এসময়ত কেইবাটাও প্ৰজন্মক গঢ় দিয়া শিক্ষকসকলে যেতিয়া সলনি হৈ অহা শ্ৰেণীকোঠাৰ সৈতে খোজ মিলাই চলিবলৈ সংগ্ৰাম কৰা দেখা যায়, তেতিয়া কি হয়? চলচ্চিত্ৰ নিৰ্মাতা সৰফৰাজ আলম ৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ হিন্দী চলচ্চিত্ৰ কবীৰ ছাৰ কা আখৰী লেছন (Kabir Sir Ka Akhri Lesson)-ৰ মূলতে এই প্ৰশ্নটোৱেই নিহিত হৈ আছে, যাৰ বিশ্ব প্ৰিমিয়াৰ ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ত অনুষ্ঠিত হয়।
বিহাৰৰ নালন্দা জিলাত থকা নিজৰ শৈশৱৰ বিদ্যালয়খনলৈ যাওঁতে আলমে লাভ কৰা এটা অভিজ্ঞতাৰ পৰা চলচ্চিত্ৰখনে প্ৰেৰণা লাভ কৰিছে। তেওঁ দেখা পালে যে পৰম্পৰাগত ব্লেকব’ৰ্ডৰ ঠাইত ঠাই লৈছে স্মাৰ্ট বৰ্ডে, আনহাতে অভিজ্ঞ শিক্ষকসকলে নতুন প্ৰযুক্তিৰ সৈতে খাপ খুৱাই ল'বলৈ সংগ্ৰাম কৰি আছে। তেওঁ যি প্ৰত্যক্ষ কৰিলে, সেয়াই তেওঁক শিক্ষকতা বৃত্তিৰ সলনি হৈ অহা বাস্তৱতা আৰু বৰ্তমান শিক্ষাবিদসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে চিন্তা কৰিবলৈ প্ৰেৰিত কৰিলে।

গোৱাত প্ৰেছ ইনফৰমেচন ব্যুৰো (PIB)-য়ে অনুষ্ঠিত কৰা এখন সংবাদমেলত সেই অভিজ্ঞতাৰ কথা স্মৰণ কৰি আলমে কয়, “দুবছৰ আগতে যেতিয়া মই মোৰ বিদ্যালয়খনলৈ গৈছিলোঁ, তেতিয়া দেখিলোঁ যে ব্লেকব’ৰ্ডৰ ঠাইত স্মাৰ্ট বৰ্ড অহাৰ লগে লগে মোৰ শিক্ষকসকলে নতুন প্ৰযুক্তিৰ সৈতে সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। তেনেকৈয়ে ধাৰণাটো মনলৈ আহিছিল।”
বিহাৰৰ এখন সাধাৰণ গাঁৱৰ বিদ্যালয়ৰ পৰা ৰাছিয়াত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা আৰু তাৰ পিছত নিউয়ৰ্ক ফিল্ম একাডেমীত চলচ্চিত্ৰ নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰালৈকে তেওঁৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি আলমে তেওঁৰ শিক্ষকসকলৰ যুগমীয়া প্ৰভাৱ আৰু নিজৰ শিপিনী তথা মূলৰ সৈতে তেওঁ অব্যাহত ৰখা সম্পৰ্কৰ বিষয়ে কয়। তেওঁ লক্ষ্য কৰে যে যিসকল শিক্ষকে এসময়ত কেইবাটাও প্ৰজন্মৰ চিকিৎসক, অভিযন্তা আৰু আই এ এছ বিষয়াক পথ প্ৰদৰ্শন কৰিছিল, তেওঁলোকে আজি প্ৰযুক্তিগত বাধা আৰু শিক্ষকতা বৃত্তিৰ প্ৰতি সলনি হৈ অহা মনোভাবৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছে। “তেওঁলোক আজি কি অৱস্থাৰ সন্মুখীন হৈ আছে আৰু তেওঁলোকৰ প্ৰতি কেনে ব্যৱহাৰ কৰা হয়, সেই পৰিস্থিতিকে আধাৰ কৰি এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। ই সমগ্ৰ দেশৰ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব,” তেওঁ কয়।
কাৰ্টিনা এণ্টাৰটেইনমেণ্ট এণ্ড স্পৰ্টছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা প্ৰযোজিত ১০৩.৫২ মিনিট দৈৰ্ঘ্যৰ এই হিন্দী নাটকীয় চলচ্চিত্ৰখনত প্ৰখ্যাত অভিনেতা বিনয় পাঠকে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আলমে পাঠকৰ অভিনয়ৰ প্ৰশংসা কৰে আৰু শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ মাজৰ সলনি হৈ অহা সম্পৰ্কৰ গতিশীলতাৰ বিষয়েও অভিমত প্ৰকাশ কৰে। তেওঁ লক্ষ্য কৰে যে এসময়ত শিক্ষক-ছাত্ৰৰ সম্পৰ্কক বিশেষত্ব প্ৰদান কৰা ঘনিষ্ঠ আৱেগিক বান্ধোনটো আধুনিক শিক্ষাত ক্ৰমাগতভাৱে হেৰাই যাবলৈ ধৰিছে। চিন্তাশীল যোগাযোগৰ গুৰুত্বত আলোকপাত কৰি তেওঁ যুৱ প্ৰজন্মক আনৰ বেয়া কথা কোৱাৰ পৰিৱৰ্তে কথাবোৰ মনযোগেৰে পৰ্যবেক্ষণ কৰিবলৈ আৰু শুনিবলৈ আহ্বান জনায়।

বিহাৰৰ বিষয়ে কওঁতে আলমে ৰাজ্যখনৰ আন্তঃগাঁথনিগত অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে আৰু ইয়াৰ উন্নয়ন তথা সাফল্যসমূহ বিস্তৃত পৰিসৰৰ দৰ্শকৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে।
ব্লেকব’ৰ্ডৰ পৰা স্মাৰ্ট ব’ৰ্ডলৈ হোৱা পৰিৱৰ্তনৰ উপৰি কবীৰ ছাৰ কা আখৰী লেছন-এ সন্মান, সলনি হৈ অহা প্ৰজন্ম আৰু এখন বিকশিত সমাজত শিক্ষকৰ স্থান সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে। এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ ব্যক্তিগত অভিজ্ঞতাত প্ৰোথিত ইয়াৰ কাহিনীয়ে ভৌগোলিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰা এটা সাৰ্বজনীন সম্পৰ্কক স্পৰ্শ কৰে। ২০২৬ চনৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক আই এফ এফ আইৰ বিষয়বস্তু ‘Stories Without Borders’-ৰ সৈতে ই সংগতি ৰাখে।
সংবাদমেলখন পৰিচালনা কৰে শ্ৰী বিবেক বিশ্বাসে।
Watch the full press conference here:
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rajith/ Supriya/ Sasmita/ Darshana | IFFI 57 – 114/KB