গোৱাত অনুষ্ঠিত ৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ সমান্তৰালভাৱে আজি আয়োজিত এখন সংবাদমেলত স্পেনিছ ভাষাৰ চলচ্চিত্ৰ দ্য ৰিভাৰ ট্ৰেইন (এল ট্ৰেন ফ্লুভিয়েল / The River Train / El Tren Fluvial)-ৰ অভিনয়শিল্পী, কলা-কুশলীসকলৰ সৈতে প্ৰযোজক ভেলেণ্টাইন টৰে আৰু অভিনেত্ৰী ৰীতা প'লছে কেনেকৈ বিশ্বাস, বন্ধুত্ব আৰু সংবেদনশীলতাই চলচ্চিত্ৰখন নিৰ্মাণত বাস্তৱ ৰূপ দিলে সেই বিষয়ে বক্তব্য প্ৰদান কৰে। লৰেঞ্জ' ফেৰ' আৰু লুকাছ এ. ভিগনেলে পৰিচালনা কৰা ৭৫ মিনিট দৈৰ্ঘ্যৰ আৰ্জেণ্টিনাৰ এই স্পেনিছ ভাষাৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰখনে IFFI 2026-ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত ভাৰতীয় প্ৰিমিয়াৰ লাভ কৰে।

আৰ্জেণ্টিনাৰ পম্পাছ (Argentine Pampas)-ত নিৰ্মিত চলচ্চিত্ৰখনত ৯ বছৰীয়া মাইল' (Milo)-ৰ কাহিনী অনুসৰণ কৰা হৈছে, যিয়ে আৰ্জেণ্টিনাৰ এক পৰম্পৰাগত লোকনৃত্য মালাম্ব' (Malambo)-ৰ প্ৰশিক্ষণ লয়, কিন্তু কেৱল চলচ্চিত্ৰৰ জৰিয়তেহে চিনি পোৱা চহৰ বুয়েনছ আয়াৰ্ছ (Buenos Aires)-লৈ ৰে'লেৰে যাত্ৰা কৰাৰ সপোন দেখে। তেওঁ অকলে ওলাই যাওঁতে অপৰিচিতৰ সাক্ষাত্ আৰু অকলশৰীয়া মুহূৰ্তবোৰে তেওঁক তেওঁৰ প্ৰত্যাশাৰ বাহিৰৰ এখন পৃথিৱী আৱিষ্কাৰ কৰিবলৈ লৈ যায়। তেওঁৰ এই যাত্ৰাই শৈশৱ, স্বাধীনতা আৰু নিজৰ সপোন অনুসৰণ কৰাৰ প্ৰত্যাহ্বানসমূহ অন্বেষণ কৰে।
প্ৰকল্পটোৰ আৰম্ভণিৰ কথা স্মৰণ কৰি শ্ৰী টৰে কয় যে এই প্ৰক্ৰিয়া বন্ধু-বান্ধৱীৰ মাজত এখন সৰু চলচ্চিত্ৰ নিৰ্মাণৰ এক অনানুষ্ঠানিক আমন্ত্ৰণ হিচাপে আৰম্ভ হৈছিল। এক সাধাৰণ প্ৰচেষ্টা হিচাপে যি আৰম্ভ হৈছিল, পাৰস্পৰিক বিশ্বাস আৰু সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ক্ৰমাত্ সেয়া এক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰলৈ বিকশিত হয় আৰু অৱশেষত বাৰ্লিন, ছান চেবাষ্টিয়ান আৰু বুয়েনছ আয়াৰ্ছৰ চলচ্চিত্ৰ মহোৎসৱসমূহত আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ ওচৰ পায়।

চলচ্চিত্ৰখনত অধ্যাপিকাৰ চৰিত্ৰত অভিনয় কৰা শ্ৰীমতী প'লছে অভিনয়ৰ পূৰ্বৰ কোনো অভিজ্ঞতা নথকা মালাম্ব'ৰ যুৱ নৃত্যশিল্পী মাইল' বাৰিয়াৰ সৈতে কাম কৰাৰ বিষয়ে কয়। শিশুটিয়ে এক পৰম্পৰাগত চলচ্চিত্ৰৰ শ্বুটিং স্থলীৰ চাহিদাৰ লগত খাপ খুৱাই লোৱাটো আশা কৰাৰ পৰিৱৰ্তে কলা-কুশলীৰ দলটোৱেই নিজৰ কাম কৰাৰ পদ্ধতিসমূহ তেওঁৰ প্ৰয়োজন আৰু মেজাজ অনুসৰি সলনি কৰি লৈছিল বুলি জানিবলৈ দিয়ে। তেওঁ ব্যাখ্যা দাঙি ধৰি কয় যে এই নমনীয়তাই অকণমানি অভিনেতাগৰাকীক সৃজনশীল প্ৰক্ৰিয়াৰ কেন্দ্ৰবিন্দুত থাকিবলৈ সুযোগ দিছিল।
চলচ্চিত্ৰখনৰ দৃশ্যশৈলী সম্পৰ্কে ক'বলৈ গৈ প্ৰযোজকগৰাকীয়ে ব্যাখ্যা কৰে যে ৪:৩ আছপেক্ট ৰেচিঅ' (4:3 aspect ratio) পৰিচালকদ্বয়ৰ ধ্ৰুপদী চলচ্চিত্ৰৰ প্ৰতি থকা অনুৰাগৰ পৰা অনুপ্ৰাণিত হোৱাৰ লগতে দলটোক তেওঁৰ নিৰ্মাণ বাজেটৰ ভিতৰত কাম কৰাত সহায় কৰিছিল। চলচ্চিত্ৰখনৰ একাংশত ক'লা-বগা দৃশ্যৰ ব্যৱহাৰে পুৰণি চলচ্চিত্ৰৰ পৰিৱেশ জগাই তোলে আৰু আখ্যানটোক এক সপোনময়তা প্ৰদান কৰে।

ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত শ্ৰী টৰে জনায় যে দলটোৱে ২০২৭ চনত দুগৰাকী ভাতৃৰ জীৱন আধাৰিত এখন ৰোড ফিল্ম (road film) প্লেন ডে ফিউগা (Plan de fuga)-ৰ শ্বুটিং আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ স্পেইনত দ্য ৰিভাৰ ট্ৰেইন (The River Train)-ৰ শেহতীয়া ছবিগৃহ মুক্তিৰ বিষয়েও কয় আৰু ভাৰতত ভৱিষ্যতে চলচ্চিত্ৰ নিৰ্মাণৰ সহযোগিতাৰ আশা প্ৰকাশ কৰে।
মাইল'ৰ যাত্ৰাৰ মাজেৰে দ্য ৰিভাৰ ট্ৰেইন-য়ে অজানাক অন্বেষণ কৰা আৰু জীৱনত নিজৰ পথ বিচাৰি উলিওৱাৰ সৰ্বজনীন আকাংক্ষাক উপস্থাপন কৰা হৈছে। ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়াই এই কথাও সোঁৱৰাই দিয়ে যে যেতিয়া সৃজনশীল উচ্চাকাংক্ষাৰ সৈতে সহানুভূতি আৰু সামূহিক প্ৰচেষ্টাৰ সংযোগ ঘটে, তেতিয়া সাধাৰণ আৰম্ভণিৰ পৰাও অৰ্থপূৰ্ণ চলচ্চিত্ৰৰ জন্ম হ'ব পাৰে।
অনুষ্ঠানটোৰ আঁত ধৰে অনুষ্কা সৰকাৰে।
Watch full Press conference here:
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rajith/ LekshmiPriya/ Praveen/ Darshana | IFFI 57 – 123/KB