যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

সংবিধান দিৱস উপলক্ষে ‘মাই ভাৰত’ ৰ উদ্যোগত যুৱ সংবাদ; ‘বিকশিত ভাৰত@২০৪৭’ শীৰ্ষক কাৰ্যসূচী ৩০খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৬০০ৰো অধিক জিলাত ৰূপায়ণৰ পৰিকল্পনা

ভাৰতৰ সাফল্য, সাংবিধানিক মূল্যবোধ আৰু ৰাষ্ট্ৰ নিৰ্মাণত যুৱ সমাজৰ ভূমিকা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ ব্যাপক অংশগ্ৰহণ; কাৰ্যসূচীত সামূহিকভাৱে সংবিধানৰ প্ৰস্তাৱনা পাঠ

পোষ্ট কৰা হৈছে: 23 NOV 2026 1:00PM by PIB Guwahati

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে মেৰা যুৱ ভাৰত (‘মাই ভাৰত’) ৰ জৰিয়তে সংবিধান দিৱস উপলক্ষে অহা ২৪ৰ পৰা ২৬ নৱেম্বৰলৈ ‘বিকশিত ভাৰত যুৱ সংবাদ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিব। ৩০খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৬০০ৰো অধিক জিলাৰ ৫০০তকৈও অধিক মহাবিদ্যালয়ত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। দেশৰ উন্নয়নৰ যাত্ৰা, সাফল্য আৰু ভৱিষ্যতৰ আকাংক্ষাৰ সৈতে ১৫ৰ পৰা ২৯ বছৰ বয়সৰ কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলক সংযুক্ত কৰাৰ লগতে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণৰ বাবে তেওঁলোকক অনুপ্ৰাণিত কৰাই হৈছে এই ৰাষ্ট্ৰজোৰা পদক্ষেপৰ লক্ষ্য।

 

সংবিধান দিৱসৰ তাৎপৰ্যৰ সৈতে সংগতি ৰাখি বিভিন্ন শিক্ষানুষ্ঠানৰ অংশগ্ৰহণকাৰীসকলে সামূহিকভাৱে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰিব। ইয়াৰ জৰিয়তে সংবিধানত সন্নিৱিষ্ট মূল্যবোধ আৰু আদৰ্শৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰা হ’ব। লগতে, এই কাৰ্যসূচীয়ে মত-বিনিময় আৰু সজাগতামূলক অধিৱেশনৰ জৰিয়তে যুৱ সমাজৰ সৈতে সংযোগ স্থাপনৰ এখন ৰাষ্ট্ৰজোৰা মঞ্চ আগবঢ়াব। ইয়াৰ দ্বাৰা ভাৰতৰ অগ্ৰগতি, সম্ভাৱনা আৰু দেশৰ ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষেত্ৰত যুৱ সমাজৰ ভূমিকা সন্দৰ্ভত চিন্তা-চৰ্চাৰ বাবে তেওঁলোকক উৎসাহিত কৰা হ’ব।

 

তৃণমূল পৰ্যায়ত এই লক্ষ্যক অৰ্থপূৰ্ণ অংশগ্ৰহণলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত যুৱ সমাজৰ বিশিষ্ট আদৰ্শ ব্যক্তিসকলে  বিশেষ অধিৱেশন পৰিচালনা কৰিব। এই অধিৱেশনসমূহৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে যুৱ সমাজৰ প্ৰতিগৰাকী আদৰ্শ ব্যক্তিয়ে ‘বিকশিত ভাৰত@২০৪৭’ শীৰ্ষক বিষয়বস্তুৰ আধাৰত বিশেষভাৱে প্ৰস্তুত কৰা উপস্থাপন আগবঢ়াব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ উন্নয়নৰ যাত্ৰা, শেহতীয়া বছৰসমূহৰ সাফল্য আৰু ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ আকাংক্ষাৰ বিষয়ে অৱগত কৰোৱা হ’ব।

 

এই উপস্থাপনত দৰিদ্ৰতা হ্ৰাস আৰু আৰ্থ-সামাজিক ৰূপান্তৰৰ ক্ষেত্ৰত দেশৰ অগ্ৰগতিৰ লগতে সৰ্বাংগীণ উন্নয়ন আৰু কল্যাণমূলক পদক্ষেপৰ জৰিয়তে লাখ লাখ লোকৰ জীৱন-জীৱিকাৰ মান উন্নত কৰাৰ প্ৰচেষ্টাসমূহত আলোকপাত কৰা হ’ব। ইয়াৰ উপৰি, নক্সালবাদৰ সৈতে মুখামুখি হোৱা, পূৰ্বে নক্সালবাদৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহত শান্তি পুনৰুদ্ধাৰ আৰু উন্নয়নৰ অনুকূল পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতিও দাঙি ধৰা হ’ব।

 

একেদৰে, এখন সুস্থ, সবল আৰু নিচামুক্ত সমাজ গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰা হ’ব। নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰে ব্যক্তিৰ সম্ভাৱনা, পাৰিবাৰিক কল্যাণ, সামাজিক অগ্ৰগতি আৰু ৰাষ্ট্ৰীয় উৎপাদনশীলতাত কেনেদৰে নেতিবাচক প্ৰভাৱ পেলায়, সেই বিষয়তো আলোকপাত কৰা হ’ব। উপস্থাপনত এই কথা স্পষ্ট কৰা হ’ব যে ‘নিচামুক্ত ভাৰত’ৰ লক্ষ্য অবিহনে ‘বিকশিত ভাৰত@২০৪৭’ৰ সপোন বাস্তৱায়িত কৰাটো সম্ভৱ নহয় আৰু এই ৰূপান্তৰ সাধনত যুৱ সমাজৰ ভূমিকা হ’ব নিৰ্ণায়ক।

 

এই মত-বিনিময়সমূহক অধিক অৰ্থপূৰ্ণ কৰি তুলিবলৈ পদ্ম বঁটাপ্ৰাপকসকলেও ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰিব। তেওঁলোকে নিজৰ জীৱনযাত্ৰা, ব্যক্তিগত অভিজ্ঞতা আৰু উপলব্ধি বিনিময় কৰাৰ লগতে অতিক্ৰম কৰা প্ৰত্যাহ্বান, অৰ্জন কৰা সফলতা আৰু জীৱনযাত্ৰাত বাট দেখুওৱা মূল্যবোধসমূহৰ বিষয়ে অৱগত কৰিব। এই মত-বিনিময়ে যুৱ অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ অভিজ্ঞতাৰ পৰা প্ৰেৰণা লাভ কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়োৱাৰ ক্ষেত্ৰত নিষ্ঠা, অধ্যৱসায় আৰু দায়বদ্ধতাৰ গুৰুত্ব উপলব্ধি কৰাৰ সুযোগ প্ৰদান কৰিব।

 

এই পদক্ষেপৰ প্ৰেৰণা লাভ কৰা হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰদান কৰা ভাষণত ব্যক্ত কৰা দৃষ্টিভংগীৰ পৰা। সেই ভাষণত তেওঁ ‘বিকশিত ভাৰত@২০৪৭’ৰ লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যুৱশক্তিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছিল। ৰাষ্ট্ৰ নিৰ্মাণৰ অন্যতম চালিকাশক্তি হিচাপে অমৃত প্ৰজন্ম (Amrit Peedhi)ক স্বীকৃতি প্ৰদান কৰি এই কাৰ্যসূচীৰ জৰিয়তে যুৱ সমাজৰ শক্তি আৰু নেতৃত্বৰ গুণক ৰাষ্ট্ৰীয় লক্ষ্য পূৰণৰ দিশত পৰিচালিত কৰাৰ প্ৰয়াস কৰা হৈছে।

 

‘বিকশিত ভাৰত@২০৪৭’ৰ দৃষ্টিভংগীক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ‘মাই ভাৰত’ প’ৰ্টেল (mybharat.gov.in)-এ পঞ্জীয়ন আৰু কাৰ্যসূচী সম্পৰ্কীয় বিভিন্ন কাম-কাজৰ বাবে ডিজিটেল মঞ্চ হিচাপে কাম কৰিব। ইয়াৰ জৰিয়তে যুৱ সমাজৰ অধিক ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে তেওঁলোকক ‘মাই ভাৰত’-ৰ ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হ’ব। প্ৰতিষ্ঠানভিত্তিক প্ৰচাৰ আৰু ডিজিটেল সংযোগৰ সমন্বয়ে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলৰ বাবে অংশগ্ৰহণৰ সুযোগ সম্প্ৰসাৰিত কৰাৰ লগতে অৰ্থপূৰ্ণ স্বেচ্ছাসেৱামূলক কাম-কাজত জড়িত হ’বলৈ তেওঁলোকক উৎসাহিত কৰিব।

 

এই কাৰ্যসূচীৰ জৰিয়তে অংশগ্ৰহণকাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ সৈতে দীৰ্ঘম্যাদী প্ৰতিষ্ঠানিক সম্পৰ্কও গঢ়ি তোলা হ’ব। পৰৱৰ্তী সময়ত এই শিক্ষানুষ্ঠানসমূহত ‘মাই ভাৰত চেপ্টাৰ’ স্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ জৰিয়তে যুৱ সমাজৰ সৈতে ধাৰাবাহিক সংযোগ, স্বেচ্ছাসেৱামূলক কাৰ্যকলাপৰ প্ৰসাৰ আৰু ‘মাই ভাৰত’-ৰ ভৱিষ্যতৰ পদক্ষেপসমূহ ৰূপায়ণত সহায় কৰা হ’ব। এনে ব্যৱস্থাই কাৰ্যসূচীটোৰ পৰিসৰ অতিক্ৰম কৰিও অংশগ্ৰহণ, নেতৃত্ব আৰু সেৱাৰ মনোভাৱ আগবঢ়াই নিব পৰা সামাজিকভাৱে দায়বদ্ধ আৰু উৎসাহী যুৱ নাগৰিকৰ নেটৱৰ্ক গঢ়ি তোলাত সহায় কৰিব।

 

‘বিকশিত ভাৰত যুৱ সংবাদ’ৰ জৰিয়তে ‘মাই ভাৰত’-এ অমৃত প্ৰজন্মৰ শক্তি, চিন্তা-চৰ্চা আৰু সম্ভাৱনাক ‘বিকশিত ভাৰত@২০৪৭’ৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ দিশত পৰিচালিত কৰাৰ প্ৰয়াস কৰিছে। এখন বিকশিত ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশৰ দিশত ভাৰতৰ যাত্ৰা সৰ্বাংগীণ বিকাশ, সামাজিক ৰূপান্তৰ, শান্তি আৰু নিৰাপত্তা তথা নাগৰিকৰ সবলীকৰণৰ ওপৰত প্ৰতিষ্ঠিত। নিচামুক্ত ভাৰত কেৱল এটা সামাজিক আকাংক্ষাই নহয়, বৰঞ্চ প্ৰতিগৰাকী যুৱ নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ দাবী কৰা ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তা। ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সমাজ’  শীৰ্ষক বাৰ্তাৰে এই কাৰ্যসূচীয়ে সজাগতাক কৰ্মলৈ, মত-বিনিময়ক সংকল্পলৈ আৰু যুৱ সমাজৰ অংশগ্ৰহণক পৰিৱৰ্তনৰ ৰাষ্ট্ৰজোৰা আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।

 

এই সংবিধান দিৱসত ‘মাই ভাৰত’-এ দেশৰ যুৱ সমাজক একত্ৰিত হৈ সংবিধানৰ প্ৰস্তাৱনা সামূহিকভাৱে পাঠ কৰিবলৈ, সংবিধানত সন্নিৱিষ্ট আদৰ্শৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰিবলৈ আৰু এখন সুস্থ, শক্তিশালী তথা নিচামুক্ত ভাৰতৰ সপক্ষে নিজৰ কণ্ঠ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ যাত্ৰা কেৱল যুৱ সমাজৰ আকাংক্ষাৰ দ্বাৰাই নহয়, বৰঞ্চ তেওঁলোকে আজি গ্ৰহণ কৰা সিদ্ধান্ত আৰু কাৰ্যকলাপৰ দ্বাৰাও নিৰ্ধাৰিত হ’ব।

 

পঞ্জীয়ন, কাৰ্যসূচীৰ শেহতীয়া তথ্য আৰু ‘মাই ভাৰত’-ৰ বিভিন্ন পদক্ষেপত অংশগ্ৰহণৰ সুযোগৰ বাবে www.mybharat.gov.in ৱেবছাইট পৰিদৰ্শন কৰিব পাৰে।

*****

Gaurav Saini/UD


(ৰিলিজ আই ডি : 2340327) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: Urdu , English , हिन्दी , Nepali , Gujarati , Kannada , Malayalam