57th International Film Festival of India 2026
20 – 28 Nov 2026

চলচ্চিত্ৰ জগতত গোৱাৰ ভৱিষ্যৎ: ইফি ২০২৬-ত গোৱাৰ চিনেমাটিক সম্ভাৱনা তথা অনন্য প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ অন্বেষণ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ

পোষ্ট কৰা হৈছে: 23 NOV 2026 5:01PMby PIB Guwahatiৰিলিজ আই ডি : 2340677Views: 9

চলচ্চিত্ৰ নিৰ্মাণৰ এক আকৰ্ষণীয় থলী হিচাপে গোৱাৰ সম্ভাৱনা, চলচ্চিত্ৰ-সম্পৰ্কীয় আন্তঃগাঁথনি শক্তিশালী কৰাৰ সুযোগ আৰু ৰাজ্যখনৰ অনন্য প্ৰাকৃতিক তথা সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ গুৰুত্ব— এই মূল বিষয়বস্তুসমূহক লৈ ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ত ‘গোৱা ইন চিনেমা’ শীৰ্ষক এক আকৰ্ষণীয় আলোচনাচক্ৰ অনুষ্ঠিত হয়।

কংকনী, হিন্দী আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতৰ দৃষ্টিভংগীক একত্ৰিত কৰি অনুষ্ঠিত কৰা এই সত্ৰটোত বিশিষ্ট কংকনী চলচ্চিত্ৰ নিৰ্মাতা ৰাজেন্দ্ৰ তালাক, হিন্দী চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰনাট্যকাৰ বিজয় কৃষ্ণ আচাৰ্য আৰু ফৰাচী অভিনেত্ৰী মেৰিয়ান বৰ্গোৱে অংশগ্ৰহণ কৰে। চলচ্চিত্ৰ সমালোচক শচীন চট্টেয়ে আলোচনাচক্ৰখন আঁত ধৰে।

গোৱাই এক প্ৰমুখ চলচ্চিত্ৰ নিৰ্মাণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনাৰ বিষয়ে কওঁতে বিজয় কৃষ্ণ আচাৰ্যই ৰাজ্যখনৰ স্বকীয় দৃশ্যগত আৰু সাংস্কৃতিক আকৰ্ষণৰ কথা উল্লেখ কৰে, যিয়ে বছৰ বছৰ ধৰি চলচ্চিত্ৰ নিৰ্মাতাসকলক আকৰ্ষিত কৰি আহিছে। তেওঁ কয় যে গোৱাৰ এক অনন্য আৰু মোহনীয় পৰিচয় আছে, যিয়ে ইয়াক মূলসুঁতিৰ অন্যান্য চিনেমাটিক স্থানসমূহৰ পৰা পৃথক কৰি ৰাখিছে। ‘কভি হাঁ কভি না’ ছবিখনৰ উদাহৰণ দি তেওঁ কয় যে ছবিখনৰ চৰিত্ৰ আৰু পটভূমি ইমানেই স্বাভাৱিকভাৱে জড়িত আছিল যে কাহিনীটো কেৱল গোৱাতহে প্ৰাণ পাই উঠিব পাৰিলেহেঁতেন।

চলচ্চিত্ৰ নিৰ্মাণক অৰ্থনৈতিকভাৱে লাভজনক কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আচাৰ্যই ৰাজ্যখনত এখন ফিল্ম চিটি স্থাপনৰ আহ্বান জনায়, যাতে বিভিন্ন বাজেটৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে গোৱাত শ্বুটিং কৰিব পাৰে। “চলচ্চিত্ৰ নিৰ্মাণত ব্যয় এক অতি গুৰুত্বপূৰ্ণ বিষয়। যদি গোৱাই প্ৰতিযোগিতামূলক ব্যয়ত উপযুক্ত আন্তঃগাঁথনি আগবঢ়ায়, তেন্তে ই অধিক প্ৰযোজকক আকৰ্ষণ কৰিব পাৰিব,” তেওঁ আঙুলিয়াই দিয়ে। তেওঁ লগতে স্থানীয় লোকসকলক চলচ্চিত্ৰ উদ্যোগত পেছাদাৰী প্ৰশিক্ষণ আৰু কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ ক্ষেত্ৰত ফিল্ম স্কুল আৰু চলচ্চিত্ৰ সাক্ষৰতা কেন্দ্ৰসমূহৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে। এনে পদক্ষেপসমূহে প্ৰজন্মজুৰি প্ৰভাৱ পেলাব পাৰে আৰু গোৱাক এক অনন্য কলাত্মক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে।

ইয়াৰ বিপৰীতে এক ভিন্ন দৃষ্টিভংগী আগবঢ়াই ৰাজেন্দ্ৰ তালাকে ৰাজ্যখনত ফিল্ম চিটি নিৰ্মাণৰ ব্যৱহাৰিক দিশটোৰ সন্দৰ্ভত কিছু সংশয় প্ৰকাশ কৰে। তেওঁ কয় যে গোৱাৰ প্ৰাকৃতিক ভূ-দৃশ্য, পৰম্পৰাগত ঘৰ আৰু ঐতিহ্যবাহী স্থানসমূহে বিভিন্ন ধৰণৰ পটভূমি প্ৰদান কৰাৰ বাবে ৰাজ্যখনত চলচ্চিত্ৰ প্ৰযোজনাৰ যথেষ্ট সুযোগ আছে। তেওঁ লগতে চলচ্চিত্ৰ নিৰ্মাণক উৎসাহিত কৰাৰ পদক্ষেপসমূহ যাতে গোৱাৰ সাংস্কৃতিক পৰিচয় আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ সৈতে সামঞ্জস্যপূৰ্ণ হৈ থাকে, সেয়া নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তালাকে উল্লেখ কৰে যে শ্বুটিঙৰ স্থান হিচাপে গোৱাৰ এক বৃহৎ অংশ এতিয়াও অনাবিষ্কৃত হৈয়ে আছে। “গোৱাৰ মাত্ৰ ১০ শতাংশমানহে এতিয়ালৈকে ব্যৱহাৰ কৰা হৈছে,” বুলি উল্লেখ কৰি তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলক নতুন স্থান আৱিষ্কাৰ কৰিবলৈ আৰু ৰাজ্যখনৰ বৈচিত্ৰ্যময় পৰিৱেশৰ সৈতে খাপ খোৱা কাহিনী নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। তেওঁ নিৰ্মাতাসকলক গোৱাৰ বৰ্তমানৰ প্ৰাকৃতিক পৰিৱেশ অন্বেষণ কৰি তাৰ সৈতে স্বাভাৱিকভাৱে মিলি যোৱা কাহিনী বিচাৰি উলিয়াবলৈ উৎসাহিত কৰে।

গোৱাক নিজৰ ঘৰ হিচাপে আঁকোৱালি লোৱা মেৰিয়ান বৰ্গোৱে নিজৰ অভিজ্ঞতাৰ আধাৰত বক্তব্য আগবঢ়ায়। আন্তঃগাঁথনিৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে তেওঁ ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশ, পৰম্পৰাগত ঘৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ মূল্যৰ ওপৰত আলোকপাত কৰে। গোৱাৰ স্বকীয় বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিবলৈ তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলক সংবেদনশীলতা আৰু দায়িত্ববোধেৰে শ্বুটিঙৰ কাম-কাজ চলাবলৈ আহ্বান জনায়। ইফিত ‘অ’ মাৰিয়া’ ছবিখন চোৱাৰ পাছত কংকনী চিনেমাৰ অসাধাৰণ প্ৰতিভাৰ বিষয়ে জানিব পৰাৰ কথাও তেওঁ স্মৰণ কৰে।

আলোচনাচক্ৰখনত চিনেমাত গোৱা আৰু ইয়াৰ জনসাধাৰণক গতানুগতিক ৰূপত উপস্থাপন কৰাৰ বিষয়েও আলোচনা কৰা হয় আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে অধিক বিস্তৃত পৰিসৰৰ কাহিনী অন্বেষণ কৰি গোৱাৰ এক বৈচিত্ৰ্যময় চিনেমাটিক ছবি দাঙি ধৰাৰ সুযোগ থকাৰ কথা বিশেষভাৱে উল্লেখ কৰা হয়।

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

PIB IFFI Team | Rabeehashmi/ Supriya/ LekshmiPriya/ Bibin/Darshana | IFFI 57 - 073


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340677
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026