি আৰু ভৌগোলিক সীমাৰ সিপাৰৰ মানুহকো একত্ৰিত কৰিব পাৰে, তাকেই স্পষ্টকৈ দাঙি ধৰিছে।

 সংবাদমেলখনৰ আঁত ধৰে শ্ৰী কিৰণ মুৰালীয়ে।

সম্পূৰ্ণ সংবাদমেলখন চাব পাৰিব ইয়াত।

 

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

* * *

PIB IFFI Team | Rajith/ Supriya/ Praveen/ Darshana | IFFI 57 - 127


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2343301
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026