আজি গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ৰ সমান্তৰালকৈ প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)-ৰ দ্বাৰা আয়োজিত এক সংবাদমেলত পৰিচালক জয়েল বিজয়, প্ৰযোজক ৰাজেশ মেনন, গণেশ এম আৰু অভিনেতা ভি জয়প্ৰকাশে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে। দলটোৱে তেওঁলোকৰ ছবি ‘কুডু’ (বাহ), ইয়াৰ আঁৰৰ অনুপ্ৰেৰণা আৰু ইয়াত নিহিত হৈ থকা পৰিৱেশ সংৰক্ষণৰ বাৰ্তাৰ বিষয়ে নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।
তামিলনাডুৰ বাচাথীৰ পটভূমিত নিৰ্মিত এই ছবিখনৰ কাহিনী তেতিয়াই আগবাঢ়ে যেতিয়া বিদ্যুৎ কৰ্তনৰ পাছত গাঁওখনৰ এটা ট্ৰেন্সফৰ্মাৰৰ ভিতৰত কণীসহ এটা ঘৰচিৰিকা চৰাইৰ বাহ উদ্ধাৰ হয়। গাঁওবুঢ়া অগথিয়ানৰ নিৰ্দেশনাত কৃষি স্নাতক কাথিৰ আৰু গাঁওবাসীয়ে চৰাইকেইটাৰ সুৰক্ষাৰ বাবে ৩৫ দিন ধৰি বিদ্যুৎ অবিহনে থকাৰ সিদ্ধান্ত লয়। অৱশ্যে তেওঁলোকৰ এই সিদ্ধান্তই তীব্ৰ বিৰোধিতাৰ সন্মুখীন হয়। এই সকলো প্ৰত্যাহ্বান সত্ত্বেও চৰাইৰ বাহটো সুৰক্ষিত কৰি ৰাখিবলৈ কাথিৰ আৰু গাঁওবাসীয়ে যথেষ্ট ত্যাগ স্বীকাৰ কৰে।
ছবিখনৰ জৰিয়তে পৰিচালক জয়েল বিজয়ে এই বাৰ্তা দিব বিচাৰিছে যে পৃথিৱীখন কেৱল মানুহৰ বাবেই নহয়, বৰঞ্চ অগণন অন্যান্য জীৱ-জন্তুৰো বাসস্থান। সহাৱস্থানৰ গুৰুত্বৰ ওপৰত জোৰ দি তেওঁ কয় যে মানুহে আন জীৱকুলক সন্মান জনোৱা, সুৰক্ষা দিয়া আৰু সিহঁতৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকাৰ দায়িত্ব উপলব্ধি কৰিব লাগিব।
অভিনেতা ভি জয়প্ৰকাশে এই ছবিখনৰ অংশ হোৱাৰ পাছত তেওঁৰ ব্যক্তিগত অভ্যাসত কেনেদৰে পৰিৱৰ্তন আহিছে, সেই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ছবিখনৰ সাৰাংশ শুনাৰ কিছু মিনিটৰ ভিতৰতেই তেওঁ ইয়াত অভিনয় কৰিবলৈ সন্মত হৈছিল, বিশেষকৈ ই এটা বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত হোৱাৰ বাবে তেওঁ অধিক আকৰ্ষিত হৈছিল। ছবিখনৰ পৰিৱেশ বিষয়ক বাৰ্তাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ পৰা তেওঁ লাভ কৰা আটাইতকৈ ডাঙৰ ব্যক্তিগত শিক্ষাটো হ’ল টিছু পেপাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত অধিক সচেতন হোৱা— কাৰণ দৈনন্দিন উপভোগ আৰু গছ কটাৰ মাজত যে এক গভীৰ সম্পৰ্ক আছে, সেয়া তেওঁ উপলব্ধি কৰিব পাৰিছে। তেওঁ লগতে কয় যে ছবিখনে তেওঁক দৈনন্দিন জীৱনত টিছু পেপাৰৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ উৎসাহিত কৰিছে, যিয়ে ছবিখনৰ বাৰ্তাই তেওঁৰ ব্যক্তিগত অভ্যাসত পেলোৱা প্ৰভাৱকে সূচায়।
প্ৰযোজক ৰাজেশ মেননে কাহিনীটোৰ আৱেগিক আবেদন আৰু ইয়াৰ পৰিৱেশ বিষয়ক বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত চিত্ৰনাট্যৰ আকৰ্ষণীয় উপস্থাপন শৈলীৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে বিষয়বস্তুটো অত্যধিক গম্ভীৰভাৱে উপস্থাপন কৰাৰ পৰিৱৰ্তে অৰ্থপূৰ্ণ সংলাপ আৰু বাস্তৱসন্মত পৰিস্থিতিৰ জৰিয়তে গাঁওবাসীয়ে ৩৫ দিন বিদ্যুৎ অবিহনে থকাৰ সিদ্ধান্তৰ ফলত উদ্ভৱ হোৱা ব্যৱহাৰিক প্ৰশ্ন আৰু প্ৰত্যাহ্বানসমূহ ছবিখনত দাঙি ধৰা হৈছে। ছবিখনৰ অন্তৰ্নিহিত বাৰ্তা আৰু দৰ্শকৰ বাবে ইয়াৰ প্ৰাসংগিকতাই তেওঁলোকক এই প্ৰকল্পটোক সমৰ্থন জনাবলৈ অনুপ্ৰাণিত কৰিছিল বুলিও তেওঁ কয়।
সংবাদমেলখন আঁত ধৰে প্ৰবীণ কুমাৰ এছে।
সম্পূৰ্ণ সংবাদমেলখন ইয়াত চাওক


ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Rabeehashmi/ Supriya/ Andrew/ Darshana | IFFI 57 - 075