চলচ্চিত্ৰ হৈছে এটা সাৰ্বজনীন ভাষা, যিয়ে কাহিনী, আৱেগ আৰু অভিজ্ঞতাৰ জৰিয়তে মানুহক একত্ৰিত কৰে। বহুতেই আকৰ্ষণীয় ফ্ৰেম আৰু অব্যক্ত আৱেগৰ মাজেৰে চলচ্চিত্ৰৰ যাদু অনুভৱ কৰে যদিও দৰ্শকৰ প্ৰতিগৰাকী সদস্যৰ বাবে এই অদৃশ্য মুহূৰ্তসমূহ জীৱন্ত কৰি তোলাতেই প্ৰকৃতাৰ্থত সমাৱেশিতা নিহিত হৈ থাকে। এই সমাৱেশী মনোভাৱক আগুৱাই নি ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬-ৰ ইণ্ডিয়ান পেনোৰামা শাখাই ভিন্নধৰণৰ অভিগম্যতাৰ প্ৰয়োজনীয়তা থকা দৰ্শকসকলৰ বাবে চলচ্চিত্ৰৰ অভিজ্ঞতা সম্প্ৰসাৰিত কৰিছে।
চিনেডাবছ (Cinedubs)-ৰ সহযোগত এই পদক্ষেপে INOX-2-ত প্ৰদৰ্শিত হ’বলগীয়া নিৰ্বাচিত ২৫খন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বাবে অডিঅ বিৱৰণ (Audio Description - AD) আৰু ক্ল’জড কেপশ্যন (Closed Captions - CC)-ৰ ব্যৱস্থা কৰিছে, যাৰ ফলত দৃষ্টি আৰু শ্ৰৱণ শক্তিৰ বাধাগ্ৰস্ততাত ভোগা ব্যক্তিসকলে কাহিনীসমূহৰ সৈতে আকৰ্ষণীয় আৰু অৰ্থপূৰ্ণভাৱে জড়িত হ’ব পাৰিব। ভিন্নধৰণৰ অভিগম্যতাৰ প্ৰয়োজনীয়তা থকা দৰ্শকসকলৰ বাবে মহোৎসৱৰ অভিজ্ঞতাক অধিক সমাৱেশী কৰি তুলিবলৈ আই এফ এফ আই-এ গ্ৰহণ কৰা বিস্তৃত প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
৫৭ সংখ্যক আই এফ এফ আই-য়ে গৌৰৱেৰে ‘সবকা মনোৰঞ্জন’ ( সকলোৰে বাবে মনোৰঞ্জন)-ক সমৰ্থন জনাইছে আৰু বৈচিত্ৰ্য, অভিগম্যতা তথা সমাৱেশিতাক উদযাপন কৰা মহোৎসৱ গঢ়ি তুলিবলৈ সীমা অতিক্ৰম কৰিছে। এই দৃষ্টিভংগীক ফলপ্ৰসূ কৰিবলৈ চিনেডাবছ (Cinedubs) ম’বাইল এপ্লিকেশ্যনে চলচ্চিত্ৰ প্ৰদৰ্শনৰ সময়ত হেডফোন ব্যৱহাৰ কৰি দৰ্শকসকলক নিজৰ ব্যক্তিগত স্মাৰ্টফোনত অডিঅ’ ডেছক্ৰিপশ্যন আৰু ক্ল’জড কেপশ্যন লাভ কৰাৰ সুবিধা প্ৰদান কৰিছে, যাৰ ছবিসমূহ সকলো চলচ্চিত্ৰপ্ৰেমীৰ বাবে সুলভ সঁচা অৰ্থত উমৈহতীয়া অভিজ্ঞতাত পৰিণত হৈছে।
এই ব্যৱধান দূৰ কৰি অডিঅ’ ডেছক্ৰিপশ্যনে কাৰ্যকলাপ, পৰিৱেশ, মুখৰ অভিব্যক্তি আৰু সংলাপৰ জৰিয়তে প্ৰকাশ নোপোৱা অন্যান্য উপাদানকে ধৰি মূল দৃশ্যবোৰৰ বৰ্ণনা আগবঢ়ায়। আনহাতে, সংলাপ, শব্দৰ প্ৰভাৱ আৰু অন্যান্য প্ৰাসংগিক শ্ৰব্য সংকেতসমূহৰ লিখিত উপস্থাপনৰ জৰিয়তে শ্ৰৱণ অভিজ্ঞতাক পৰ্দালৈ আনি ক্ল’জড কেপশ্যন-এ শ্ৰৱণ শক্তিৰ বাধাগ্ৰস্ততাত ভোগা ব্যক্তিসকলৰ বাবে চলচ্চিত্ৰসমূহ অধিক অভিগম্য কৰি তুলিছে।
এই বৈশিষ্ট্যসমূহে নিয়মীয়া প্ৰদৰ্শনৰ সমান্তৰালকৈ কাম কৰে, যাৰ ফলত দৰ্শকসকলে চলচ্চিত্ৰৰ উমৈহতীয়া অভিজ্ঞতাত কোনো ব্যাঘাত নজন্মোৱাকৈ বাস্তৱ সময়ত চলচ্চিত্ৰখন অনুসৰণ কৰিব পাৰে। এই পদক্ষেপৰ জৰিয়তে ৫৭ সংখ্যক আই এফ এফ আই-ৰ ইণ্ডিয়ান পেনোৰামা শাখাই অভিগম্যতাৰ প্ৰয়োজনীয়তা যিয়েই নহওক কিয়, প্ৰতিগৰাকী ব্যক্তিয়েই যাতে চলচ্চিত্ৰৰ যাদু অনুভৱ কৰিব পাৰে, তাৰ বাবে অৰ্থপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
এই পদক্ষেপৰ অধীনত প্ৰদৰ্শিত হ’বলগীয়া নিৰ্বাচিত ২৫খন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ হ’ল:
- ধুৰন্ধৰ
- উৰুম
- থাই কিঝাৱি
- ৰুবী-কিউব
- বেনাৰস
- সূৰ্যমুখী
- ছিং গীতম
- অ মাই ডগ
- গাগ্লা ঘোঁৰা
- আদি অনন্ত
- লালো – কৃষ্ণ সদা সহায়তে
- দি গ্ৰেট গ্ৰেণ্ড ছুপাৰহিৰো এলিয়েনছ কা আগমন
- বাপ্যা
- ডেইল বেণ্ড ২
- কৃষ্ণাৱতাৰম
- মন শংকৰা ৱৰা প্ৰসাদ গাৰু(পাণ্ডগা ৱস্তুন্নাৰু)
- স্ক্ৰল
- কবীৰ ছাৰ কা আখৰী লেছন
- প্ৰত্যাৱৰ্তন
- হণুমান অংশ
- সেৱ মিচ্চাৰ
- দি শ্লেজ
- দি কেৰালা ষ্টৰী ২ গ’জ বিয়ণ্ড
- চেন্নাই লাভ ষ্টৰী
- তিঘী


চলচ্চিত্ৰ প্ৰদৰ্শনত অভিগম্যতাৰ বৈশিষ্ট্যসমূহ সংযুক্ত কৰি ইণ্ডিয়ান পেনোৰামাই নিশ্চিত কৰিবলৈ বিচাৰিছে যাতে ইন্দ্ৰিয়গত বাধাই দৰ্শকসকলক চলচ্চিত্ৰ কলাৰ অভিজ্ঞতা লাভ কৰাত বাধা নিদিয়ে। এই পদক্ষেপে আই এফ এফ আই ২০২৬-ৰ বিষয়বস্তু ‘Stories Without Borders’-ৰ সৈতেও সংগতি ৰাখে, আৰু ভিন্নতাৰ ঊৰ্ধ্বত গৈ মানুহক সংযোগ কৰাৰ চলচ্চিত্ৰৰ সামৰ্থ্যক পুনৰ দৃঢ় কৰিছে।
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rabeehashmi/ Supriya/ Yash/ Darshana | IFFI 57 – 115/KB