গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ সমান্তৰালভাৱে কলা একাডেমীত আজি অনুষ্ঠিত 'Decoding Academy Awards' শীৰ্ষক এক মাষ্টাৰক্লাছ-ত চলচ্চিত্ৰ নিৰ্মাতা, ছাত্ৰ-ছাত্ৰী আৰু চিনেমাপ্ৰেমীসকলে একাডেমী এৱাৰ্ডছ (Academy Awards)-ৰ আবেদন প্ৰক্ৰিয়া, যোগ্যতাৰ মাপকাঠী, প্ৰচাৰ অভিযান আৰু উদীয়মান প্ৰতিভাৰ বাবে থকা সুযোগসমূহৰ বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰে। একাডেমী অব মোশ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সেছ (Academy of Motion Picture Arts and Sciences)-ৰ ভাইচ প্ৰেছিডেণ্ট অব মেম্বাৰ ৰিলেশ্যনছ এণ্ড এৱাৰ্ডছ এডমিনিষ্ট্ৰেশ্যন শ্ৰীমতী নাটালী ৱেডে এই মাষ্টাৰক্লাছ পৰিচালনা কৰে। এই উপলক্ষে আইএফএফআই মহোৎসৱ-ৰ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰীকাৰে তেওঁক সম্বৰ্ধনা জনায়।

একাডেমী এৱাৰ্ডছ-ৰ বিবেচনাৰ বাবে এখন ছবি দাখিল কৰাৰ লগত জড়িত বিস্তৃত প্ৰক্ৰিয়াটোৰ বিষয়ে চলচ্চিত্ৰ নিৰ্মাতাসকল প্ৰায়ে অজ্ঞাত বুলি লক্ষ্য কৰি শ্ৰীমতী ৱেডে কয় যে এই মাষ্টাৰক্লাছ-ৰ উদ্দেশ্য আছিল প্ৰক্ৰিয়াটো সহজভাৱে বুজাই তোলা আৰু বঁটাৰ প্ৰাৰম্ভিক আবেদনৰ পৰা চূড়ান্ত পৰ্যায়লৈকে জড়িত আনুষ্ঠানিক পদ্ধতি, নিয়ম আৰু প্ৰয়োজনীয়তাসমূহৰ সৈতে চলচ্চিত্ৰ নিৰ্মাতাসকলক পৰিচিত কৰোৱা। The Elephant Whisperers-কে ধৰি ভাৰতীয় চিনেমাই লাভ কৰা বিশ্বজোৰা স্বীকৃতিৰ কথা উল্লেখ কৰি চিনেমাই কেনেকৈ ভৌগোলিক সীমা অতিক্ৰম কৰে, য'ত একাডেমীয়ে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমা পেছাদাৰীসকলক প্ৰতিনিধিত্ব কৰে সেই কথাত তেওঁ আলোকপাত কৰে।
তেওঁৰ উপস্থাপনত শ্ৰীমতী ৱেডে সাধাৰণ প্ৰৱেশ (General Entry) আৰু শ্ৰেষ্ঠ ছবি (Best Picture) বিবেচনাৰ বাবে যোগ্যতাৰ প্ৰয়োজনীয়তা আৰু অৰ্হতা লাভৰ পথসমূহ ব্যাখ্যা কৰে। তেওঁ অন্ততঃ ছটা নিৰ্দিষ্ট আমেৰিকান মহানগৰ অঞ্চলৰ ভিতৰত কমেও এটাত সাত দিনীয়া অৰ্হতা-অৰ্জনকাৰী থিয়েটাৰ প্ৰদৰ্শনকে ধৰি থিয়েটাৰ প্ৰদৰ্শনৰ প্ৰয়োজনীয়তাসমূহৰ ৰূপৰেখা দাঙি ধৰে, আৰু অভিনয়, চিনেমেট'গ্ৰাফী, পৰিচালনা, চলচ্চিত্ৰ সম্পাদনা, সংগীত, শব্দ, ভিজুৱেল ইফেক্টছ আৰু লেখনৰ দৰে শিতানসমূহৰ যোগ্যতা সন্দৰ্ভত আলোচনা কৰে।
তেওঁ স্বীকৃতিপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জৰিয়তে অৰ্হতা লাভকে ধৰি আন্তঃৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্য ছবি (International Feature Film), পূৰ্ণদৈৰ্ঘ্য তথ্যচিত্ৰ (Documentary Feature) আৰু চুটি ছবি (Short Film) শিতানসমূহৰ বাবে আবেদনৰ প্ৰয়োজনীয়তাসমূহো ব্যাখ্যা কৰে। এই অধিৱেশনত একাডেমী স্ক্ৰীনিং ৰুম (Academy Screening Room) — যি মঞ্চৰ জৰিয়তে একাডেমীৰ সদস্যসকলৰ বাবে ছবিসমূহ উপলব্ধ কৰা হয় — তাৰ লগতে আবেদনৰ প্ৰয়োজনীয়তা, কাৰিকৰী নিৰ্দিষ্টকৰণ আৰু প্ৰযোজ্য মাচুলসমূহৰ তথ্যাৱলীকো সামৰি লোৱা হয়।

একাডেমীৰ বৈজ্ঞানিক আৰু কাৰিকৰী বঁটা (Scientific and Technical Awards)-সমূহত আলোকপাত কৰি শ্ৰীমতী ৱেডে চলচ্চিত্ৰ নিৰ্মাণ প্ৰযুক্তিক আগুৱাই নিয়া উদ্ভাৱনসমূহৰ স্বীকৃতি সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে একাডেমীৰ গ্ল'বেল টেলেণ্ট ডেভেলপমেণ্ট প্ৰগ্ৰেমসমূহ — যাৰ ভিতৰত আছে ষ্টুডেণ্ট একাডেমী এৱাৰ্ডছ (Student Academy Awards), স্ক্ৰীনৰাইটিং-ত নিচ'ল ফেল'শ্বিপছ (Nicholl Fellowships in Screenwriting) আৰু একাডেমী গ'ল্ড ফেল'শ্বিপ ফৰ উইমেন (Academy Gold Fellowship for Women) —সমূহৰ পৰিচয় দাঙি ধৰে, যিয়ে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰসকলক মাৰ্গদৰ্শন আৰু পেছাদাৰী সুযোগ প্ৰদান কৰে।
এক মত বিনিময় অধিৱেশনৰ জৰিয়তে মাষ্টাৰক্লাছ-টোৰ সামৰণি পৰে, য'ত শ্ৰীমতী ৱেডে ছবিৰ যোগ্যতা, আন্তঃৰাষ্ট্ৰীয় আবেদন, মহোৎসৱৰ অৰ্হতা-অৰ্জনৰ পথ আৰু কাৰিকৰী প্ৰয়োজনীয়তা সম্পৰ্কীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়ে। তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলক মাৰ্গদৰ্শনৰ বাবে যোগাযোগ কৰিবলৈ উৎসাহিত কৰে আৰু এই কথাত গুৰুত্ব আৰোপ কৰে যে একাডেমীৰ প্ৰতিনিধি আৰু স্থানীয় সংযোগসমূহে চলচ্চিত্ৰ নিৰ্মাতাসকলক আবেদন প্ৰক্ৰিয়াটোত আগবাঢ়িবলৈ সহায় কৰিব পাৰে।
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rabeehashmi/ Supriya/ Smita Saikia/ Darshana / IFFI 57 – 110/KB