ৰবি গ্ৰেৱালৰ দ্বাৰা পৰিচালিত, প্ৰভলীন সান্ধুৰ দ্বাৰা নিৰ্মিত (সৃষ্ট) আৰু অলমাইটি মোচন পিকচাৰৰ দ্বাৰা প্ৰযোজিত হিন্দী ডকুড্ৰামা চিৰিজ ‘মেড ইন ইণ্ডিয়া: এ টাইটান ষ্ট’ৰী’-এ গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-ত শ্ৰেষ্ঠ ৱেব চিৰিজ (অ’টিটি) বঁটা ২০২৬ লাভ কৰিছে। আজি নিশা মহোৎসৱৰ সামৰণি অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।
এইবাৰ লাভ কৰা মুঠ ৪৬খন নিৰ্বাচিত ৱেব ছিৰিজৰ মাজৰ পৰা ভাৰতীয় বিভিন্ন ভাষাৰ পাঁচখন ধাৰাবাহিকক চূড়ান্ত তালিকাৰ বাবে বাছনি কৰা হৈছিল। চূড়ান্ত তালিকাত স্থান পোৱা আন চিৰিজসমূহ আছিল চন্দ্ৰকান্ত লতা গাইকোৱাডৰ দ্বাৰা পৰিচালিত ‘দেৱখেল’ (মাৰাঠী), ৰুচিৰ অৰুণৰ দ্বাৰা পৰিচালিত ‘মুছাফিৰ কেফে’ (হিন্দী), দেৱ কাট্টাৰ দ্বাৰা পৰিচালিত ‘মায়া সভা’ (তেলেগু) আৰু হিমাংক গৌৰৰ দ্বাৰা পৰিচালিত ‘আদৰ্শ বাল বিদ্যালয়’ (হিন্দী)।
জুৰীৰ হৈ বক্তব্য প্ৰদান কৰি জুৰীৰ অধ্যক্ষ যামনাদাস মাজেঠিয়াই বঁটাৰ বাবে ৱেব ছিৰিজ নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ জনায় যে প্ৰথম পৰ্যায়ত ১২খন চূড়ান্ত তালিকাৰ বাবে নিৰ্বাচন কৰা হৈছিল আৰু তাৰ পিছত তাৰ মাজৰ পৰা পাঁচখন চূড়ান্ত মনোনয়ন লাভ কৰা ধাৰাবাহিক নিৰ্বাচন কৰা হয়।
তেওঁ কয় যে জুৰীয়ে এনে কাহিনীৰ সন্ধান কৰিছিল, যিবোৰে ভাৰতীয়সকলৰ হৃদয় স্পৰ্শ কৰাৰ লগতে দেশৰ মনোভাৱ প্ৰতিফলিত কৰে আৰু দৰ্শকক অনুপ্ৰাণিত কৰে। পৰিয়ালৰ সকলো সদস্যই একেলগে উপভোগ কৰিব পৰা বিষয়বস্তু হিচাপে ৱেব ছিৰিজৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ কথাও তেওঁ উল্লেখ কৰে। লগতে মনোনীত ধাৰাবাহিকসমূহত প্ৰতিফলিত হোৱা কাহিনীৰ বৈচিত্ৰ্যৰো শলাগ লয়।
বিজয়ী ধাৰাবাহিকখনক স্বীকৃতি প্ৰদান কৰি জুৰীয়ে ভাৰতীয় উদ্যোগ আৰু দেশৰ ঔদ্যোগিক সাফল্যক প্ৰতিফলিত কৰাৰ বাবে ইয়াৰ প্ৰশংসা কৰে।
জুৰীৰ প্ৰশংসাপত্ৰত উল্লেখ কৰা হৈছে, “সফলতাৰ কাহিনীবোৰ কোৱা আৰু উদ্যাপন কৰা উচিত। বিশেষকৈ ঔদ্যোগিক সাফল্যই উদ্যোগ, অধ্যৱসায় আৰু দূৰদৰ্শিতাৰ ক্ষেত্ৰত শক্তিশালী শিক্ষা প্ৰদান কৰে। এই ধাৰাবাহিকখনে সেই মনোভাৱ সুন্দৰভাৱে প্ৰতিফলিত কৰিছে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত বাস্তৱায়িত হোৱা সপোন তথা পূৰণ হোৱা আকাংক্ষাৰ এনে অধিক কাহিনীৰ বাবে বাট মুকলি কৰিছে। এনে কাহিনীবোৰে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ সামৰ্থ্য ৰাখে। সেয়েহে এই কাহিনীবোৰ উপভোগ, বিনিময় আৰু উদ্যাপন কৰা উচিত।”
ডিজিটেল মাধ্যমত কাহিনী কথনৰ ক্ৰমবৰ্ধমান পৰিসৰক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে ২০২৩ চনত ৫৪ সংখ্যক আই এফ এফ আইত এই শ্ৰেষ্ঠ ৱেব ছিৰিজ (অ’টিটি) বঁটা প্ৰৱৰ্তন কৰা হৈছিল। এই বঁটাত এখন প্ৰমাণ-পত্ৰৰ লগতে ১০ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। এই ধনৰাশি পৰিচালক, স্ৰষ্টা আৰু প্ৰযোজকৰ মাজত সমানে ভাগ কৰি দিয়া হয়।
২০২৬ চনৰ জুন মাহত আমাজন এম এক্স প্লেয়াৰত মুক্তি লাভ কৰা ‘মেড ইন ইণ্ডিয়া: এ টাইটান ষ্ট’ৰী’ ছটা খণ্ডৰ এখন হিন্দী তথ্যচিত্ৰধৰ্মী নাট্যধাৰাবাহিক। ভাৰতৰ অন্যতম আগশাৰীৰ উপভোক্তা সামগ্ৰীৰ ব্ৰেণ্ডৰ উত্থানৰ কাহিনী ইয়াত বৰ্ণনা কৰা হৈছে।
বিনয় কামাথৰ গ্ৰন্থ ‘টাইটান: ইনছাইড ইণ্ডিয়াজ মষ্ট ছাকছেছফুল কনজিউমাৰ ব্ৰেণ্ড’ৰ আধাৰত নিৰ্মিত এই ধাৰাবাহিকখনত জিম ছাৰ্ভে জেৰ্ক্সেছ দেশাই আৰু নাছিৰুদ্দিন শ্বাহে জে আৰ ডি টাটাৰ চৰিত্ৰত অভিনয় কৰিছে।
৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ অন্যতম উল্লেখযোগ্য আকৰ্ষণ আছিল এই বঁটা প্ৰদান অনুষ্ঠান। ইয়াৰ জৰিয়তে নদিনীয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সাংস্কৃতিক বিনিময়ৰ এক বৰ্ণিল পৰিক্ৰমাৰ সামৰণি পৰে।
বঁটাৰ বাবে গঠিত জুৰীৰ সংবাদমেল ইয়াত চাব পাৰিব।
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48

* * *
PIB IFFI Team | Rajith/ Supriya/ Smita/ Darshana/DM | IFFI 57 - 128