গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)ৰ সমান্তৰালকৈ আয়োজিত ‘হাৰ লেন্স, হাৰ লিগেচী, হাৰ লিবাৰ্টী: উইমেন শ্বেপিং ৱৰ্ল্ড চিনেমা’ শীৰ্ষক এক আলোচনা চক্ৰত বিভিন্ন সাংস্কৃতিক পটভূমিৰ মহিলা চলচ্চিত্ৰ নিৰ্মাতাসকলে পৰিচয়, সাংস্কৃতিক ঐতিহ্য আৰু সৃজনশীল স্বাধীনতাৰ সন্দৰ্ভত নিজৰ অভিজ্ঞতা তথা দৃষ্টিভংগী শ্বেয়াৰ কৰে। এই আলোচনা সত্ৰত কিৰ্গিজ লেখিকা তথা পৰিচালক নার্গিজা ডোটিয়েভা, ৰোমানিয়ান-ৰোমা অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা আলিনা ছেৰবান আৰু মেক্সিকান-আমেৰিকান লেখিকা তথা পৰিচালক চুজেন এণ্ড্ৰুজ কৰিয়াই অংশগ্ৰহণ কৰে। ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা অভিষেক জৈনে আলোচনা চক্ৰখন সঞ্চালনা কৰে।
আলোচনাৰ আৰম্ভণিতে জৈনে পেনেলৰ সদস্যসকলক তেওঁলোকৰ ব্যক্তিগত যাত্ৰা আৰু তেওঁলোকৰ চিনেমেটিক দৃষ্টিভংগী গঢ় দিয়াত ভূমিকা লোৱা সাংস্কৃতিক প্ৰভাৱসমূহৰ বিষয়ে আলোকপাত কৰিবলৈ আহ্বান জনায়। কিৰ্গিজস্তানত জন্মগ্ৰহণ কৰি এটা সৰু হ্ৰদৰ পাৰৰ মাছমৰীয়া চহৰত ডাঙৰ-দীঘল হোৱা নার্গিজা ডোটিয়েভাই ককাকৰ পৰম্পৰাগত কিৰ্গিজ মৌখিক কবিতা আবৃত্তিয়ে কেনেকৈ তেওঁৰ মাজত কাহিনী কোৱাৰ প্ৰতি প্ৰেম জগাই তুলিছিল, সেই কথা স্মৰণ কৰে। বিজ্ঞাপন জগতত কাম কৰাৰ পাছত তেওঁ মহাকাব্য ‘মানস’কে ধৰি কিৰ্গিজস্তানৰ সাহিত্যিক আৰু সাংস্কৃতিক ঐতিহ্যৰ পৰা অনুপ্ৰেৰণা লৈ নিজৰ পুঁজিৰে প্ৰাৰম্ভিক চলচ্চিত্ৰ প্ৰকল্পসমূহ নিৰ্মাণ কৰিছিল। পৰিচালক হিচাপে তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘স্কাইলাৰ্কে’ সীমান্তৱৰ্তী অঞ্চলৰ ইতিহাস আৰু মানুহৰ সাৰ্বজনীন আৱেগৰ সন্ধান কৰিছে।
ৰোমানিয়াৰ বুখাৰেষ্টৰ এটা ৰোমা পৰিয়ালত জন্মগ্ৰহণ কৰা আলিনা ছেৰবানে ইফিত অংশগ্ৰহণ কৰাটো তেওঁৰ পূৰ্বপুৰুষৰ জন্মভূমিলৈ এক আৱেগিক প্ৰত্যাৱৰ্তন বুলি অভিহিত কৰে। তেওঁ ৰোমা সম্প্ৰদায় আৰু ৰাজস্থানৰ মাজত থকা ঐতিহাসিক সম্পৰ্কৰ কথা উল্লেখ কৰে, যাৰ ভিতৰত ৰোমা ভাষাত ভাৰতীয় মূলৰ শব্দৰ উপস্থিতিও অন্যতম। বুখাৰেষ্টত ডাঙৰ-দীঘল হওঁতে সামাজিক বৈষম্য আৰু উপেক্ষাৰ সন্মুখীন হোৱা ছেৰবানে সমাজত প্ৰচলিত গতানুগতিক ধাৰণাসমূহক প্ৰত্যাহ্বান জনাবলৈ নাটক আৰু চিনেমাক মাধ্যম হিচাপে বাছি লৈছিল। তেওঁৰ পৰিচালনাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘আই মেটাৰ’কে ধৰি অন্যান্য কৰ্মৰাজিৰ জৰিয়তে তেওঁ ৰোমা আখ্যানসমূহৰ ওপৰত নিজৰ অধিকাৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ লগতে সহনশীলতা আৰু মৰ্যাদাৰ কাহিনীবোৰক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে।
মেক্সিকান-আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা চুজেন এণ্ড্ৰুজ কৰিয়াই মেক্সিকোৰ চিউডাড জুয়াৰেজৰ পটভূমিত নিৰ্মিত তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘লা কাজাডোৰা’ (দ্য হাণ্ট্ৰেছ) নিৰ্মাণৰ আঁৰৰ এটা দশকজোৰা দীঘলীয়া যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। নাৰী হত্যা আৰু মহিলাৰ ওপৰত হোৱা হিংসাৰ বাস্তৱ ঘটনাৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা এই ছবিখনে ক্ৰোধ আৰু জৰুৰীকালীন পৰিস্থিতিৰ প্ৰকাশৰ পৰা বিকশিত হৈ হতাশা, জীৱন সংগ্ৰাম আৰু নাৰীৰ আত্মনিয়ন্ত্ৰণৰ এক সহানুভূতিশীল অন্বেষণলৈ ৰূপান্তৰিত হৈছে।
পেনেলৰ সদস্যসকলে স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে সন্মুখীন হোৱা গাঁথনিগত প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোচনা কৰে, যাৰ ভিতৰত পুঁজিৰ অভাৱ, লিংগ বৈষম্য আৰু গতানুগতিক ধাৰণা অন্যতম। কৰিয়াই লক্ষ্য কৰে যে প্ৰযোজকসকলে প্ৰায়ে জটিল আৰু অস্বস্তিকৰ বিষয়বস্তুৰ সমৰ্থন কৰিবলৈ কুণ্ঠাবোধ কৰে আৰু বাণিজ্যিকভাৱে নিৰাপদ কাহিনীকহে অগ্ৰাধিকাৰ দিয়ে; আনহাতে মহিলা পৰিচালকসকলে গুৰুত্ব লাভ কৰিবলৈ বাৰে বাৰে নিজৰ যোগ্যতা প্ৰমাণ কৰিবলগীয়া হয়। ছেৰবানে উল্লেখ কৰে যে তেওঁৰ চিত্ৰনাট্যসমূহে ৰোমা সম্প্ৰদায়ৰ গতানুগতিক চিত্ৰণৰ সৈতে খাপ নোখোৱাৰ বাবে তেওঁ বাৰে বাৰে পুঁজিৰ অনুমোদন লাভৰ ক্ষেত্ৰত প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল। দুয়োগৰাকী নিৰ্মাতাই কেৱল নামমাত্ৰ প্ৰতিনিধিত্বৰ পৰিৱৰ্তে শৈল্পিক উৎকৃষ্টতাৰ বাবে স্বীকৃতি লাভ কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। ডোটিয়েভাই লগতে কয় যে কম প্ৰতিনিধিত্ব থকা অঞ্চলসমূহৰ বৈচিত্ৰ্যপূৰ্ণ আৰু সাংস্কৃতিক শিপাৰ সৈতে জড়িত কাহিনীবোৰক সমৰ্থন কৰাৰ ক্ষেত্ৰত দৰ্শক আৰু চলচ্চিত্ৰ মহোৎসৱসমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।
নিজৰ সৃজনশীল যাত্ৰাৰ অভিজ্ঞতাৰ আধাৰত পেনেলৰ সদস্যসকলে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলক নিজৰ আৱেগিক আৰু সাংস্কৃতিক শিপাৰ প্ৰতি সৎ হৈ থাকিবলৈ উৎসাহিত কৰে। গভীৰভাৱে বাস্তৱিক স্থানীয় কাহিনীবোৰে সমগ্ৰ বিশ্বৰ দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব পাৰে বুলি তেওঁলোকে মন্তব্য কৰে।



ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Rabeehashmi/ Supriya/ Smita/ Darshana | IFFI 57 - 083