57th International Film Festival of India 2026
20 – 28 Nov 2026

ঘানাৰ পদপথ শিশুৰ জীৱন, পৰিচয় আৰু সংগ্ৰামৰ কাহিনী ‘ইগো উই ৰিচ অল’; আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ত গুৰুত্ব আৰোপ চলচ্চিত্ৰ নিৰ্মাতাৰ

পোষ্ট কৰা হৈছে: 25 NOV 2026 7:01PMby PIB Guwahatiৰিলিজ আই ডি : 2341714Views: 5

ঘানা, ফ্ৰান্স আৰু ছৌদি আৰৱৰ যৌথ প্ৰযোজনাত নিৰ্মিত ‘ইগো উই ৰিচ অল’ (আৱাৰ টাইম উইল কাম) চলচ্চিত্ৰখনৰ সৈতে জড়িত দলটোৱে আজি গোৱাৰ পানাজীত অনুষ্ঠিত ৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)ৰ সমান্তৰালভাৱে সংবাদমেল কক্ষত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে।

মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শাখাত প্ৰদৰ্শিত ১০৪ মিনিট দৈৰ্ঘ্যৰ চলচ্চিত্ৰখনে এই মহোৎসৱতে এছিয়াত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-25at6.52.02PM_20261125190738_61b4bf.jpeg

চলচ্চিত্ৰখনৰ পৰিচালক আমাৰ্টেই আৰ্মাৰ আৰু প্ৰযোজক ইয়েমোহ আইকেয়ে ইয়াৰ সৃষ্টিশীল যাত্ৰা, ঘানাৰ ৰাজপথত শৈশৱ অতিবাহিত কৰা শিশুসকলৰ জীৱন আৰু জীয়াই থকাৰ সংগ্ৰামৰ চিত্ৰণৰ লগতে স্থানীয় অভিজ্ঞতাৰে সমৃদ্ধ কাহিনীক বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ বিষয়ে নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।

চলচ্চিত্ৰখনৰ বিষয়বস্তুৰ প্ৰেৰণাৰ বিষয়ে উল্লেখ কৰি পৰিচালক আমাৰ্টেই আৰ্মাৰে কয় যে ঘানাৰ পথশিশুসকলৰ জীৱন আৰু সমাজৰ প্ৰান্তীয় অৱস্থাত থাকি জীৱন সংগ্ৰাম কৰা যুৱক-যুৱতীসকলৰ কাহিনীয়ে তেওঁক দীৰ্ঘদিন ধৰি আকৰ্ষিত কৰি আহিছে।

তেওঁ কয় যে সমাজে প্ৰায়ে উপেক্ষা কৰা এই লোকসকলৰ কাহিনীক বৃহত্তৰ ৰাষ্ট্ৰীয় আৰু চলচ্চিত্ৰ জগতৰ আলোচনাৰ অংশ কৰি তোলাৰ প্ৰচেষ্টা চলাইছে এই চলচ্চিত্ৰখনে।

 

এই কাহিনীৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতাসকলে এই কথা প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে বিভিন্ন পৰিস্থিতিৰ মাজত ডাঙৰ-দীঘল হোৱা যুৱক-যুৱতীসকলো দেশখনৰ সমানেই গুৰুত্বপূৰ্ণ অংশ আৰু তেওঁলোকেই দেশখনৰ ভৱিষ্যৎ।

 

নিজৰ চলচ্চিত্ৰ নিৰ্মাণৰ যাত্ৰা আৰু ঘানাৰ সৈতে অব্যাহত থকা সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি আৰ্মাৰে কয় যে চলচ্চিত্ৰ নিৰ্মাতাসকলে নিজৰ কাহিনীৰ দায়িত্ব নিজেই গ্ৰহণ কৰি নিজৰ কণ্ঠস্বৰ শক্তিশালীভাৱে দাঙি ধৰাটো অত্যন্ত প্ৰয়োজনীয়।

 

তেওঁ উল্লেখ কৰে যে স্বাধীনভাৱে চলচ্চিত্ৰ নিৰ্মাণ কৰা লোকসকলে প্ৰায়ে আৰ্থিক সীমাবদ্ধতাৰ মাজত কাম কৰিবলগীয়া হয়। সেয়েহে বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰা আৰু চলচ্চিত্ৰ উদ্যোগটোক শক্তিশালী কৰাৰ বাবে উন্নত চলচ্চিত্ৰ নিৰ্মাণৰ মানদণ্ড আৰু কাহিনী কোৱাৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব পৰা ছবি নিৰ্মাণ কৰাটো অতি প্ৰয়োজনীয়।

 

ভাৰত আৰু ঘানাৰ মাজত সাংস্কৃতিক বিনিময়ৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি চলচ্চিত্ৰ নিৰ্মাতাসকলে দুয়োখন দেশৰ চলচ্চিত্ৰ সংস্কৃতিৰ মাজত থকা সাদৃশ্যৰ কথা দাঙি ধৰে। এই সন্দৰ্ভত তেওঁলোকে ঘানাৰ ‘ঘালিউড’ক ভাৰতৰ বলীউডৰ সৈতে তুলনা কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-25at6.52.00PM_20261125190800_25f902.jpeg

তেওঁলোকৰ মতে, দুয়োখন দেশৰ কিছুমান সাংস্কৃতিক অভিজ্ঞতা আৰু সামাজিক বাস্তৱতাৰ মাজত সাদৃশ্য থকাৰ বাবে এখন দেশৰ দৰ্শকে আনখন দেশৰ কাহিনী আৰু চলচ্চিত্ৰ নিৰ্মাণৰ পৰম্পৰাৰ মাজতো নিজৰ সংস্কৃতিৰ প্ৰতিফলন বিচাৰি পাব পাৰে।

 

চলচ্চিত্ৰ নিৰ্মাতাসকলে ভাৰতীয় আৰু ঘানাৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত অধিক সহযোগিতাৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ ভিতৰত ঘানাৰ সৃষ্টিশীল প্ৰতিভা, কাহিনী আৰু চলচ্চিত্ৰ নিৰ্মাণৰ অভিজ্ঞতাক ভাৰতলৈ অনাৰ লগতে ভাৰতৰ সৃষ্টিশীল প্ৰতিভা আৰু চলচ্চিত্ৰ নিৰ্মাণৰ অভিজ্ঞতাক ঘানালৈ লৈ যোৱাৰ সম্ভাৱনাও অন্তৰ্ভুক্ত হৈ আছে।

 

তেওঁলোকৰ মতে, এনে অংশীদাৰিত্বই দুয়োখন দেশৰ মাজত সাংস্কৃতিক বুজাবুজি বৃদ্ধি কৰাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত আফ্ৰিকীয় চলচ্চিত্ৰৰ পৰিচিতি অধিক শক্তিশালী কৰিব।

 

সংবাদমেলখন পৰিচালনা কৰে শ্ৰীমানন সিঙে।

 

সম্পূৰ্ণ সংবাদমেলখন ইয়াত চাব পাৰিবঃ

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Smita Saikia/ Darshana/DM | IFFI 57 - 097


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2341714
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026