পোষ্ট কৰা হৈছে:
26 NOV 2026 3:12PM by PIB Guwahati
‘সমগ্ৰ চৰকাৰ’ আৰু ‘সমগ্ৰ সমাজ’ দৃষ্টিভংগীৰে বাল্য বিবাহ নিৰ্মূল কৰাৰ উদ্দেশ্যে ২০২৪ চনৰ ২৭ নৱেম্বৰত আৰম্ভ কৰা ৰাষ্ট্ৰীয় অভিযানটোৰ দ্বিতীয় বাৰ্ষিকী উপলক্ষে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ২০২৬ চনৰ ২৭ নৱেম্বৰত বাল্য বিবাহমুক্ত ভাৰত (বিভিএমবি) সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰিব।
নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া এই ৰাষ্ট্ৰীয় কাৰ্যসূচীয়ে এখন বাল্য বিবাহমুক্ত ভাৰত গঢ়াৰ দিশত সামূহিক প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ দৃঢ় কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিনিধি, মন্ত্ৰালয় আৰু বিভাগসমূহ, বাল্য বিবাহ নিষিদ্ধকৰণ বিষয়া (চিএমপিঅ), শিশু কল্যাণ সমিতিৰ সদস্য, ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ (নালছা), নাগৰিক সমাজ সংগঠন আৰু অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰিব।
এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানটোত কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী, দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা আৰু মহিলা আৰু শিশু বিকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী সাৱিত্ৰী ঠাকুৰে অংশগ্ৰহণ কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।
এই কাৰ্যসূচীয়ে বিভিএমবি অভিযানৰ অধীনত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰা, তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু অংশীদাৰসকলৰ অৱদানক স্বীকৃতি দিয়া, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহ প্ৰদৰ্শন কৰা আৰু বাল্য বিবাহ প্ৰতিৰোধৰ দিশত প্ৰচেষ্টাসমূহ শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২৭ নৱেম্বৰ দিনটোক বাল্য, আগতীয়া আৰু বলপূৰ্বক বিবাহ নিৰ্মূলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰাৰ বাবে এই কাৰ্যসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।
আৰম্ভণিৰে পৰা বাল্য বিবাহমুক্ত ভাৰত অভিযানে সজাগতা সৃষ্টি, সামূহিক জাগৰণ, বাল্য বিবাহ নিষিদ্ধকৰণ বিষয়াসকলৰ প্ৰাতিষ্ঠানিক ব্যৱস্থা শক্তিশালী কৰা, সময়মতে ঘটনাৰ প্ৰতিবেদন দাখিল কৰাত উৎসাহিত কৰা আৰু ছোৱালীৰ শিক্ষা, সবলীকৰণ তথা কল্যাণৰ প্ৰসাৰ ঘটোৱাত গুৰুত্ব আৰোপ কৰি আহিছে। সমগ্ৰ দেশতে সজাগতা কাৰ্যসূচী, সামূহিক সম্পৰ্ক আৰু শপত গ্ৰহণ পদক্ষেপৰ জৰিয়তে এই অভিযানত ব্যাপক অংশগ্ৰহণ পৰিলক্ষিত হৈছে।
এই কাৰ্যসূচীৰ অংশ হিচাপে পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় নিকায়, শিক্ষানুষ্ঠান, আগশাৰীৰ কৰ্মী, যুৱক-যুৱতী, সামূহিক আৰু ধৰ্মীয় নেতা, নাগৰিক সমাজ সংগঠন আৰু নাগৰিকসকলক সামৰি ৰাজ্য, জিলা, খণ্ড আৰু গাঁও পৰ্যায়ত কেন্দ্ৰীভূত সজাগতা আৰু সম্পৰ্ক কাৰ্যকলাপ হাতত ল’বলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক উৎসাহিত কৰা হৈছে। বাল্য বিবাহৰ বিৰুদ্ধে সামূহিক পৰ্যায়ৰ পদক্ষেপ শক্তিশালী কৰাৰ বাবে বিশেষ গ্ৰাম সভা, সজাগতা অভিযান, শপত গ্ৰহণ কাৰ্যকলাপ আৰু ডিজিটেল জাগৰণ আদি কাৰ্যসূচী ৰূপায়ণত উৎসাহ যোগোৱা হৈছে।
বাল্য বিবাহমুক্ত ভাৰত পৰ্টেলে (https://stopchildmarriage.wcd.gov.in/) বাল্য বিবাহৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰা, বাল্য বিবাহ নিষিদ্ধকৰণ বিষয়াসকলৰ বিৱৰণ লাভ কৰা, সজাগতা কাৰ্যকলাপ নথিভুক্ত কৰা আৰু বাল্য বিবাহৰ বিৰুদ্ধে শপত গ্ৰহণ কৰাৰ বাবে সমৰ্পিত মঞ্চ হিচাপে কাম কৰে। নাগৰিক আৰু প্ৰতিষ্ঠানসমূহক এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আৰু বাল্য বিবাহমুক্ত ভাৰত পৰ্টেল, মাইগভ আৰু মাই ভাৰত মঞ্চৰ জৰিয়তে ভাৰতক বাল্য বিবাহ মুক্ত কৰাৰ শপত গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
২০২৬ চনৰ ২৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই ৰাষ্ট্ৰীয় কাৰ্যসূচীয়ে বাল্য বিবাহৰ অৱসান ঘটোৱা আৰু প্ৰতিটো শিশুৰ বাবে সুৰক্ষিত, সুস্থ, শিক্ষিত আৰু সবল শৈশৱ নিশ্চিত কৰাৰ দিশত নিৰন্তৰ, সমন্বিত আৰু সমাজ-চালিত পদক্ষেপৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ দৃঢ় কৰিব।
RC/MM