প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৃষকসকলৰ সমৃদ্ধি আৰু গ্ৰাম্য ভাৰতক শক্তিশালীকৰণৰ বাবে গ্ৰহণ কৰা পৰিৱৰ্তনমূলক পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ এটা প্ৰবন্ধ শ্বেয়াৰ

পোষ্ট কৰা হৈছে: 20 NOV 2026 1:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে য'ত উল্লেখ কৰা হৈছে যে থলুৱা প্ৰতিষেধকৰ বিকাশে বিগত ১২ বছৰত পশুধন আৰু হাঁহ-কুকুৰাক সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। এই প্ৰচেষ্টাসমূহে জীৱ-জন্তুৰ স্বাস্থ্য সুৰক্ষিত কৰা, ৰোগজনিত ক্ষতি হ্ৰাস কৰা, কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা আৰু কৃষক সম্প্ৰদায়ৰ সামগ্ৰিক জীৱনৰ মান উন্নত কৰাত সহায় কৰিছে।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে থলুৱা প্ৰতিষেধকৰ বিকাশে পশু চিকিৎসাৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত সামৰ্থ্য আৰু এক স্থিতিস্থাপক তথা আত্মনিৰ্ভৰশীল কৃষি পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিও প্ৰতিফলিত কৰে।

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছে;

বিগত ১২বছৰত কৃষক ভাই-ভনীসকলৰ সমৃদ্ধি আৰু গ্ৰাম্য ভাৰতৰ সবলীকৰণৰ দিশত কেইবাটাও ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী @ChouhanShivraj জীয়ে এই প্ৰবন্ধটোত থলুৱা প্ৰতিষেধকৰ বিকাশে কিদৰে পশু-পক্ষীসমূহক সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰিছে, সেই বিষয়ে বিষদভাবে ব্যাখ্যা কৰিছে। ই কেৱল কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাই নহয়, তেওঁলোকৰ জীৱন উন্নত আৰু সূচল কৰি তুলিছে।

***

MJPS/SS/VJ/SS/NB


(ৰিলিজ আই ডি : 2341867) অতিথি কক্ষ : 8