গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

২৫ নৱেম্বৰত মুকলি কৰা হ’ব ‘নয়ী চেতনা ৫.০’

১৫টা মন্ত্ৰালয়/বিভাগক সামৰি যুটীয়া আন্তঃমন্ত্ৰালয় পৰামৰ্শ আৰু হিংসামুক্ত গাঁও পদক্ষেপ সন্দৰ্ভত স্বাক্ষৰিত চতুৰ্পক্ষীয় বুজাবুজিৰ চুক্তি (MoU) উন্মোচন কৰা হ’ব।

পোষ্ট কৰা হৈছে: 23 NOV 2026 10:28AM by PIB Guwahati

গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ২০২৬ চনৰ ২৫ নৱেম্বৰত মহিলাৰ বিৰুদ্ধে হিংসা নিৰ্মূলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ৰ লিংগ সমতা অভিযানৰ পঞ্চম সংস্কৰণ ‘নয়ী চেতনা – পেহেল বদলাও কি’ (Nayi Chetna – Pahal Badlav Ki) মুকলি কৰিব। দীনদয়াল অন্ত্যোদয়া যোজনা–ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY-NRLM)-ৰ অধীনত এই এমাহজোৰা কাৰ্যসূচী ২০২৬ চনৰ ২৫ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ সমগ্ৰ দেশতে ৰূপায়ণ কৰা হ’ব।

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ উপস্থিতিত ৰাষ্ট্ৰীয় পৰ্যায়ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্য মন্ত্ৰী শ্ৰী কমলেশ পাছোৱানৰ লগতে অংশগ্ৰহণকাৰী মন্ত্ৰালয়সমূহৰ জ্যেষ্ঠ বিষয়ববীয়া, ৰাজ্য চৰকাৰসমূহৰ প্ৰতিনিধি, উন্নয়নমূলক অংশীদাৰ আৰু সমগ্ৰ দেশৰ সামূহিক প্ৰতিষ্ঠানসমূহৰ মহিলা নেত্ৰীসকলো উপস্থিত থাকিব।

 
এই শুভাৰম্ভণি অনুষ্ঠানটো বিয়লি ৪ বজাত নতুন দিল্লীৰ পুছাস্থিত ভাৰত ৰত্ন চি. সুব্ৰমনিয়ম প্ৰেক্ষাগৃহ, এনএএছচি কমপ্লেক্স, দেৱ প্ৰকাশ শাস্ত্ৰী মাৰ্গ, নতুন দিল্লী – ১১০০১২ত অনুষ্ঠিত হ’ব।

‘নয়ী চেতনা ৫.০’-ৰ মূল বিষয়বস্তু হৈছে “সুযোগ লাভৰ পৰা স্ব-সৱলীকৰণলৈ: বিকশিত ভাৰতৰ বাবে জীৱিকা আৰু সমান সুযোগৰ জৰিয়তে মহিলাসকলৰ সবলীকৰণ”। এই বিষয়বস্তুৱে অৰ্থনৈতিক সবলীকৰণ, জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত অংশগ্ৰহণ আৰু স্বতন্ত্ৰভাৱে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলৰ প্ৰৱেশাধিকাৰ আৰু চলাচলৰ স্বাধীনতাৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে।

পৰস্পৰ সংযুক্ত চাৰিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিশেষ গুৰুত্ব।

‘নয়ী চেতনা ৫.০’-এ মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণক ইয়াৰ কাৰ্যপন্থাৰ কেন্দ্ৰবিন্দু হিচাপে স্থান দিব। ইয়াৰ অধীনত পৰস্পৰ সংযুক্ত চাৰিটা ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। সেইকেইটা হৈছে— অৰ্থনৈতিক অৱদানকাৰী হিচাপে মহিলাসকলক স্বীকৃতি প্ৰদান, সম্পত্তিৰ প্ৰৱেশাধিকাৰ আৰু তাৰ ওপৰত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহিলাসকলৰ স্থিতি শক্তিশালী কৰা, নিৰাপদ চলাচলৰ সুবিধা প্ৰদান কৰা আৰু বিনা পাৰিশ্ৰমিকৰ যত্নমূলক কামৰ দায়িত্বৰ পুনৰ বিতৰণ কৰা।
জীৱিকাৰ সুযোগ, বজাৰ, বিত্তীয় সেৱা, ৰাজহুৱা স্থান আৰু অত্যাৱশ্যকীয় সেৱাসমূহত মহিলাসকলৰ প্ৰৱেশাধিকাৰ সীমিত কৰা তথা তেওঁলোকৰ মুক্ত, নিৰাপদ আৰু স্বতন্ত্ৰ চলাচলৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা সমস্যাসমূহ দূৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব।
এই অভিযানে কেৱল সজাগতা সৃষ্টিৰ মাজতে সীমাবদ্ধ নাথাকি, সমন্বিত পদক্ষেপ গ্ৰহণৰ লগতে মহিলাসকলৰ অৰ্থনৈতিক অংশগ্ৰহণ, আত্ম-সৱলীকৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ ক্ষেত্ৰত জুখিব পৰা উন্নতি সাধনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

অনুষ্ঠানৰ উল্লেখযোগ্য দিশসমূহ

১৫টা মন্ত্ৰালয়/বিভাগক সামৰি যৌথ আন্তঃমন্ত্ৰালয় পৰামৰ্শ


ৰাষ্ট্ৰীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানৰ  এটা উল্লেখযোগ্য দিশ হ’ব ১৫টা মন্ত্ৰালয়/বিভাগক সামৰি প্ৰস্তুত কৰা যুটীয়া আন্তঃমন্ত্ৰালয় পৰামৰ্শাৱলী প্ৰকাশ কৰা। এই পৰামৰ্শাৱলীয়ে সমন্বিত পদক্ষেপ আৰু পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ‘নয়ী চেতনা ৫.০’-ৰ লক্ষ্যসমূহ আগবঢ়াই নিয়াৰ বাবে এক উমৈহতীয়া প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিব।
ইয়াৰ জৰিয়তে মন্ত্ৰালয় আৰু বিভাগসমূহক নিজৰ আঁচনি, কাৰ্যসূচী, প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু তৃণমূল পৰ্যায়ৰ নেটৱৰ্কসমূহক এই অভিযানৰ লক্ষ্যসমূহৰ সৈতে সামঞ্জস্য স্থাপন কৰাৰ বাবে এক কাঠামো প্ৰদান কৰা হ’ব।
বিশেষকৈ মহিলাসকলৰ জীৱিকাৰ সুযোগ, সম্পত্তিৰ ওপৰত অধিকাৰ, বিত্তীয় সেৱা, নিৰাপদ চলাচল, অত্যাৱশ্যকীয় সেৱা আৰু প্ৰতিষ্ঠানিক সহায়-সহযোগিতাৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা আৰু সামূহিক পৰ্যায়ত সমন্বিত পদক্ষেপসমূহ অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰা হ’ব।

হিংসামুক্ত গাঁও পদক্ষেপৰ সন্দৰ্ভত স্বাক্ষৰিত চতুৰ্পক্ষীয় বুজাবুজিৰ চুক্তি (MoU)

এই অনুষ্ঠানত হিংসামুক্ত গাঁও পদক্ষেপ সন্দৰ্ভত স্বাক্ষৰিত চতুৰ্পক্ষীয় বুজাবুজিৰ চুক্তি (MoU) প্ৰকাশ কৰা হ’ব। এই চুক্তিখন গ্ৰামোন্নয়ন মন্ত্ৰালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, ন্যায় বিভাগ আৰু ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ (NALSA)-ৰ মাজত স্বাক্ষৰিত হৈছে।
এই বুজাবুজিৰ চুক্তিখনে সামূহিক পৰ্যায়ত লিংগভিত্তিক হিংসা প্ৰতিৰোধ আৰু ইয়াৰে মোকাবিলা কৰাৰ বাবে সমন্বিত প্ৰতিষ্ঠানিক পদক্ষেপ গ্ৰহণৰ এক কাঠামো প্ৰদান কৰিব।
ইয়াৰ জৰিয়তে সামূহিক প্ৰতিষ্ঠান, আইন সেৱা প্ৰাধিকৰণ আৰু সংশ্লিষ্ট চৰকাৰী ব্যৱস্থাসমূহৰ মাজত পাৰস্পৰিক সমন্বয় অধিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ ভিতৰত আইনী অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টি, ন্যায় লাভৰ সুবিধা, প্ৰতিষ্ঠানিক সহায়-সহযোগিতা আৰু হিংসামুক্ত গাঁও গঢ়ি তোলাৰ দিশত সামূহিক পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

সামূহিক প্ৰতিষ্ঠানসমূহ আৰু মহিলাসকলৰ নেতৃত্বক শক্তিশালী কৰা

দীনদয়াল অন্ত্যোদয়া যোজনা–ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY-NRLM)-ৰ অধীনত থকা আত্মসহায়ক গোট (SHG), গাঁও সংগঠন (VO), ক্লাষ্টাৰ পৰ্যায়ৰ ফেডাৰেচন (CLF), লিংগ সম্পদ কেন্দ্ৰ (GRC) আৰু অন্যান্য সামূহিক প্ৰতিষ্ঠানসমূহৰ বিস্তৃত নেটৱৰ্কে ‘নয়ী চেতনা ৫.০’ ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰিব।
এই শুভাৰম্ভণি অনুষ্ঠানৰ সময়ত সেৱা, প্ৰাপ্য সুবিধা, সহায়-সহযোগিতাৰ ব্যৱস্থা আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ প্ৰৱেশাধিকাৰ সহজ কৰি তোলাৰ উদ্দেশ্যে সামূহিক পৰ্যায়ৰ মঞ্চ হিচাপে নতুন লিংগ সম্পদ কেন্দ্ৰসমূহ উদ্বোধন কৰা হ’ব।
বিভিন্ন ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলা নেত্ৰীসকলে মহিলাসকলৰ সামূহিক পদক্ষেপ আৰু নেতৃত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতা, উদ্ভাৱনীমূলক পদক্ষেপ আৰু দৃষ্টিভংগীসমূহ ব্যক্ত কৰিব।

এই কাৰ্যসূচীত দিনটোৰ ভিতৰতে দুখন আলোচনাচক্ৰৰো আয়োজন কৰা হ’ব।
প্ৰথমখন আলোচনাচক্ৰৰ বিষয়বস্তু হ’ব— “লিংগ সম্পদ কেন্দ্ৰ (GRC), ৱান ষ্টপ চেণ্টাৰ (OSC), আইন সেৱা প্ৰাধিকৰণ (LSA) আৰু স্বাস্থ্য ব্যৱস্থাৰ জৰিয়তে মন্ত্ৰালয়সমূহৰ মাজত সমন্বয় আগবঢ়াই নিয়া”। এই আলোচনাচক্ৰত সংশ্লিষ্ট মন্ত্ৰালয় আৰু প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি মহিলাসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে পাৰস্পৰিক সমন্বয় আৰু সহযোগিতামূলক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব।
দ্বিতীয়খন আলোচনাচক্ৰৰ বিষয়বস্তু হ’ব— “ক্ষেত্ৰ পৰ্যায়ৰ মহিলা নেত্ৰীসকল: অভিজ্ঞতা, উদ্ভাৱনীমূলক পদক্ষেপ আৰু ভৱিষ্যতৰ কৰণীয়”। এই আলোচনাচক্ৰই তৃণমূল পৰ্যায়ৰ মহিলা নেত্ৰীসকলক তেওঁলোকৰ অভিজ্ঞতা আৰু পৰামৰ্শসমূহ ব্যক্ত কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব।

নয়ী চেতনা ৪.০-ৰ মূল্যায়নৰ প্ৰতিবেদন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানত ‘নয়ী চেতনা ৪.০’-ৰ মূল্যায়ন প্ৰতিবেদন প্ৰকাশ কৰা হ’ব। এই প্ৰতিবেদনত পূৰ্বৰ সংস্কৰণটোৰ মূল্যায়ন আৰু ইয়াৰ পৰা লাভ কৰা গুৰুত্বপূৰ্ণ শিক্ষাসমূহ দাঙি ধৰা হ’ব, যিয়ে ভৱিষ্যতৰ অভিযানসমূহৰ পদক্ষেপসমূহ অধিক ফলপ্ৰসূ আৰু শক্তিশালী কৰি তোলাত সহায় কৰিব।

এই কাৰ্যসূচীত ৰাজ্যিক পৰ্যায়ৰ ভিডিঅ’সমূহ প্ৰদৰ্শন কৰাৰ লগতে লিংগ সমতাৰ দিশত সামূহিক নেতৃত্বত গ্ৰহণ কৰা পদক্ষেপ আৰু পদ্ধতিসমূহৰ ওপৰত আলোকপাত কৰি উত্তম অনুশীলনসমূহৰ উপস্থাপন কৰা হ’ব। ইয়াৰ উপৰি, এই অভিযানৰ বাবে প্ৰস্তুত কৰা ভিডিঅ’সমূহো মুকলি কৰা হ’ব।

গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দীনদয়াল অন্ত্যোদয়া যোজনা–ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY-NRLM)-ৰ নেতৃত্বত পৰিচালিত ‘নয়ী চেতনা’ অভিযানে ২০২২ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা লিংগভিত্তিক হিংসা (GBV) প্ৰতিৰোধ, বৈষম্যমূলক সামাজিক ৰীতি-নীতিৰ প্ৰত্যাহ্বান আৰু লিংগ সমতা আগবঢ়াই নিয়াৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি এক সামূহিক আন্দোলনৰ ৰূপ লৈছে।
‘নয়ী চেতনা ৫.০’-ৰ জৰিয়তে মন্ত্ৰালয়ে মহিলাসকলৰ অৰ্থনৈতিক অংশগ্ৰহণ, সুৰক্ষা আৰু স্ব-সৱলীকৰণৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে বিভিন্ন মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, সামূহিক প্ৰতিষ্ঠান আৰু অন্যান্য অংশীদাৰসকলৰ মাজত সামূহিক পদক্ষেপ অধিক শক্তিশালী কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।
এই অভিযানে বৈষম্যমূলক সামাজিক ৰীতি-নীতিৰ প্ৰত্যাহ্বান জনোৱা আৰু সমতা তথা উমৈহতীয়া দায়িত্ববোধৰ প্ৰসাৰৰ ক্ষেত্ৰত পুৰুষ, কিশোৰ আৰু যুৱক-যুৱতীসকলক সক্ৰিয় অংশগ্ৰহণৰ বাবেও উৎসাহিত কৰিব।


 

 

PU/SD


(ৰিলিজ আই ডি : 2340333) অতিথি কক্ষ : 12